ক্ৰীড়া প্ৰতিভাৰ সন্ধানত গোলাঘাট কমাৰবন্ধাত আজিৰে পৰা আৰম্ভ হৈছে ভলীবল প্ৰশিক্ষণ শিৱিৰ।
কমাৰবন্ধা ক্ৰীড়া সন্থাৰ উদ্যোগত যুৱক- যুৱতীসকলৰ বাবে নিয়মীয়াকৈ আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিৱিৰটো উদ্ধোধন কৰে অসম ভলীবল সন্থাৰ যুটীয়া সম্পাদক প্ৰকাশ বৰাই।
কমাৰবন্ধা উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণ শিৱিৰত পুৱা ৫-৩০ বজাৰ পৰা ৭-৩০ লৈ আৰু আবেলি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
আজি শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে কমাৰবন্ধা ক্ৰীড়া সন্থাৰ সভাপতি লোকেন্দ্ৰ নাথ বৰা ,উপ সভাপতি ডা: পদ্ম বৰা,কাৰ্যকৰী সভাপতি হৰেন বৰা ,প্ৰাক্তন খেলুৱৈ শিৱ বৰুৱা,সম্পাদক প্ৰিয়ব্ৰত শইকীয়াকে প্ৰমুখ্যে কৰি বহুকেইজন গণ্য-মান্য ব্যক্তি।
আগ্ৰহী খেলুৱৈ সকলক সবিশেষ জানিবৰ বাবে ৭০০২১৯৩৬১৯ আৰু ৯৬৭৮৩৪৮৭০৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।