• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সৰিয়হৰ ডলিতে ভোট! ঘোচ লৈ ৰায় দিয়াৰ অভিযোগ হাইকোর্টৰ ন্যায়াধীশৰ বিৰুদ্ধে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2026 12:17 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ তুঘলক ক্ৰিছেণ্টৰ ৩০ নম্বৰ চৰকাৰী বাংলোটোত ২০২৫ চনৰ ১৪ মাৰ্চৰ নিশা সংঘটিত অগ্নিকাণ্ডই এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আনিছিল। জুই নুমুৱাবলৈ অহা অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীয়ে ষ্টোৰৰুমৰ ভিতৰত ৫০০ টকাৰ জ্বলি যোৱা নোটৰ বৃহৎ স্তূপ দেখা পাইছিল। এই ঘটনাই দেশৰ ন্যায় ব্যৱস্থাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

ঘটনাৰ তদন্তৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গঠন কৰা তিনিজনীয়া ন্যায়িক তদন্ত সমিতিয়ে অৱশেষত প্ৰতিবেদন দাখিল কৰিছে। প্ৰতিবেদনত কোৱা হৈছে যে তেতিয়াৰ দিল্লী হাইকোর্টৰ ন্যায়াধীশ তথা পিছত এলাহাবাদ হাইকোর্টলৈ বদলি হোৱা ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে উত্থাপিত তিনিওটা অভিযোগ তদন্তত সত্য প্ৰমাণিত হৈছে।

Apply Now

অগ্নিকাণ্ডৰ পিছৰে পৰা ন্যায়াধীশ বাৰ্মাই দাবী কৰি আহিছিল যে ষ্টোৰৰুমটো তেওঁৰ নিয়ন্ত্ৰণত নাছিল আৰু অগ্নিকাণ্ডৰ সময়ত তেওঁ তাত উপস্থিতো নাছিল। কিন্তু তদন্ত সমিতিয়ে তেওঁৰ এই দাবী গ্ৰহণ কৰা নাই। প্ৰতিবেদন অনুসৰি, যিটো স্থানৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হৈছিল, সেই স্থান ন্যায়াধীশগৰাকীৰ প্ৰাতিষ্ঠানিক আৰু প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ ভিতৰত আছিল।

তদন্ত সমিতিয়ে উল্লেখ কৰিছে যে ষ্টোৰৰুমত কেইখনমান নোট নহয়, বৰং নগদ টকাৰ বান্ধ আৰু স্তূপ আছিল। কিন্তু এই বিপুল পৰিমাণৰ টকা ক’ৰ পৰা আহিছিল, ইয়াৰ মালিক কোন আছিল বা কিয় সেই স্থানত টকা ৰখা হৈছিল, সেই সন্দৰ্ভত ন্যায়াধীশগৰাকীয়ে কোনো সন্তোষজনক উত্তৰ দিব পৰা নাছিল। তদন্ত সমিতিয়ে তেওঁৰ উত্তৰক অসম্পূৰ্ণ আৰু বিভ্ৰান্তিকৰ বুলি উল্লেখ কৰিছে।

অৱশ্যে টকাৰ উৎসৰ লগতে অগ্নিকাণ্ডৰ পিছৰ ঘটনাক্ৰমক লৈও ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। তদন্ত প্ৰতিবেদন অনুসৰি, জুই নুমুৱাৰ পিছত ষ্টোৰৰুমটো তৎক্ষণাত ছীল কৰি সুৰক্ষিত কৰা হোৱা নাছিল। প্ৰথমে ঘটনাস্থললৈ অহা কৰ্মীসকল আঁতৰি যোৱাৰ পিছতে ঘৰটো ততাতৈয়াকৈ পৰিষ্কাৰ কৰা হৈছিল।

পিছত যেতিয়া আনুষ্ঠানিকভাৱে সেই স্থান পৰিদৰ্শন কৰা হৈছিল, তেতিয়ালৈ ষ্টোৰৰুমত থকা বৃহৎ পৰিমাণৰ নগদ ধন নোহোৱা হৈছিল। তদন্তৰ সময়ত ন্যায়াধীশগৰাকীৰ ব্যক্তিগত সচিব ৰাজিন্দৰ সিং কাৰ্কি আৰু গৃহকৰ্মী মহম্মদ ৰাহিলৰ উপস্থিতিৰ তথ্য পোৱা গৈছিল। অৱশ্যে ন্যায়াধীশ যশৱন্ত বাৰ্মাই নিজে সেই টকা আঁতৰাইছিল নেকি, সেই বিষয়ে তদন্ত সমিতিয়ে কোনো চূড়ান্ত সিদ্ধান্ত দিয়া নাই।

সেই নিশা ষ্টোৰৰুমত প্ৰকৃততে কিমান টকা আছিল, তাৰ সঠিক হিচাপ এতিয়া জনা নাযায়। কাৰণ উদ্ধাৰ হোৱা নগদ ধন আনুষ্ঠানিকভাৱে বাজেয়াপ্ত, গণনা বা নথিভুক্ত কৰা হোৱা নাছিল। ন্যায়াধীশগৰাকীৰ পক্ষৰ পৰা টকা ষড়যন্ত্ৰ কৰি তাত ৰখা হৈছিল বুলি কৰা দাবীৰ সমৰ্থনত কোনো প্ৰমাণ বা সাক্ষীও দাখিল কৰিব পৰা হোৱা নাছিল।

ইফালে, ঘটনাৰ পিছত ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে সংসদত অপসাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ মুকলি হৈছিল। অৱশেষত সংসদীয় অপসাৰণৰ সন্মুখীন হোৱাৰ সময়তে তেওঁ এলাহাবাদ হাইকোর্টৰ ন্যায়াধীশৰ পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ ফলত সংসদীয় প্ৰক্ৰিয়াৰে তেওঁক অপসাৰণ কৰাৰ বিষয়টোও শেষ হৈ যায়।

এই ঘটনাক কোনো ফৌজদাৰী আদালতৰ শাস্তি বুলি ক’ব নোৱাৰি। কিন্তু দেশৰ উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ চৰকাৰী বাসগৃহৰ ষ্টোৰৰুমত বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ হোৱা, সেই ধনৰ উৎসৰ সন্তোষজনক ব্যাখ্যা নোপোৱা আৰু পিছত নগদ ধন নোহোৱা হৈ যোৱা ঘটনাই দেশৰ ন্যায় ব্যৱস্থাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতাক লৈ এক গভীৰ প্ৰশ্ন উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am
এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

এংজাইটি নে হাৰ্ট এটেক? দুয়োটাৰে লক্ষণ প্ৰায় একেই, জানক কেনেকৈ বুজিব পাৰ্থক্য

September 4, 2026 7:24 am
শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd