DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনপ্ৰিয় সংগীত পৰিচালক ৱাজিদ খানৰ কোভিড-১৯ত মৃত্যু; শোকস্তব্ধ বলীউদ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2020 7:39 am
wazid-khan-RIP

সংগীত শিল্পী ৱাজিদ খান।

4.9k
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ প্ৰসিদ্ধ তথা জনপ্ৰিয় সংগীত পৰিচালক ৱাজিদ খানৰ পৰলোকপ্ৰাপ্তি ঘটিছে। দেওবাৰে ৱাজিদ খানৰ মৃত্যুৰ বাতৰিয়ে বলীউদক শোকস্তব্ধ কৰি তুলিছে।

বলীউদত চাজিদ-ৱাজিদ যুটীৰ অন্যতম ৱাজিদ খানৰ মৃত্যুৰ বাতৰিয়ে ছবিজগতৰ বিশিষ্ট ব্যক্তিৰ লগতে তেওঁৰ অনুৰাগীসকলকো ব্যথিত কৰিছে।

বাতৰি অনুসৰি, ৱাজিদ খান কিডনীৰ ৰোগত ভূগি আছিল আৰু তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পাছত তেওঁক মুম্বাইৰ এখন হাস্পাতলত ভৰ্তি কৰা হয়।

৪২বৰ্ষীয় ৱাজিদ খানৰ কেইমাহমান পূৰ্বে কিডনী ট্ৰান্সপ্লেন্ট কৰা হৈছিল।

তেওঁৰ স্বাস্থ্য সুস্থ নাছিল আৰু কেইদিনমান পূৰ্বে তেওঁৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

দেওবাৰে সন্ধিয়া তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু চিকিৎসকে আপ্ৰাণ চেষ্টা কৰিও তেওঁক বচাব নোৱাৰিলে।

জানিব পৰা মতে, কিডনীৰ সমস্যাৰ বাবে তেওঁৰ ইম্যুনিটি লেভেল বহুত হ্ৰাস পাই গৈছিল।

সংগীত শিল্পীগৰাকীৰ মৃত্যুত বিশিষ্ট সংগীতকাৰ চেলিম মাৰ্চেন্ট, অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাকে ধৰি বিভিন্ন জনে শোক প্ৰকাশ কৰি টুইট কৰিছে।

প্ৰিয়ংকা চোপ্ৰাই টুইট কৰি ৱাজিদ খানৰ মৃত্যু এক অত্যন্ত দুখজনক খৱৰ বুলি কোৱাৰ লগতে কয়,’’এটা কথা মোৰ সদায় মনত থাকিব সেয়া হৈছে ৱাজিদ ভাইৰ হাঁহিটো।সদায়েই মিচিকয়াই থাকিছিল। বহুত সোনকালে গুচি গ’ল।‘’

Terrible news. The one thing I will always remember is Wajid bhai's laugh. Always smiling. Gone too soon. My condolences to his family and everyone grieving. Rest in peace my friend. You are in my thoughts and prayers.@wajidkhan7

— PRIYANKA (@priyankachopra) May 31, 2020

উল্লেখযোগ্য যে চাজিদ-ৱাজিদৰ যুটীয়ে চলমান খানৰ বাবে বিশেষভাৱে সংগীত ৰচনা কৰিছিল।

চলমান খনৰ দাবাং ছবিখনৰ সংগীতে সকলোৰে মন চুই গৈছিল আৰু ই জনপ্ৰিয়তাৰ শিখৰত আৰোহন কৰিছিল।

চাজিদ-ৱাজিদে ১৯৯৮চনত চলমান খানৰ ছবি ‘’প্যাৰ কিয়া তো ডৰনা কিয়া’’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

ইয়াৰ পাছতে যুটীটোৱে এখনৰ পাছত আনখন হিট ছবিৰ সংগীত ৰচনা কৰিছিল। তাৰ ভিতৰত চোৰি চোৰি, হেল্ল ব্ৰাদাৰ, মুঝছে চাদী কৰোগী, পাৰ্টনাৰ, ৱান্টেড, দাবাঙৰ দৰে ছবি আছিল।

২০০৮চনত পাৰ্টনাৰ ছবিখনত ৱাজিদ খানে গায়ক হিচাপে কণ্ঠদান কৰিছিল।

Recent News

Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd