• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৱাল ষ্ট্ৰীটত বিৰাট পতন! কোভিডৰ পিছত প্ৰথমবাৰৰ বাবে আমেৰিকাত মুদ্ৰাস্ফীতিৰ আশংকা; তথাপি নিৰুদ্বেগ ট্ৰাম্প

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 4, 2025 11:52 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱাল ষ্ট্ৰীটত আমেৰিকাৰ শ্বেয়াৰ বজাৰত বিৰাট পতন ঘটিছে। এয়া কোভিড অতিমাৰীৰ পিছত আমেৰিকাৰ অৰ্থনীতিত প্ৰথমটো বৃহৎ আঘাত। অৱশ্যে আমেৰিকাৰ অৰ্থনীতি পুনৰ উত্থান হ’ব বুলি দাবী কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে। নিৰ্বিকাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইংগিতো দিছে যে তেওঁ ছুটিৰ দিনটো নিজৰ ফ্ল’ৰিডাৰ গ’ল্ফ ৰিজ’ৰ্টত কটাব।

পৰিসংখ্যা অনুসৰি এছ এণ্ড পি ৫০০ ৪.৮ শতাংশ হ্ৰাস পাইছে, যিটো ২০২০ চনৰ পিছত ইয়াৰ সৰ্ববৃহৎ লোকচান। টেক-হেভি নাছডাক ৬ শতাংশ আৰু ডাউ জ’নছ ৪.০ শতাংশ হ্ৰাস পাইছে।

Apply Now

অৱশ্যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প এইবোৰ কথা ভাবিবলৈ একেবাৰেই ইচ্ছুক নহয়। তেওঁ ইংগিত দিছে যে তেওঁ ছুটিৰ দিনটো তেওঁৰ ফ্ল’ৰিডাৰ গ’ল্ফ ৰিজ’ৰ্টত কটাব। তেওঁ কয়, “ডোনাল্ড ট্ৰাম্পৰ ওপৰত বিশ্বাস ৰাখক। আমেৰিকাৰ অৰ্থনীতিৰ ভেটি অতি শক্তিশালী, আৰু ই অধিক শক্তিশালী হৈছে।”

৭৮ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে ব্যাপক অৰ্থনৈতিক পুনৰ্গঠনৰ জৰিয়তে আমেৰিকাক বিদেশী উৎপাদকৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰা মুক্ত কৰিব বিচাৰিছে।  যাক তেওঁ এক চিকিৎসা পদ্ধতিৰ সৈতে তুলনা কৰিছে।

ৱাল ষ্ট্ৰীটৰ পতনৰ সন্দৰ্ভত ট্ৰাম্পে কয়, “এইটোৱেই আশা কৰা হৈছিল। ৰোগী অতি অসুস্থ আছিল। অৰ্থনীতিত বহু সমস্যা আছিল। অস্ত্ৰোপচাৰ কৰা হৈছে। ধৈৰ্য্য ধৰক, আমেৰিকাৰ অৰ্থনীতিত বৃদ্ধি ঘটিব, যিটো দেখি আচৰিত হ’ব।”

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যকালত আমেৰিকাৰ শুল্ক নীতি আমূলভাৱে সলনি কৰিছে ট্ৰাম্পে। পাৰস্পৰিক শুল্ক ঘোষণা কৰা হৈছে। অৰ্থাৎ আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰা দেশসমূহৰ ওপৰতো একে পৰিমাণৰ শুল্ক আৰোপ কৰা হৈছে। এই ক্ষেত্ৰত আমেৰিকাৰ স্বাৰ্থ বিবেচনা কৰিছে ট্ৰাম্প প্ৰশাসনে।

বুধবাৰৰ পৰা আমেৰিকা প্ৰশাসনে ভিয়েটনামী সামগ্ৰীৰ ওপৰত ৪৫ শতাংশ, থাইলেণ্ডৰ সামগ্ৰীৰ ওপৰত ৩৬ শতাংশ, চীনৰ সামগ্ৰীৰ ওপৰত ৩৪ শতাংশ, ইউৰোপীয় সংঘৰ সামগ্ৰীৰ ওপৰত ২০ শতাংশ, দক্ষিণ কোৰিয়াৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ, টাইৱানৰ সামগ্ৰীৰ ওপৰত ৩২ শতাংশ, ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৬ শতাংশ আৰু জাপানৰ সামগ্ৰীৰ ওপৰত ২৪ শতাংশ শুল্ক আৰোপ কৰিছে। কিন্তু যিবোৰ সামগ্ৰীৰ বাবে আমেৰিকা আন দেশৰ ওপৰত নিৰ্ভৰশীল সেইবোৰৰ ওপৰত শুল্ক আৰোপ কৰা হোৱা নাই।

বুধবাৰে ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে বিভিন্ন দেশে আমেৰিকাৰ সৈতে আলোচনাত মিলিত হ’বলৈ আগ্ৰহী। অৱশ্যে আমেৰিকাৰ সামগ্ৰীৰ ওপৰতো প্ৰতিশোধমূলক শুল্ক আৰোপৰ কথা সকীয়াই দিছে।

ট্ৰাম্পৰ নতুন নীতি অনুসৰি প্ৰায় প্ৰতিখন দেশৰ ওপৰত নূন্যতম ১০ শতাংশ শুল্ক আৰোপ কৰা হৈছে। আমেৰিকালৈ ৰপ্তানি কৰা গাড়ীৰ ওপৰতো শুল্ক আৰোপ কৰা হৈছে। কানাডাইও প্ৰত্যাৰোপ কৰিছে। আমেৰিকাৰ গাড়ীৰ ওপৰত ২৫ শতাংশ শুল্কৰো ঘোষণা কৰে।

বিভিন্ন বহুজাতিক কোম্পানীয়ে অন্য দেশত গাড়ী উৎপাদন বন্ধ কৰি দিছে। বহু বিনিয়োগকাৰীয়ে সোণ কিনা বন্ধ কৰি ভৱিষ্যতৰ বাবে নিৰাপদ কিবা এটা কিনিবলৈ বিচাৰিছে। ডলাৰৰ মূল্য হ্ৰাসে আমেৰিকাৰ নাগৰিকৰ মনত উদ্ৰেক বৃদ্ধি কৰিছে। ইয়াৰ ফলত অনাগত দিনত আমেৰিকাই মুদ্ৰাস্ফীতিৰ সন্মুখীন হ’ব পাৰে বুলি আশংকা বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm
হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

June 9, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd