• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাগ্যৰ বিড়ম্বনা: ৫৪ দিন ধৰি দিল্লী বিমানবন্দৰত আৱদ্ধ হৈ আছে এজন জাৰ্মানীৰ অপৰাধী ব্যক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2020 2:19 pm
delhi-coronavirus-lockdown-day-47_d72e6a50-9301-11ea-80d7-183d6ba34199 new

ফটো: হিন্দুস্তান টাইমছৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত চলি থকা অনিশ্চিত সংকটৰ মাজতে যোৱা ৫৪দিন ধৰি দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰৰ ট্ৰেঞ্জিট এলেকাত বাস কৰি আছে এজন মধ্যবয়সীয়া অপৰাধী জাৰ্মান ব্যক্তি।

যোৱা ১৮ মাৰ্চৰ পৰা আৱদ্ধ হৈ পৰা অপৰাধীজনৰ ঘটনা পোহৰলৈ অহাৰ পাছত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Apply Now

চল্লিশ বছৰীয়া এডগাৰ্ড জিয়েবেটে যোৱা ১৮ মাৰ্চত ইস্তানবুল অভিমুখী এজন ট্ৰেঞ্জিট পেছেঞ্জাৰ হিচাপে ভিয়েটনামৰ পৰা  ভিয়েট জেট বিমানেৰে আহি নতুন দিল্লীত উপস্থিতি হৈছিল।

লোকজনৰ ভাগ্যৰ বিড়ম্বনা যে সেই দিনাখনেই ভাৰতে তুৰ্কীৰ পৰা অহা যোৱা কৰা সকলো বিমানৰ চলাচল বাতিল কৰিছিল।

তেওঁ হানৈলৈ যোৱাৰ পথত দিল্লীত উপস্থিত হৈছিল।

দেশত কৰ’না ভাইৰাছৰ বাবে ২৫ মাৰ্চত বলবৎ কৰা কঠোৰ লকডাউনৰ চাৰিদিন পাছতে ভাৰতে সকলো আন্তৰ্জাতিক বিমানৰ চলাচল বাতিল কৰে।

আন্তৰ্জাতিক বিমান বাতিল হোৱাৰ বাবে কেইবাজনো যাত্ৰী দিল্লী বিমানবন্দৰত আৱদ্ধ হৈ পৰিছিল যদিও জিয়েবেটৰ ঘটনাটো আছিল ব্যতিক্ৰম।

বিমানবন্দৰ কৰ্তৃপক্ষই জাৰ্মান দূতাবাসৰ সৈতে যোগাযোগ কৰাত তেওঁলোকে জাৰ্মানীত থকা তেওঁৰ অপৰাধমূলক ৰেকৰ্ডৰ বাবে জিম্মাত ল’বলৈ অস্বীকাৰ কৰে।

ইয়াৰ বাবে ভাৰতেও তেওঁক ভিছা প্ৰদান নকৰিলে।

হিন্দুস্তান টাইমছে প্ৰকাশ কৰা বাতৰি অনুসৰি, জিয়েবেটৰ লগতে আৱদ্ধ হৈ পৰা আন দেশৰ যাত্ৰীকেইজনক সংশ্লিষ্ট দেশৰ দূতাবাসসমূহে চমজি লৈ কোৱাৰেন্টাইন কৰে।

কিন্তু জাৰ্মান দূতাবাসে জিয়েবেটৰ দেশখনত থকা অপৰাধমূলক গোচৰৰ বাবে  দায়িত্ব ল’বলৈ অস্বীকাৰ কৰে।

বিমানবন্দৰ কৰ্তৃপক্ষই দিল্লী আৰক্ষী আৰু দিল্লী ইন্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট লিমিটেডকো পৰিসস্থিতিটো অৱগত কৰে।

বাতৰি অনুসৰি, জাৰ্মান দূতাবাসে ঘটনাটো সম্পৰ্কত কৰা কলসমূহ তথা বাৰ্তাসমূহৰ সঁহাৰি দিয়া নাছিল।

তেওঁৰ অপৰাধমূলক ৰেকৰ্ডৰ কথা জনোৱাৰ পাছত ভাৰতে জিয়েবেটক ভিছা প্ৰদান কৰি বিমানবন্দৰ এৰাৰ বাবে অনুমতি দিব পৰা নাছিল।

আনহাতে, জিয়েবেটেও আনুষ্ঠানিকভাৱে ভাৰতৰ ভিছাৰ বাবে আবেদন কৰা নাই।

ভাৰতত এগৰাকী আন্তৰাষ্ট্ৰীয় যাত্ৰীয়ে ট্ৰেঞ্জিট এলেকা ত্যাগ কৰিবলৈ ভাৰতীয় ভিছা লোৱা প্ৰয়োজন আৰু সাধাৰণতে তাত এদিনৰ বাবেহে থাকিব পাৰে।

জিয়েবেট যোৱা ১৮ মাৰ্চৰ পৰা তেওঁৰ টালি-টোপোলাৰে সৈতে টাৰ্মিনেলতে আছে।

হিন্দুস্তান টাইমছে এগৰাকী বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰিটোত কোৱা হৈছে যে তেওঁ এতিয়া বাতৰিকাকত-আলোচনী পঢ়ি, ফোনত পৰিয়ালৰ সৈতে কথা পাতি, টাৰ্মিনেলত এতিয়া খোলা থকা ষ্টলৰ ফাষ্ট ফুড খাই তথা তাত কৰ্মৰত কৰ্মচাৰীসকলৰ সৈতে কথা-বতৰা পাতি সময় পাৰ কৰিছে।

তেওঁক আনকি বুনিয়াদী প্ৰয়োজনীয় এখন বিচনা, আঠুৱা, টুথপেষ্ট, খাদ্য আদিও যোগান ধৰা হৈছে।

তেওঁ দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষক জনাইছে যে তেওঁ ট্ৰেঞ্জিট এলেকাত অকলে আছে আৰু তেওঁৰ থৰচ নিজেই বহন কৰিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd