• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাঘজানৰ জুই সম্পূর্ণকৈ নির্বাপিত কৰিবলৈ আৰু আঠ সপ্তাহ সময় বিচাৰিলে অইলে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 30, 2020 4:11 pm

2 min read

De
312
VIEWS
Share on FacebookShare on Twitter

আজিও জ্বলি আছে বাঘজানৰ তৈল খাদৰ জুই।

যোৱা ৯ জুনত বিস্ফোৰণ সংঘটিত হোৱাৰ পিছৰে পৰা বাঘজানত জুই জ্বলিয়েই আছে।

বাঘজানৰ জুই নিৰ্বাপিত কৰিবলৈ আৰু কমেও আঠ সপ্তাহ লাগিব বুলি প্ৰকাশ কৰিলে অইলৰ মুখ্য পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰই।

এখন সংবাদমেলত মিশ্ৰই কয় যে জুই নিৰ্বাপনৰ ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থাই হাতত লোৱা হৈছে।অইলে আঠ সপ্তাহৰ ভিতৰত জুই সম্পূৰ্ণকৈ নিৰ্বাপন কৰিবলৈ সক্ষম হব বুলি তেওঁ কয়।

উল্লেখ্য জুই নিৰ্বাপনৰ বাবে ছিংগাপুৰৰ এলাৰ্ট ডিজাষ্টাৰ কণ্ট্ৰ’লৰ পৰা অনা ছজনীয়া বিশেষজ্ঞৰ দলটোও এতিয়ালৈকে জুই নুমুওৱাত বিফল হৈছে।

বাঘজানত অইলৰ ৫নং খাদত ২৭ মে’ত নিৰ্গমনৰ ঘটনা সংঘটিত হৈছিল, আৰু একেটা খাদতে ১৩ দিন পিছত প্ৰচণ্ড অগ্নিকাণ্ডৰ ঘটনা ঘটিছিল।

বৃহৎ জুয়ে সমগ্ৰ বাঘজান এলেকাকে সামৰি লৈছিল। অঞ্চলটোৰ মাগুৰি-মতাপুং বিলৰ চৰাই আৰু জলজ প্ৰাণীৰ ব্যাপক ক্ষতি হৈছিল।

প্ৰচণ্ড জুইৰ বাবে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ একাংশও প্ৰভাৱিত হৈছিল।

নৰ্থইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত পৰিৱেশবিদ নিৰন্তৰ গোহাঁয়ে কয় যে জুইকুৰাই দিনে দিনে ডিব্ৰু-ছৈখোৱাৰ সমগ্ৰ পৰিস্থিতিতন্ত্ৰৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে।

“ই সমগ্ৰ অঞ্চলটোৰ পৰিৱেশত প্ৰভাৱ পেলাইছে। অইল ইণ্ডিয়া লিমিটেডে জুই নিয়ন্ত্ৰণৰ বাবে ৭ জুলাই সময়সীমা নিৰ্ধাৰণ কৰিছিল কিন্তু তেওঁলোকে এতিয়ালৈকে জুই নুমুওৱাত বিফল হৈছে।”

ইফালে বাঘজান আৰু গুইজান দুয়ো ঠাইতে বায়ুৰ গুণমান নিৰীক্ষণ কৰা হৈছে।

M/s ERMৰ দলে মাগুৰি বিল অঞ্চলৰ মাছমৰীয়াসকলৰ সৈতে আলোচনা চলাইছে।

খাদটো বন্ধ কৰাৰ এসপ্তাহ পিছলৈকে M/s ERMৰ অধ্যয়ন চলি থাকিব।

আনহাতে অইলৰ বিষয়াই জনোৱা মতে ধাৰাবাহিক বৰষুণ আৰু গধূৰ যান-বাহনৰ চলাচলৰ বাবে খাদটোলৈ অহা পথটোৰ অৱস্থা বেয়ালৈ ঢাল খাইছে।

তেওঁ লগতে জনোৱা মতে পথটোৰ বেয়া অংশ মেৰামতিৰ বাবে অহৰহ চেষ্টা চলাই থকা হৈছে আৰু এলেকাটোৰ পৰা ধ্বংসাৱশেষসমূহ আঁতৰোৱাৰ কামো অব্যাহত আছে।

 

Recent News

1593687950_RAAgrY_SupremeCourtofIndia-750x375

সংৰক্ষণৰ সৰ্বোচ্চ সীমা পুনৰ্বিবেচনা! ৰাজ্যসমূহৰ মতামত বিচাৰিলে উচ্চতম ন্যায়ালয়ে

Titabar-750x375

কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থীয়ে উজনিৰ এক সমষ্টিত কঁপাইছে বিজেপি-অগপৰ মিত্ৰজোঁটৰ ভেঁটি!

IMG-20210308-WA0132

বিপিএফৰ ৪জন প্ৰাৰ্থীৰ নাম ঘোষণা; দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব পালে দুৰ্গাদাস বড়োৱে

DwjFNkjVAAIIlm3-750x375

অৱশেষত জল্পনা-কল্পনাৰ অৱসান : প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd