• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পশ্চিমবংগৰ গৰুৰ বজাৰত হাহাকাৰ : মুছলমানে গৰু কিনিবলৈ অস্বীকাৰ কৰাত পানীত হাঁহ নচৰা অৱস্থা হিন্দু গো-পালকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 9:36 am
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগত গৰু বধৰ নতুন নিয়মক লৈ তীব্ৰ বিভ্ৰান্তি আৰু ভয়ৰ সৃষ্টি হৈছে। ৰাজ্যখনত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতেই ১৯৫০ চনৰ পশু বধ নিয়ন্ত্ৰণ আইন কঠোৰভাৱে বলবৎ কৰাৰ কথা ঘোষণা কৰিছে। এই নিয়ম অনুসৰি, কেৱল ১৪ বছৰৰ ওপৰৰ গৰুহে আইনীভাৱে বধ কৰিব পাৰিব আৰু ইয়াৰ বাবে চৰকাৰী পশু চিকিৎসকৰ পৰা এক ফিটনেছ বা স্বাস্থ্যৰ প্ৰমাণপত্ৰ লাগিব। কিন্তু এই প্ৰমাণপত্ৰ ক’ত আৰু কেনেকৈ পোৱা যাব, সেই লৈ মানুহৰ মাজত কোনো স্পষ্ট ধাৰণা নাই। ফলত গৰুৰ বজাৰসমূহ একেবাৰে খালী হৈ পৰিছে আৰু গোমাংসৰ দাম প্ৰতি কিলোগ্ৰামত ২৮০ টকাৰ পৰা ৬০০ টকালৈ বৃদ্ধি পাইছে।

দক্ষিণ ২৪ পৰগণাৰ ভাঙৰৰ ঘোষপাৰাৰ নিবাসী সাধন ঘোষৰ দৰে বহুতো গৰু পালক এতিয়া তীব্ৰ সংকটত পৰিছে। তেওঁ স্থানীয় মহাজনৰ পৰা সুতত ৫ লাখ টকা ধাৰলৈ লৈছিল আৰু ঈদৰ সময়ত গৰু বিক্ৰী কৰি ঋণ পৰিশোধ কৰাৰ আশা কৰিছিল। কিন্তু এতিয়া গৰু বিক্ৰী কৰিব নোৱাৰি তেওঁলোকে প্ৰতিদিনে কেৱল গৰুৰ দানাৰ বাবেই বৃহৎ পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হৈছে। একেদৰে ভাস্কৰ ঘোষ নামৰ আন এজন গৰু পালকেও বেংক আৰু মহাজনৰ পৰা ৭ লাখ টকাৰ ঋণ লৈ বিপদত পৰিছে। তেওঁলোকে কয় যে আগতে এই সময়ত গৰু বিক্ৰী কৰি ভাল লাভ হৈছিল, কিন্তু এইবাৰ হঠাতে এই পুৰণি নিয়ম বলবৎ কৰাৰ ফলত তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।

Apply Now

কলকাতাৰ পৰা প্ৰায় ২৮ কিলোমিটাৰ দূৰত থকা পোলেৰহাট গৰুৰ বজাৰত আন বছৰৰ এই সময়ত প্ৰায় ২০০০ গৰু বিক্ৰী হয়। কিন্তু এইবাৰ বজাৰখনত মাত্ৰ কেইটামান গৰুহে দেখা গৈছে। গৰুৰ বয়স কেনেকৈ নিৰ্ধাৰণ কৰিব বা প্ৰমাণপত্ৰ ক’ত পাব, সেয়া নজনাৰ ফলত মানুহ বজাৰলৈ অহাৰ পৰা বিৰত আছে। গৰুৰ বজাৰত দেখা দিয়া এই মন্দাৱস্থাৰ বিপৰীতে ৰাজাবজাৰৰ ছাগলী আৰু ভেড়াৰ বজাৰত মানুহৰ ভিৰ বাঢ়িছে। বহুতে এতিয়া ঈদৰ বাবে গৰুৰ সলনি ছাগলীক এক নিৰাপদ বিকল্প হিচাপে বাছি লৈছে, কাৰণ ছাগলীৰ ক্ষেত্ৰত এই নিয়ম সিমান কঠোৰভাৱে পালন কৰা হোৱা নাই।

এই পৰিস্থিতিৰ মাজতে ইণ্ডিয়ান চেকুলাৰ ফ্ৰণ্টৰ নেতা তথা বিধায়ক নৌছাদ ছিদ্দিকীয়ে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীলৈ এখন পত্ৰ লিখি পঞ্চায়ত পৰ্যায়ত পশু চিকিৎসক নিয়োগ কৰিবলৈ অনুৰোধ জনাইছে। তেওঁ কয় যে এই নিয়মৰ ফলত হিন্দু আৰু মুছলমান দুয়ো সম্প্ৰদায়ৰ লোক ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, বিজেপি সাংসদ ৰাহুল সিনহাই এই পদক্ষেপক সমৰ্থন কৰি কয় যে এক মহৎ উদ্দেশ্যৰ বাবে মানুহে কিছু অসুবিধা সহ্য কৰিব লাগিব। নাখোদা মছজিদৰ ইমামগৰাকীয়েও চৰকাৰক এই বিষয়ত স্পষ্টতা প্ৰদান কৰিবলৈ আৰু সকলোৰে বাবে পৰিস্থিতি সহজ কৰিবলৈ আহ্বান জনাইছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা অধীৰ চৌধুৰীয়েও মুখ্যমন্ত্ৰীক পত্ৰ লিখি মানুহৰ মাজত থকা বিভ্ৰান্তি দূৰ কৰিবলৈ আৰু নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰিবলৈ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd