NORTHEAST NOW (Assamese)

লেনিন শব্দই হ’ল কাল! কি হৈছে তৃণমূলৰ? পশ্চিম বংগৰ চৰকাৰে বাতিল কৰিলে ঋতিক ঘটকৰ ছবিৰ প্ৰদৰ্শন

February 12, 2025 1:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 12, 2025 12:48 pm

তৃণমূল কংগ্ৰেছে বংগত ঋত্বিক ঘটকৰ ছবিৰ প্ৰদৰ্শনী বন্ধ কৰাৰ অভিযোগ উত্থাপন হৈছে। দক্ষিণ কলকাতাৰ নকতালা অঞ্চলৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

অভিযোগ অনুসৰি ছবিখনৰ শিৰোনামত লেনিন শব্দটো থকাৰ বাবেই শাসকীয় দলৰ ভাবুকিৰ সন্মুখীন হবলগীয়া হৈছিল কৰ্তৃপক্ষ। যাৰ বাবে বিদ্যালয়খনে ছবি খনৰ প্ৰদৰ্শন বাতিল কৰিবলৈ বাধ্য হয়।

এই বিদ্যালয়খন হৈছে শাসকীয় দলৰ প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমান দুৰ্নীতিৰ গোচৰত কাৰাবন্দী হৈ থকা পাৰ্থ চেটাৰ্জীৰ চুবুৰীৰ নকতালা হাইস্কুল। সেই বিদ্যালয়তে ঋত্বিক ঘটকৰ জন্ম শতবাৰ্ষিকী উপলক্ষে দুখন ছবি কোমল গন্ধাৰ আৰু আমাৰ লেনিন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। ১০ ফেব্ৰুৱাৰী সোমবাৰে সন্ধিয়া ৬:৩০ বজাৰ পৰা এই প্ৰদৰ্শনী আৰম্ভ হোৱাৰ কথা আছিল।

উদ্যমী সংস্থা সেতুৰ হৈ বিদ্যালয়ৰ অধ্যক্ষৰ পৰাও ছবি খন প্ৰদৰ্শন কৰাৰ বাবে যাৱতীয় অনুমতি গ্ৰহণ কৰা হয়। কিন্তু প্ৰচাৰমূলক বেনাৰ, প্ৰচাৰ পত্ৰিকা, বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মত এই দুখন ছবিৰ নাম উল্লেখ কৰা হয়। লগতে উদ্যোক্তাসকলে বিদ্যালয়ৰ সকলো শিক্ষককে এই বিক্ষোভত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায়।

অভিযোগ অনুসৰি ৫ ফেব্ৰুৱাৰীত হঠাতে বিদ্যালয়ৰ অধ্যক্ষই আয়োজক সকলক কয়, “কিছুমানে লোকে ভাবুকি দিছে যে এই ছবি প্ৰদৰ্শন হলে বিদ্যালয়খন ভাঙি পেলোৱা হব। তেওঁলোকৰ আপত্তি বিশেষকৈ “আমাৰ লেনিন” চিনেমাখনৰ বিৰুদ্ধে।

তাৰ পাছত আমাৰ লেনিন চিনেমাখন বাদ দি কেৱল কোমল গন্ধৰা ছবিখনহে দেখুৱাবলৈ অনুমতি দিয়া হব নেকি বুলি অনুৰোধ কৰিছিল আয়োজক সকলে। অৱশ্যে তাতো আপত্তি আছিল অধ্যক্ষ তথা তৃণমূল কৰ্মীৰ।

ইয়াৰ পিছত সংস্থাটোৱে স্থানীয় ক্লাৱ বোহনীত ছবিখন প্ৰদৰ্শনৰ অনুমতি বিচাৰিছিল। যদিও প্ৰথমে ক্লাব কৰ্তৃপক্ষই অনুমতি প্ৰদান কৰিছিল, পিছত কোৱা হৈছিল যে তেওঁলোকে কোনো ছবি প্ৰদৰ্শন কৰিবলৈ অনুমতি দিব নোৱাৰে। কাৰণ তেওঁলোকৰ ওপৰত চাপ আছে।

ফলত সংস্থাটোৱে সাময়িকভাৱে চলচ্চিত্ৰ প্ৰদৰ্শনী স্থগিত ৰাখিছে। অৱশ্যে উদ্যোগীসকলে জনাইছে যে শীঘ্ৰে মুকলি ৰাজপথত ছবি দুখন প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে।

Related News