• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পশ্চিমবংগত ভোটাৰৰ আবেদন নিষ্পত্তিৰ লেহেমীয়া গতিক লৈ উচ্চতম ন্যায়ালয়ৰ উদ্বেগ; নিৰ্বাচন আয়োগলৈ জাননী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2026 3:40 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগত এছ আই আৰ প্ৰক্ৰিয়াক লৈ নিৰ্বাচন আয়োগৰ সৈতে তৎকালীন তৃণমূল চৰকাৰৰ চলি থকা সংঘাতৰ মাজতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ভোটাৰ তালিকাৰ পৰা বাদ পৰা লোকসকলৰ আপীল শুনাৰ বাবে ট্ৰাইবুনেল গঠন কৰা হৈছিল। ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা ইতিমধ্যে তিনি মাহ পাৰ হ’ল আৰু নতুন চৰকাৰো গঠন হ’ল। কিন্তু এই ট্ৰাইবুনেলসমূহত আবেদন নিষ্পত্তিৰ ধীৰ গতিক লৈ এতিয়া তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে কংগ্ৰেছ নেতা অধীৰ চৌধুৰীৰ এক গোচৰৰ শুনানিত মুখ্য ন্যায়াধীশ সূৰ্য কান্তই কয়, “এনেদৰে চলি থাকিলে পৰৱৰ্তী নিৰ্বাচনৰ আগতেও আবেদনসমূহৰ নিষ্পত্তি নহ’ব।”

 

Apply Now

কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অধীৰ চৌধুৰীয়ে দাবী কৰিছিল যে তেওঁৰ গৃহ জিলা মুৰ্শিদাবাদ আৰু কাষৰীয়া মালদহ জিলাত অতিৰিক্ত ট্ৰাইবুনেল গঠন কৰা হওক। কাৰণ হিচাপে তেওঁ উল্লেখ কৰিছিল যে এই দুখন জিলাত আবেদনকাৰীৰ সংখ্যা অধিক, কিন্তু নিষ্পত্তিৰ হাৰ নিচেই কম। এই আবেদনসমূহৰ দ্ৰুত নিষ্পত্তি বিচাৰিয়েই তেওঁ শীৰ্ষ ন্যায়ালয়ৰ কাষ চাপিছিল।

 

মঙলবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠত এই গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। শুনানিত অধীৰ চৌধুৰীৰ অধিবক্তা ফিৰদৌছ শামীমে আদালতত প্ৰয়োজনীয় তথ্য দাখিল কৰে, যাৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগলৈ জাননী প্ৰেৰণ কৰিছে। ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছে যে বৰ্তমানলৈকে কিমান গোচৰ নিষ্পত্তি হৈছে, সেই সম্পৰ্কে কোনো নিৰ্দিষ্ট তথ্যই পাবলৈ নাই।

 

এই প্ৰসংগত ন্যায়াধীশ বাগচীয়ে কয়, “কেৱল ট্ৰাইবুনেলত আপীল কৰিলেই নহ’ব। কিমান গোচৰ নিষ্পত্তি হৈছে সেয়াও চোৱা প্ৰয়োজন।” তেওঁ পৰামৰ্শ দিয়ে যে, যদি গোচৰৰ সংখ্যা বেছি আৰু নিষ্পত্তিৰ গতি লেহেমীয়া হয়, তেন্তে নতুনকৈ ট্ৰাইবুনেল সজোৱাৰ কথা ভাৱিব লাগিব। কাৰণ ইতিমধ্যে যথেষ্ট সময় পাৰ হৈছে আৰু বিষয়টোক বিশেষ গুৰুত্ব দিব লাগিব।

 

মুখ্য ন্যায়াধীশ সূৰ্য কান্তই নিৰ্বাচন আয়োগৰ উদ্দেশ্যি স্পষ্টভাৱে কয়, “কাম হৈছে নে নাই, সেয়া কেৱল আপোনালোকে ক’লেই নহ’ব। তাত কি হৈ আছে সেয়া আমিও চোৱা প্ৰয়োজন। কাৰণ, ট্ৰাইবুনেল আমিহে গঠন কৰিছিলোঁ।”

 

ট্ৰাইবুনেলৰ বৰ্তমান স্থিতি

 

উল্লেখ্য যে, পশ্চিমবংগৰ এছ আই আৰ গোচৰত দুয়োপক্ষৰ পাৰস্পৰিক আস্থা নথকাৰ বাবে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত বা বাতিল কৰাৰ সিদ্ধান্ত অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলে ল’ব বুলি নিৰ্দেশ দিয়া হৈছিল। প্ৰথম অৱস্থাত মুঠ ২০ খন ট্ৰাইবুনেল গঠন কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত দুজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এই দায়িত্বৰ পৰা আঁতৰি আহে। বৰ্তমান ৰাজ্যখনৰ ২৪ খন জিলাত ১৮ খন ট্ৰাইবুনেলৰ জৰিয়তে আবেদনসমূহৰ নিষ্পত্তি কৰা হৈ আছে। ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনীৰ সময়ত বাদ পৰা প্ৰায় ৯১ লাখ লোকৰ ভিতৰত প্ৰায় ২৭ লাখ লোকে ট্ৰাইবুনেলত আবেদন কৰিছিল।

 

প্ৰথম অৱস্থাত নিষ্পত্তিৰ সংখ্যা জনোৱা হৈছিল যদিও এতিয়া নিৰ্বাচন আয়োগৰ ওচৰতো সঠিক তথ্য নাই। মঙলবাৰে আয়োগৰ অধিবক্তা দামা শেষাদ্ৰি নাইডুৱে আদালতত জনায় যে, উচ্চতম ন্যায়ালয়ে যদি ট্ৰাইবুনেলৰ গাঁথনি সলনি কৰাৰ নিৰ্দেশ দিয়ে, তেন্তে তেওঁলোকে সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব। আনহাতে, আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি আৰু অনলাইনৰ জৰিয়তে তথ্য আপডেট দি নিষ্পত্তি প্ৰক্ৰিয়া খৰতকীয়া কৰিব পাৰি নেকি, সেয়াও বিবেচনা কৰিবলৈ ন্যায়াধীশ বাগচীয়ে পৰামৰ্শ আগবঢ়ায়। অৱশ্যে, এতিয়ালৈকে ট্ৰাইবুনেলে কিমান আবেদনৰ নিষ্পত্তি কৰিছে তাৰ তথ্য অৱগত কৰিবলৈ শীৰ্ষ ন্যায়ালয়ে নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ দিছে।

 

ইফালে, এছ আই আৰত নাম বাদ পৰা লোকসকল ৰেচনৰ পৰাও বঞ্চিত হ’বলগীয়া হৈছে বুলিও উচ্চতম ন্যায়ালয়ত তথ্য দাখিল কৰা হৈছিল। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে, এইটো সম্পূৰ্ণ বেলেগ বিষয় আৰু প্ৰয়োজন হ’লে এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ত সুকীয়াকৈ আবেদন কৰিব পাৰিব। সংশ্লিষ্ট গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ২৫ আগষ্টত ধাৰ্য কৰা হৈছে। সেইদিনা এছ আই আৰ সম্পৰ্কীয় আন কেইবাটাও গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd