• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰুণাচলৰ পৰা অহা এখন পত্ৰই আতংকিত কৰি ৰাখিছে ওদালগুৰিবাসীক

NE NOW NEWS চাজিদ খান
ওদালগুৰি , September 15, 2018 11:14 am

2 min read

Heavy-landslide-570x320

ফটো : নৰ্থ-ইষ্ট নাও

188
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা প্ৰশাসনে ওদালগুৰি জিলা প্ৰশাসনক প্ৰেৰণ কৰা এখন পত্ৰই নিদ্ৰাহৰণ কৰিছে প্ৰশাসনৰ লগতে স্থানীয় ৰাইজৰ। পত্ৰ লাভ কৰাৰ লগে লগে তৎপৰতাৰে ওদালগুৰি জিলাৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া জিলাসমূহৰ জৰুৰীকালীন সেৱাৰ লগতে দুৰ্যোগ প্ৰশমন বিভাগসমূহক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে জিলা প্ৰসাসনে।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ অতিৰিক্ত উপায়ুক্তই প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰা হৈছে যে অৰুণাচলত হোৱা মুষলধাৰ বৰষুণৰ ফলত য়োলংগ্ৰীপাম অঞ্চলত প্ৰচুৰ পৰিমাণে ভূমিস্খলন সংঘটিত হৈছে। সেয়ে যিকোনো সময়তে অৰুণাচলৰ পৰা বৈ অহা নাৰগাম নদীয়ে ওদালগুৰি জিলা তথা ইয়াৰ কাষৰীয়া অঞ্চলত প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে।

পাহাৰত হোৱা ভূমিস্খলনে য়োলংগ্ৰীপাম অঞ্চলেৰে বৈ অহা নাৰগাম নদীৰ বুকুত মাটি আৰু শিলৰ বৃহৎ অংশ জমা কৰিছে। ইয়াৰ ফলত নদীৰ স্বাভাৱিক গতি ৰুদ্ধ হৈ পৰাৰ লগতে উক্ত অঞ্চলতে আৱদ্ধ হৈ আছে নদীখনৰ এক বৃহৎ পৰিমাণৰ পানী।  নদীত আৱদ্ধ হৈ থকা পানীখিনি যিকোনো মূহুৰ্ততে নামনি অংশলৈ গতি কৰাৰ আশংকা প্ৰকাশ কৰিয়ে পশ্চিম কামেং জিলা প্ৰশাসনে ওদালগুৰি জিলা প্ৰশাসনলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে যদিহে এই বৃহৎ পৰিমাণৰ পানীখিনি হঠাৎ নামনিলৈ বৈ আহে তেন্তে অসম-অৰুণাচল সীমান্তত অৱস্থিত ভৈৰৱকুণ্ড নদীয়ে ৰূদ্ৰমূৰ্তি ধাৰণ কৰাৰ উপৰি জিলাখনৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিব বুলি আশংকা প্ৰকাশ কৰিছে জিলা প্ৰশাসনে।

সেয়ে প্ৰশাসনে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ভৈৰৱকুণ্ড অঞ্চলৰ নৈপৰীয়া ৰাইজক মাছমৰা, নদীৰ বালি খনন কাৰ্য আদি চলোৱাৰ পৰা বিৰত থাকিবলৈ সতৰ্ক জাৰি কৰে। ইয়াৰ উপৰি প্ৰশাসনে জৰুৰীকালীন বিভাগসমূহক সতৰ্ক থাকিবলৈ নিৰ্দেশ দিছে।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd