• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদীয়ে পেট্ৰল-ডিজেলৰ ব্যৱহাৰ কমাবলৈ কোৱাৰ পিছতেই এয়া কি কৰিলে বিজেপিশাসিত ৰাজ্যই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2026 8:30 pm
114
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক মিতব্যয়ী হ’বলৈ আহ্বান জনাইছিল। তেওঁ জনসাধাৰণক অনাগত এটা বছৰৰ বাবে সোণ কিনিবলৈ বাৰণ কৰাৰ লগতে পেট্ৰ’ল আৰু ডিজেল ৰাহি কৰিবলৈ অনুৰোধ জনাইছিল। ইয়াৰ উপৰিও অপ্ৰয়োজনীয় বিদেশ ভ্ৰমণ পৰিহাৰ কৰা আৰু ব্যক্তিগত বাহনৰ সলনি ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিবলৈ তেওঁ দেশবাসীক সজাগ কৰিছিল। কিন্তু প্ৰধানমন্ত্ৰীৰ এই গুৰুত্বপূৰ্ণ আহ্বানৰ মাত্ৰ এদিন পাছতেই মধ্যপ্ৰদেশত বিজেপি নেতাসকলৰ আচৰণত সম্পূৰ্ণ বিপৰীত ছবিহে প্ৰতিফলিত হ’ল।

মধ্যপ্ৰদেশৰ পাঠ্যপুথি নিগমৰ নৱনিযুক্ত অধ্যক্ষ সৌভাগ্য সিং ঠাকুৰে উজ্জয়িনীৰ পৰা ভূপাললৈ আহোঁতে লগত লৈ আহিছিল প্ৰায় ২০০ খন বাহনৰ এক বিশাল কনভয়। এই বিশাল লানি বাহনৰ বাবে সমগ্ৰ ঘাইপথ আৰু ভূপাল চহৰত ভয়ংকৰ যান-জঁটৰ সৃষ্টি হয়। তীব্ৰ গৰমৰ মাজত ঘণ্টাৰ পাছত ঘণ্টা ধৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰী, বৃদ্ধ আৰু সাধাৰণ যাত্ৰীসকল ৰাস্তাতে আবদ্ধ হৈ থাকিবলগীয়া হয়। বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি চহৰখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ মোৰবোৰত কেৱল নেতাজনৰ সমৰ্থকৰ গাড়ীৰ লানিহে দেখা গৈছিল, যিয়ে প্ৰধানমন্ত্ৰীৰ মিতব্যয়িতাৰ বাৰ্তাক যেন ভেঙুচালিহে কৰিছিল।

Apply Now

অকল ভূপালতে নহয়, ৰাজ্যখনৰ অন্যান্য প্ৰান্ততো একেই দৃশ্য দেখিবলৈ পোৱা গৈছে। শিৱপুৰীৰ বিধায়ক প্ৰীতম সিং লোধীয়ে এটা মন্দিৰৰ বিবাদ নিষ্পত্তি কৰিবলৈ ২০০ খন গাড়ী লৈ উপস্থিত হোৱাৰ বিপৰীতে খাণ্ডৱাত জিলা পৰ্যালোচনা সভালৈ যোৱাৰ সময়ত মন্ত্ৰী ধৰ্মেন্দ্ৰ লোধীৰ কনভয়টো আছিল অতি বিশাল। ইয়াৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাত মন্ত্ৰীগৰাকীয়ে নিজেই স্বীকাৰ কৰে যে ইমানবোৰ বাহন লৈ যোৱাৰ কোনো যুক্তি নাই আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ পালন কৰাটো প্ৰয়োজনীয়। তেওঁ এই সন্দৰ্ভত জিলা উপায়ুক্তক নিৰ্দেশ দিয়া বুলিও সংবাদ মাধ্যমক অৱগত কৰে।

বিজেপিৰ ৰাজ্যিক সভাপতি হেমন্ত খাণ্ডেলৱালে দলৰ নেতাসকলক ৰাজহুৱা পৰিবহণ বা ই-ৰিক্সা ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কিছুমান নেতাই ই-ৰিক্সা বা ই-স্কুটাৰ চলাই কাৰ্যালয়লৈ অহা দেখা গৈছে। যেনে ভূপালত সত্যেন্দ্ৰ ভূষণ সিঙে ই-ৰিক্সাত উঠি আৰু শক্তি মন্ত্ৰী প্ৰদ্যুমন সিং তোমাৰে ই-স্কুটাৰ চলাই জনসাধাৰণক সজাগ কৰিবলৈ যত্ন কৰিছে। কিন্তু একে সময়তে তেওঁলোকৰ সমৰ্থকসকলে বৃহৎ কনভয় লৈ যোৱা কাৰ্যই এই প্ৰচেষ্টাসমূহক ম্লান কৰি পেলাইছে। প্ৰধানমন্ত্ৰীৰ উপদেশ আৰু দলীয় কাৰ্যকৰ্তাৰ মাজৰ এই ব্যৱধানে এতিয়া সাধাৰণ ৰাইজৰ মাজত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

August 2, 2026 7:55 pm
নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

নিট কেলেংকাৰী: এসপ্তাহ নৌহওঁতেই সলনি হ’ল ফাষ্ট ট্ৰেক ন্যায়ালয়ৰ বিচাৰক! নতুন দায়িত্বত অজয় গুপ্তা

August 2, 2026 6:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm
প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

প্ৰণৱ দলেৰ বিৰুদ্ধে ‘এন এছ এ’ প্ৰয়োগক লৈ সৰৱ কংগ্ৰেছ: ভিন্নমতক স্তব্ধ কৰিবলৈ আইনৰ অপপ্ৰয়োগৰ অভিযোগ

August 2, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd