জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ শেহতীয়াকৈ এক বিশেষ তথ্য পোহৰলৈ আহিছে। ছিংগাপুৰৰ এখন আদালতত দিয়া আৰক্ষীৰ ভাষ্য অনুসৰি মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে অত্যধিক পৰিমাণে সুৰাপান কৰিছিল আৰু সুৰাপান কৰি সাগৰৰ পানীত নামিবৰ সময়ত তেওঁ লাইফ জেকেট পিন্ধিবলৈ অস্বীকাৰ কৰিছিল। এই চাঞ্চল্যকৰ তথ্য ছিংগাপুৰৰ কৰোনাৰ ক’ৰ্টত আৰক্ষীৰ তদন্তকাৰী বিষয়া ডেভিদ লিমে অৱগত কৰিছে।
আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি শিল্পীজনে পানীত নামিবলৈ যাওঁতে যাৱতীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিয়া নিৰ্দেশনা মানি চলা নাছিল।
আদালতত দাখিল কৰা প্ৰতিবেদন অনুসৰি যোৱা ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গে তেওঁৰ বন্ধুসকলৰ সৈতে এখন ব্যক্তিগত নাও অৰ্থাৎ ইয়টত ভ্ৰমণ কৰি আছিল। লাজাৰাছ দ্বীপৰ ওচৰত সাগৰত সাতুৰিবলৈ নামোতে তেওঁক লাইফ জেকেট পিন্ধিবলৈ নাৱৰ অধিনায়কে বাৰম্বাৰ সকিয়াই দিয়া হৈছিল যদিও তেওঁ সেইয়া আওকাণ কৰিছিল।
আৰক্ষী বিষয়াগৰাকীৰ ভাষ্য অনুসৰি জুবিন গাৰ্গে প্ৰথমে এটা লাইফ জেকেট পিন্ধিছিল যদিও পিছত সেইটো তেওঁৰ বাবে জোখতকৈ ডাঙৰ হোৱা বুলি কৈ খুলি পেলাইছিল। তেওঁক এটা সৰু আকাৰৰ জেকেট যাঁচি দিয়া হৈছিল যদিও তেওঁ সেইটোও ল’বলৈ ইচ্ছা কৰা নাছিল।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ তেজত সুৰাৰ মাত্ৰা অতি বেছি আছিল। প্ৰতি ১০০ মিলিলিটাৰ তেজত ৩৩৩ মিলিগ্ৰাম সুৰা পোৱা গৈছিল যাৰ ফলত মানুহৰ শৰীৰৰ ভাৰসাম্য হেৰাই যোৱাটো স্বাভাৱিক বুলি তদন্তকাৰী বিষয়াজনে আদালতক জনায়।
পানীত কিছু সময় সাতুৰি নাৱলৈ উঠি অহাৰ পিছত তেওঁ উশাহ ল’বলৈ সামান্য কষ্ট পাইছিল। তথাপিও তেওঁ পুনৰ কোনো সুৰক্ষা কবচ নোলোৱাকৈ সাগৰত জাপ দিছিল আৰু ইয়াৰ কিছু সময়ৰ পিছতে তেওঁক পানীৰ ওপৰত নিথৰ হৈ উপঙি থকা দেখা গৈছিল। বন্ধুসকলে তেওঁক লগে লগে উদ্ধাৰ কৰি কৃত্ৰিম উশাহ দিয়াৰ চেষ্টা কৰিছিল যদিও তেওঁৰ মুখৰ পৰা ফেন ওলাই আছিল।
বিয়লি প্ৰায় ৩ বাজি ৩৬ মিনিটত জৰুৰীকালীন সহায় বিচাৰি কৰা ফোন পোৱাৰ ১০ মিনিটৰ ভিতৰতে আৰক্ষীৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু জুবিন গাৰ্গক ছিংগাপুৰ জেনেৰেল হাস্পতাললৈ লৈ যোৱা হয়।
অৱশ্যে চিকিৎসালয়তে সেইদিনা সন্ধিয়া ৫ বাজি ১৩ মিনিটত চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে। আদালতত দাখিল কৰা মোবাইল ফোনৰ ভিডিঅ’তো দেখা গৈছে যে তেওঁ নিজৰ লাইফ জেকেটটো খুলি থৈছিল আৰু পানীত ককবকাই আছিল। আৰক্ষীয়ে তেওঁৰ মৃত্যুৰ কাৰণ পানীত ডুবি হোৱা বুলি নিশ্চিত কৰিছে। এই শুনানিৰ সময়ত আদালতত জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্যৰ লগতে বহু অনুৰাগী উপস্থিত আছিল।





