সোমবাৰে নিশা কি ঘটিছিল লাডাখ সীমান্তৰ ভাৰত-চীন সৈন্যৰ মাজত?

soldiers-1002_1920-770x463

প্ৰতিনিধিত্বমূলক ফ'টো, উৎস-ইন্টাৰনেট

লাডাখ সীমান্তৰ গালৱান উপত্যকাত যোৱা সোমবাৰে নিশা ভাৰত আৰু চীন সৈন্যৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত দুই দেশৰে সেনাবাহিনীৰ লোক নিহত হৈছে।

ভাৰতৰ এজন কৰ্ণেলসহ ২০ গৰাকী সেনা জোৱান নিহত হোৱাৰ বিপৰীতে চীনা সংবাদ মাধ্যমে ৪৩ জন চীনা সৈন্য নিহত হোৱা বুলি দাবী কৰিছে।

আচলতে কি ঘটিছিল সোমবাৰে নিশা সীমান্তৰ গালৱান উপত্যকাত?

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সীমান্তৰ সংঘৰ্ষত ৪৩ জন চীনা সৈন্য নিহত!

যোৱা মে’ মাহৰ পৰাই ভাৰত-চীন সীমান্তৰ লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা বৃদ্ধি পাই আহিছে।

ভাৰতে দাবী কৰিছে যে ইতিমধ্যে চীনা সৈন্যই ৮ কিলোমিটাৰ পৰ্যন্ত ভাৰতৰ ভূখণ্ডৰ ভিতৰলৈ সোমাই আহি চীনা সেনাৰ ছাউনী পাতিছে।

১০ হাজাৰো অধিক পদাতিক সৈন্যক চীনে সীমান্তত মোতায়েন কৰিছে। মৰ্টাৰৰ লগতে টেংক আদি সীমান্তত সজ্জিত কৰাৰ লগতে নিয়ন্ত্ৰণ ৰেখা উলংঘন কৰি আহিছে।

ইয়াৰ লগে লগে ভাৰতেও সীমান্তত সৈন্য মোতায়েন কৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ ফলত লাডাখ সীমান্তৰ গালৱান উপত্যকাত চৰম উত্তেজনাই বিৰাজ কৰে।

উত্তেজনা প্ৰশমনৰ বাবে নতুন দিল্লী আৰু বেইজিঙে সেনা বাহিনীক দায়িত্ব অৰ্পণ কৰে।

স্বাভাৱিকতেই এয়া ভাৰতৰ কূটনৈতিক বিফলতা!

লগতে পঢ়ক : ৮ কিলোমিটাৰ ভাৰতৰ ভিতৰত প্ৰৱেশ কৰিছে চীনা সৈন্যই : অস্বীকাৰ কৰা নাই নতুন দিল্লীয়ে

ভাৰতীয় সৈন্য আৰু চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিৰ মাজত লাডাখ সীমান্তত বিগ্ৰেডিয়াৰ পৰ্যায়ৰ ১০ দিনীয়া বৈঠক আহ্বান কৰা হয়।

যোৱা ৫ জুনৰ পৰা এই বৈঠক আৰম্ভ হয়।

উক্ত বৈঠকসমূহত কিছু ঐক্যমতত উপণীত হোৱাৰ ফলত দুয়োপক্ষই সীমান্তত মোতায়েন কৰা নিৰ্দিষ্ট পৰিমাণৰ সেনা প্ৰত্যাহাৰ কৰে।

সীমান্তৰ পৰা চীনা টেংকাৰ আৰু মৰ্টাৰসমূহ উঠাই নিয়াৰ দাবী উত্থাপন কৰিছে ভাৰতীয় সেনাই।

আনপিনে ভাৰতীয় সেনাই দাবী কৰে যে উপগ্ৰহত তিব্বতৰ বিমান বন্দৰত চীনে যুঁজাৰু বিমান সষ্টম কৰি ৰখাৰ দৃশ্য ধৰা পৰিছে আৰু সেইসমূহ তাৰ পৰা ঘূৰাই নিব লাগে।

ইৰাৰোপৰি ভাৰতে দাবী কৰি আহিছে যে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰা চীনা সৈন্য উভতি যোৱাৰ লগতে চীনা সেনাৰ ছাউনীসমূহ উঠাই নিব লাগে।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সীমান্তত এতিয়াও শাম কটা নাই উত্তেজনা : অব্যাহত আছে সেনাৰ বৈঠক

যোৱা সোমবাৰে নিশা দুই পক্ষৰ সেনা বিষয়াৰ বৈঠক অন্ত পৰাৰ পিছত ভাৰতীয় সেনাৰ কৰ্ণেল সন্তোষ বাবুৱে ৫০ জনীয়া এটা সেনাৰ দল লৈ প্ৰতিশ্ৰুতিৰ মতে চীনে ভাৰতৰ ভূখণ্ডৰ পৰা সৈন্য বাহিনী ঘূৰাই নিছে নে নাই স্বজমিন কৰিবলৈ ৰাওনা হয়।

কর্ণেল সন্তোষ বাবুৰ নেতৃত্বত যোৱা ভাৰতীয় সেনাৰ দলটোৱে ভাৰতৰ ভূখণ্ডত থকা চীনা সৈন্যৰ ছাউনী তথা টম্বুবোৰ ভাঙি দিয়াৰ লগতে অগ্নিসংযোগ কৰি দিয়ে।

গলৱান নদীৰ দক্ষিণে ভাৰতৰ ভূখণ্ডত থকা চীনা সৈন্যৰ এটা তলহদাৰী প’ষ্টো ভাঙি দিয়ে ভাৰতীয় সেনাই।

এনেতে চীনা সৈন্যৰ ২৫০ জনীয়া এটা দলে ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰে।

লগতে পঢ়ক : লাডাখৰ বিজেপি সাংসদে ক’লে : ‘হয়, লাডাখত ভাৰতৰ ভূমি চীনে দখল কৰিছে।’

লগে লগে দুয়োপক্ষৰ মাজত গালৱান নদীৰ বুকুত আক্ৰমণ-পত্যাক্ৰমণ আৰম্ভ হয়।

এই সংঘৰ্ষত মাৰণাস্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাছিল। চীনা সৈন্যই কাঁটা তাঁৰ সংলগ্ন লাঠি আৰু পাথৰেৰে ভাৰতীয় সেনাক আক্ৰমণ কৰিছিল।

ইয়াৰ সমান্তৰালভাৱে ভাৰতীয় সৈন্যও চীনা সৈন্যক প্ৰত্যাক্ৰমণ কৰে।

ইফালে এই সংঘৰ্ষৰ বাবে চীনা সংবাদ মাধ্যমে ভাৰতীয় সেনাই প্ৰৰোচনামূলক আচৰণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। কিন্তু ভাৰতীয় সেনাই এই অভিযোগ খণ্ড কৰি চীন সৈন্যই প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ কৰিছে।

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীন সংঘাত সন্দৰ্ভত বিৰোধীক কি ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে?