NORTHEAST NOW (Assamese)

”এজনী কন্যা ঘৰৰ পৰা ওলোৱাৰ পাছত ঐশ্বৰ্যৰ ৰূপত আন এজনী কন্যা ঘৰ সোমাল” : অমিতাভ

March 16, 2021 5:45 pm · এন ই নাও নিউজ
Updated: March 16, 2021 6:33 pm

মেগাষ্টাৰ অমিতাভ বচ্ছন আৰু তেওঁৰ একমাত্ৰ বোৱাৰী তথা অভিনেত্ৰী ঐশ্বৰ্য ৰায়ক খুব কমকৈ ইজনে সিজনৰ বিষয়ে সংবাদ মাধ্যমৰ আগত কোৱা দেখা যায়।

উল্লেখযোগ্য যে অভিষেক বচ্ছনৰ স’তে বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে ঐশ্বৰ্য ৰায়ে ‘মহাব্বতে’ নামৰ চিনেমাখনত অমিতাভৰ জীয়েকৰ ৰূপত অভিনয় কৰিছিল।

যেতিয়া বচ্ছন পৰিয়াললৈ ঐশ্বৰ্যৰ আগমণ ঘটে, অমিতাভে কৈছিল যে ঐশ্বৰ্য তেওঁৰ জীয়েকৰ দৰেই।

২০১৯ চনৰ এটা অনুষ্ঠানত ঐশ্বৰ্যৰ বিষয়ে অমিতাভে কৈছিল যে তেওঁৰ কন্যাক বিয়া দিয়াৰ পাছত ঐশ্বৰ্যৰ ৰূপত আন এগৰাকী কন্যা পৰিয়াললৈ আগমণ ঘটে।

উল্লেখযোগ্য যে অমিতাভৰ কন্যা শ্বেতাই নিখিল নন্দা নামৰ এজন ব্যৱসায়ীৰ স’তে বৰ্তমান সংসাৰধৰ্মত ব্যস্ত।

অমিতাভে কন্যাৰ স’তে প্ৰায়ে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি আহিছে।

যোৱা বছৰ, যেতিয়া অমিতাভ, অভিষেক, ঐশ্বৰ্য আৰু ঐশ্বৰ্য-অভিষেকৰ কন্যা আৰাধ্যাৰ একেসময়তে ক’ভিড-১৯ প’জিটিভ হৈছিল, মেগাষ্টাৰজনে কান্দোনত ভাগি পৰিছিল।

ঐশ্বৰ্য আৰু আৰাধ্যা হস্পিতালৰ পৰা উলোৱাৰ পাছত এটা টুইটযোগে তেওঁ ভগৱানক ধন্যবাদ প্ৰদান কৰিছিল।

বৰ্তমান অমিতাভৰ মুক্তি পাব লগা ছৱিসমূহ হৈছে- ইমৰাণ হাছমিৰ স’তে অভিনয় কৰা ‘চেহৰে’,  আলিয়া ভাট- ৰণবীৰ কাপুৰৰ স’তে অভিনয় কৰা ‘ব্ৰহ্মাস্ত্ৰ’।

আনহাতে ঐশ্বৰ্যই বৰ্তমান মণিৰত্মৰ ‘পুন্নিয়িন চেলভান’ নামৰ চিনেমাখনত ব্যস্ত আছে।

Related News