DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেতিয়া মুকলি হব কলিয়াভোমোৰাৰ নৱনির্মিত দ্বিতীয় খন দলং?

কলিয়াভোমোৰা সেতুৰ নৱনির্মিত দ্বিতীয় খন দলঙৰ সবিশেষ

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
March 6, 2022 3:41 pm
কেতিয়া মুকলি হব কলিয়াভোমোৰাৰ নৱনির্মিত দ্বিতীয় খন দলং?
152
VIEWS
Share on FacebookShare on Twitter

কলিয়াভোমোৰা সেতুৰ নৱনির্মিত দ্বিতীয় খন দলঙৰ কাম কিমান আগবাঢ়িছে? কেতিয়ালৈ মুকলি হব কলিয়াভোমোৰা সেতুৰ নৱনির্মিত দ্বিতীয় খন দলং? নৰ্থ ইষ্ট নাওৰ এক বিশেষ প্ৰতিবেদন।

মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত শোণিতপুৰ আৰু নগাওঁ জিলা সংযোগ কৰা দ্বিতীয় খন দলঙৰ কাম বৰ্তমানেও অব্যাহত আছে।
যদিও দলংখনৰ বৰ্তমান নামকৰণ কৰা হোৱা নাই, এতিয়াও কলিয়াভোমোৰা নামেৰেই পৰিচিত ।

নৱনির্মিত দ্বিতীয় কলিয়াভোমোৰা সেতুৰ নিৰ্মাণ কাৰ্য্য দ্ৰুত গতিত অব্যাহত আছে।

গেমন ইণ্ডিয়া লিমিটেড আৰু এছ পি শিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানে নিবিদা লাভ কৰাৰ পাছতে বিগত ২৯ নৱেম্বৰ ২০১৪ তাৰিখে প্ৰতিষ্ঠানটোৱে কাম আৰম্ভ কৰে।

প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ নিৰ্মাণৰ বাবে ছয়শ কোটি টকা আৱণ্টন কৰা হৈছে। দলং খনত মুঠ খুটাৰ সংখ্যা ২৬ টা।

দলংখনৰ দুয়ো দিশে যোৱা ৰাস্তাই ৩৭নং (ক) আৰু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংযুক্ত কৰিব। এই দলংখনৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত কলিয়াভোমোৰাৰ পুৰণি দলঙত যান -জঁট তথা দুর্ঘটনাৰ সংখ্যা হ্ৰাস পাব বুলি আশা কৰিব পাৰি।

দলংখনৰ নির্মাণত প্ৰায় ৬০০ বনুৱা/ কৰ্মী নিয়োগ কৰা হৈছে। প্ৰতিদিনে দলঙৰ নিৰ্মাণ কাৰ্য্য অব্যাহত আছে যদিও আজিকোপতি দলং খন সম্পূৰ্ণ হৈ উঠা নাই।

গুৰুত্বপূৰ্ণ কথা এয়ে যে নিৰ্মাণৰ দায়িত্ব লাভ কৰা গেমন ইণ্ডিয়া লিমিটেড আৰু এছ পি শিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানে ২০১৮ বৰ্ষত কাম সম্পূৰ্ণ হব বুলি কৈছিল যদিও ২০২২ বৰ্ষৰ মাৰ্চ মাহলৈও কাম সম্পূৰ্ণ হৈ উঠা নাই। নিৰ্দিষ্ট সময়ৰ চাৰি বছৰৰ পাছতো আজিলৈকে দলঙৰ প্ৰায় ৬০ শতাংশ কামহে সম্পূৰ্ণ হৈ উঠা পৰিলক্ষিত হৈছে।

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি থকাৰ সময়ত ১১ মে ২০১৯ তাৰিখে দলঙৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি ২০২০ বৰ্ষৰ ডিচেম্বৰ মাহত কাম সম্পূৰ্ণ হব বুলি ঘোষণা কৰিছিল যদিও সেয়াও আজিকোপতি হৈ নুঠিল। সোণোৱালৰ সেই ঘোষণাৰ আজি এবছৰ পাৰ হল, কিন্তু কাম সম্পূৰ্ণ হৈ নুঠিল।

ৰাইজৰ প্ৰশ্ন,কেতিয়ালৈ সম্পূৰ্ণ হব দলং নিৰ্মাণৰ কাম? নে পুৰণি দলঙতে বহু লোকে দুৰ্ঘটনাত প্ৰাণ দিব লাগিব।
দলং খনত শেহতীয়াকৈ হৈ যোৱা দুটাকৈ ভয়ঙ্কৰ পথ দুর্ঘটনাত সন্ধানহীনহৈ থকা তিনিজনকৈ লোকৰ সন্ধানো আজিলৈকে পোৱা নগ’ল।

যদি কাম তীব্ৰ গতিত কোনো অসুবিধা নোহোৱাকৈ চলি থাকে নিশ্চয় ২০২২ অথবা ২০২৩ বৰ্ষত সম্পূৰ্ণ হোৱাৰ আশা কৰিব পাৰি বুলিও মত প্ৰকাশ কৰে গেমন কোম্পানীৰ কৰ্মচাৰী এগৰাকীয়ে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd