• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিনামূলীয়া ৰেচনৰ হৰলুকি! প্ৰায় ৭০ হাজাৰ কোটি টকাৰ ক্ষতি, দেশজুৰি কেন্দ্ৰীয় প্ৰকল্পত দুৰ্নীতি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 19, 2024 1:25 pm
প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰেচনৰ চাউল আৰু ঘেঁহুক লৈ সমগ্ৰ দেশতে দুৰ্নীতিয়ে ছানি ধৰিছে! ভাৰতীয় খাদ্য নিগমৰ (এফ চি আই) জৰিয়তে সাধাৰণ মানুহৰ মাজলৈ খাদ্য শস্য যোৱাৰ কথা। কিন্তু সমগ্ৰ দেশৰ ২৮ শতাংশ গ্ৰাহকৰ ওচৰ পোৱাৰ পূৰ্বে ৰেচনৰ চাউল আৰু ঘেঁহু হৰলুকি হৈ গৈছে। এই পৰিমাণ শুনিলে মূৰ গৰম হৈ পৰিব, প্ৰায় ২ কোটি টন। আৰু ইয়াৰ বাবেই প্ৰতি বছৰে ৰাজকোষৰ লোকচান হৈছে প্ৰায় ৭০ হাজাৰ কোটি!

ইণ্ডিয়ান কাউন্সিল ফৰ ৰিচাৰ্চ অন ইণ্টাৰনেশ্যনেল ইকনমিক ৰিলেচনছ (ICRIER)ৰ প্ৰতিবেদনত এনে চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। সেই প্ৰতিবেদন অনুসৰি মুকলি বজাৰত বিক্ৰী কৰা হৈছে চাউল আৰু ঘেঁহু। আনকি বিদেশলৈও গৈছে।

এনে সৰবৰাহৰ তালিকাত বিজেপি বা এন ডি এ শাসিত ৰাজ্যই শীৰ্ষ স্থান দখল কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিজৰ ৰাজ্যও তাত আছে। ২০২২-২৩ বিত্তীয় বৰ্ষৰ ভিতৰত সমগ্ৰ দেশতে হৰলুকি হোৱা ৰেচনৰ চাউলৰ ৬৪.৫ শতাংশ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, গুজৰাটৰ পাঁচখন ‘ডাবল ইঞ্জিন’ চৰকাৰ থকা ৰাজ্যৰ পৰা আহিছে।

Apply Now

লগতে পঢ়কঃ সংকট বাঢ়িছে এন বীৰেণ সিঙৰ; ১৮ বিধায়কে বৰ্জন কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বৈঠক!

আনহাতে, পশ্চিমবংগই সৰবৰাহ ৰোধৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। প্ৰতিবেদন অনুসৰি মমতা বেনাৰ্জীৰ চৰকাৰে ৰেচনযুক্ত খাদ্য সামগ্ৰীৰ চোৰাং ব্যৱসায় ৰোধ কৰাত সৰ্বাধিক সফল হৈছে। ২০১১-১২ বিত্তীয় বৰ্ষত বংগত ৰেচন খাদ্য সামগ্ৰীৰ চোৰাং ব্যৱসায়ৰ পৰিমাণ আছিল ৬৯.৪ শতাংশ। ২০২২-২৩ বিত্তীয় বৰ্ষত সেই হাৰ মাত্ৰ ৯ শতাংশলৈ হ্ৰাস পাইছে।

এই প্ৰতিবেদন প্ৰস্তুত কৰিছে তিনিজন গৱেষক ৰায়া দাস, ৰঞ্জনা ৰায় আৰু অশোক গুলাতিয়ে। কোৱা হৈছে যে যোৱা বিত্তীয় বৰ্ষত অধিকাংশ ৰেচনৰ খাদ্য শস্য অৰুণাচলৰ পৰা সৰবৰাহ হৈছিল। সেই ৰাজ্যত ৬৩.২ শতাংশ চাউল আৰু ঘেঁহু গ্ৰাহকৰ হাতত নপৰে।

দ্বিতীয়তে নাগালেণ্ড, য’ত এই হাৰ ৬০.৪ শতাংশ। তৃতীয় স্থানত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিজা ৰাজ্য গুজৰাট। তেওঁ যিমানেই ‘না খৌংগা, না খানে ডুংগা’ শ্লোগান উত্থাপন নকৰক কিয়, বাস্তৱত তেওঁৰ গুজৰাটৰে ৪৩ শতাংশ খাদ্য শস্যৰ ৰেচন বৈধ গ্ৰাহকৰ হাতলৈ যোৱা নাই। অৱশ্যে সামগ্ৰিকভাৱে তালিকাৰ শীৰ্ষত আছে বিজেপিৰ ‘মডেল’ উত্তৰ প্ৰদেশ। যোগী ৰাজ্যত ৰেচনৰ বাবে আবণ্টিত চাউল আৰু ঘেঁহুৰ ৩৩ শতাংশ চোৰাং সৰবৰাহ হৈছে।

লগতে পঢ়কঃ অবৈধ অস্ত্ৰৰ অবাধ ব্যৱহাৰ বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ; কৰ্ম পৰিকল্পনা প্ৰস্তুতৰ নিৰ্দেশ

এই প্ৰসংগত গৱেষকসকলে লোকসভাত খাদ্য আৰু ৰাজহুৱা বিতৰণ ৰাজ্যিক মন্ত্ৰী দনভে ৰাওছাহেব দাদাৰাওৱে দিয়া পৰিসংখ্যাৰ কথাও উল্লেখ কৰিছে। পৰিসংখ্যা অনুসৰি ৰাজহুৱা বিতৰণৰ সৈতে জড়িত ৮০৭টা দুৰ্নীতিৰ গোচৰৰ ভিতৰত উত্তৰ প্ৰদেশত ৩২৮টা দুৰ্নীতিৰ গোচৰ ৰুজু হৈছে।

হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰতো বিপুল হাৰত খাদ্যশস্য মুকলি বজাৰলৈ গৈ আছে। কিন্তু বংগৰ পাছত সৰবৰাহ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰাজ্যখন বিহাৰ বুলি কোৱা হৈছে। উক্ত ১১ বছৰত তেওঁলোকে সৰবৰাহৰ হাৰ ৬৮.৭ৰ পৰা ১৯.২ শতাংশলৈ হ্ৰাস কৰিছে।

ভাৰতৰ ৮ কোটি ১৪ লাখ লোকলৈ চৰকাৰে খাদ্য শস্য যোগান ধৰে। কিন্তু চৰকাৰী আন্তঃগাঁথনি থকাৰ পিছতো ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ পৰা এই বিপুল পৰিমাণৰ খাদ্যশস্য মুকলি বজাৰলৈ যোৱাৰ কাৰণ কি?

লগতে পঢ়কঃ লগ্ন ৰক্ষা! দৰাৰ অনুৰোধত ৰে’ল মন্ত্ৰীৰ সঁহাৰি; পলমকৈ এৰিলে শৰাইঘাট, দৰাযাত্ৰী পালে গুৱাহাটীৰ ৰভাতলী

প্ৰতিবেদনত দাবী কৰা হৈছে যে সমগ্ৰ ব্যৱস্থাটোত এতিয়াও কেইবাটাও ত্ৰুটি আছে। অৱশ্যে আধাৰ নম্বৰ ৰেচন কাৰ্ডৰ সৈতে বাধ্যতামূলকভাৱে লিংক কৰাৰ পিছত কিছু স্পষ্টতা আহিছে। কিন্তু ডিজিটেল ট্ৰেকিং ব্যৱস্থা এতিয়াও স্থাপন নোহোৱাত চোৰাং ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰা সম্ভৱ হোৱা নাই। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd