• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাৰিকলত হোৱাইটফ্লাইৰ আক্ৰমণত বিপৰ্যস্ত নামনি অসমৰ কৃষক

কেৰালাৰ পৰা অনা নাৰিকলৰ পুলিত এই পতংগবিধ অসমলৈ অহাৰ সন্দেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2018 5:37 pm
whiteflies-750x375
233
VIEWS
Share on FacebookShare on Twitter

এইবাৰ হোৱাইটফ্লাই নামৰ এবিধ পতংগৰ আক্ৰমণত ত্ৰাহি মধুসুদন সুঁৱৰিবলগীয়া হৈছে অসমীয়া কৃষকে।  বিশেষকৈ  নাৰিকলৰ গছত এইবিধ পতংগৰ আক্ৰমণৰ ফলত নামনি অসমৰ কামৰূপ, দৰং, নলবাৰী আদি অঞ্চলৰ কৃষকসকল অতি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে ৰুগাছ স্পাইৰেলিং হোৱাইটফ্লাই ((Aleurodicus rugioperculatus)) নামৰ মাখিবিধে প্ৰায় ৫০০০ ডাল গছক আক্ৰমণ কৰিছে আৰু তাৰে অধিকাংশই কৈছে নাৰিকলৰ গছ। কামৰূপ জিলাৰ কমলাপুৰ কৃষিখণ্ডৰ অন্তৰ্গত ৪৫০ হেক্টৰ এলেকাত থকা নাৰিকল গছত এই পতংগবিধৰ আক্ৰমণ দেখা গৈছে।

তেওঁলোকে আৰু কৈছে যে নলবাৰী আৰু দৰং জিলাতো এই পতংগবিধৰ আক্ৰমণ দেখা গৈছে যদিও ঠিক কিমানখিনি অনিষ্ট সাধন কৰিছে তাক নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই।

কৃষি বিজ্ঞানীসকল এই কথাত একমত যে অসমৰ শস্যত হোৱাইটফ্লাইৰ আক্ৰমণ এয়াই প্ৰথমবাৰৰ বাবে দেখা গৈছেআৰু তেওঁলোকে ভাৱে যে দক্ষিণ ভাৰতৰ পৰা লৈ অহা নাৰিকলৰ পুলিত এই পতংগবিধ অসমলৈ আহিছে।

হোৱাইটফ্লাই হৈছে ২মিলিমিটাৰ আকাৰৰ পতংগ। ইয়াৰ গা পাতল হালধীয়া আৰু পাখি ব’গা। এই পতংগবিধে নাৰিকলৰ পাতৰ ভিতৰৰ অংশ খাই পেলায় আৰু ঝাইলেম নলী আৰু ফ্ল’ৱেম কোষত থকা ৰস শুহি পেলায়। এই পতংগবিধে আক্ৰমণ কৰিলে গছৰ পাত হালধীয়া হৈ যায় আৰু অৱশেষত নাৰিকল গছডালৰ মৃত্যু ঘটে।

এই পতংগবিধে তামোল, আম, কল, মধুৰীআম, আদি ২০০ গছৰ ৰস শুহি জীয়াই থাকে। পতংগবিধে গছডালৰ পৰা অত্যাধিক ৰস শোহাৰ লগে লগে পায়ুৰে এবিধ শৰ্কৰাযুক্ত ৰস নিৰ্গত কৰে। এই ৰসে আক্ৰান্ত গছত ক’লা লিকতীয়া এলান্ধুৰ সৃষ্টি কৰে। এই লিকতীয়া এলান্ধুৱে গছৰ সালোক সংশ্লেষণত বাধাৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত গছডালৰ যথেষ্ট ক্ষতিসাধন হয় আৰু পৰিপুষ্টিহীনতাত ভুগি লাহে লাহে মৃত্যুমুখত পৰে।

এই অনিষ্টকাৰী পতংগবিধে আৰু অধিক অনিষ্ট কৰাৰ পূৰ্বে সিহঁতক নিৰ্মূল কৰাৰ উপায় বাহিৰ কৰাৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষিবিজ্ঞানীসকল যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd