• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰী সোণোৱালক প্ৰশ্ন : প্ৰকৃততে ‘বেইমান’ কোন?

সোণোৱালক বুকুত হাত দি আত্মোপলব্ধি কৰাৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 21, 2018 9:58 pm
Pradyut Bordoloi

প্ৰাক্তন মন্ত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈৰ সংবাদমেল। ২১ ডিচেম্বৰত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰকৃততে বেইমান কোন? এই কথা উপলব্ধি কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি প্ৰদ্যুৎ বৰদলৈয়ে।

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ দলক ‘বেইমান’ আখ্যা দিয়া মুখ্য মন্ত্ৰী সোণোৱালক কঠোৰ সমালোচনা কৰাৰ লগতে তেওঁৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে।

Apply Now

বৰদলৈয়ে কয়, “মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁ বৰ্তমান থকা দলটোৰ উত্তৰসূৰীসকলৰ ইতিহাস পাহৰি গৈছে। সেই দলৰ উত্তৰসূৰীসকলে ব্ৰিটিছৰ সহযোগী হৈ ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিপক্ষে থিয় দিছিল। ভাৰতৰ ধৰ্মনিৰপেক্ষ পৰিস্থিতিক নসাৎ কৰি ধৰ্মীয় মেৰুকৰণৰে ৰাজনৈতিক স্বাৰ্থসিদ্ধি কৰি আছে।”

বৰদলৈয়ে লগতে প্ৰকৃততে ‘বেইমান কোন’ সেই কথা সৰ্বানন্দ সোণোৱালক বুকুত হাত দি আত্ম-উপলব্ধি কৰাৰ বাবেও আহ্বান জনায়।

তেওঁ কংগ্ৰেছ দলৰ ইতিহাসৰ কথা সোঁৱৰাই দি কংগ্ৰেছে ভাৰতৰ সকলো জাতি-ধৰ্ম-বৰ্ণৰ লোকক লগত লৈ এক বহুত্ববাদী ভাৰতীয়ত্ব প্ৰতিষ্ঠা কৰা বুলি মন্তব্য কৰে।

“যি দলে অহিংসাৰ জৰিয়তে দেশৰ স্বাধীনতা অৰ্জন কৰালে, সাম্প্ৰদায়িক বিষবাষ্প নোহোৱা কৰিলে। সেই দলক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বেইমান বুলি কৈছে”, প্ৰদ্যুৎ বৰদলৈয়ে কয়।

ইয়াৰ উপৰি বৰদলৈয়ে মুখ্য মন্ত্ৰী সোণোৱালক ‘কথাই প্ৰতি লুটি-বাগৰ মাৰিব পৰা’ আৰু ‘দিল্লীৱালা নেতাৰ ভৰি চুই ক্ষমতা সৰ্বস্ব ৰাজনীতি কৰা’ বুলিও কটাক্ষ কৰে।

‘তেওঁক অসমৰ ইতিহাসে দ্বিতীয়জন বদন বৰফুকন বুলি স্মৰণ কৰিব’ বুলি কৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জাতি-মাটি-ভেটি ৰক্ষাৰ আশ্বাস দি এতিয়া জাতিক সংকটৰ মুখলৈ ঠেলি দিয়াৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি মন্তব্য কৰে। সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনতেই এতিয়া লুণ্ঠন, চিণ্ডিকেটৰাজে চানি ধৰিছে বুলিও তেওঁ কয়।

বিজেপি চৰকাৰে এতিয়া পুঁজিপতিৰ হাতত দেশৰ অৰ্থনীতি গতাই দিয়া বুলি মন্তব্য কৰি কংগ্ৰেছে কেইজনমান পুঁজিপতিৰ হাতত দেশৰ অৰ্থনীতি গতাই দিয়া নাছিল বুলিও প্ৰদ্যুৎ বৰদলৈয়ে কয়।

উল্লেখ্য যে, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীৰ এখন সভাত কংগ্ৰেছ দলক ‘বেইমান’ আখ্যা দিছিল। লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও কংগ্ৰেছক ‘ননছেনছ’ বুলি কৈছিল। মুখ্য মন্ত্ৰীৰ লগতে ৰঞ্জিত দাসৰ মন্তব্যত ক্ষুব্ধ প্ৰদেশ কংগ্ৰেছৰ আহ্বানত আজি সমগ্ৰ ৰাজ্যতে কংগ্ৰেছ-কৰ্মীসকলে তেওঁলোকৰ পুত্তলিকাও দাহ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd