NORTHEAST NOW (Assamese)

অসমৰ আইদেউ সন্দিকৈ : কিন্তু ভাৰতৰ চিনেমা জগতৰ প্ৰথম অভিনেত্ৰী কোন? জানেনে আপুনি?

March 11, 2025 9:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 11, 2025 8:11 pm

ভাৰতৰ চিনেমা জগতৰ প্ৰথম অভিনেত্ৰী কোন আছিল জানেনে? ৯৯% লোকে নাজানে ভাৰতৰ ৰূপালী পৰ্দাৰ প্ৰথম অভিনেত্ৰী গৰাকীৰ নাম। তেওঁৰ পৰিয়ালটো প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চিনেমাৰ সৈতে জড়িত হৈ আছে।

যি সময়ত অভিনেত্ৰীক হেয় দৃষ্টিৰে চোৱা হৈছিল সেই সময়ত অভিনয় জগতত প্ৰৱেশ কৰিছিল তেওঁ । সমাজে তেতিয়া অভিনয় কৰা মহিলা সকলক বেশ্যা বুলি জ্ঞান কৰিছিল। অৱশ্যে সকলো কলংকৰ বোজা লৈ চিনেমাৰ জগতত পদাপৰ্ণ কৰিছিল কেইগৰাকীমান অভিনেত্ৰীয়ে।

যেতিয়া ভাৰতত চিনেমা শিল্পটো আৰম্ভ হৈছিল, তেতিয়া সেই পৃথিৱীখন সম্পূৰ্ণ পিতৃতান্ত্রিক আছিল। দৰাচলতে ভাৰতত চিনেমাৰ আগতেও ভ্ৰাম্যমাণ থিয়েটাৰৰ অস্তিত্ব আছিল যদিও পুৰুষেই সদায় নাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল, শাৰী আৰু গহনা পিন্ধিছিল।  চলচ্চিত্ৰ জগতৰ প্ৰাৰম্ভিক দিনত পুৰুষে মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল।

কিন্তু সেই পৰম্পৰা ভংগ কৰিলে দুৰ্গাই। তেওঁৰ জন্ম হৈছিল ১৮৭৯ চনত। মুম্বাইৰ জে জে স্কুল অৱ আৰ্টছৰ ইতিহাস শিক্ষক আনন্দ নানোস্কাৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ। কিন্তু তেওঁৰ বিবাহ স্থায়ী নহল। একমাত্ৰ কন্যা কমলাক লগত লৈ তাই স্বামীৰ পৰা বিচ্ছেদ ল’লে। আৰম্ভ হ’ল তেওঁৰ জীৱনৰ এটা নতুন অধ্যায়।

ব্ৰাহ্মণ কন্যা হোৱাৰ পিছতো দুৰ্গবাইয়ে চিনেমা আৰু থিয়েটাৰ কৰাৰ বাবে বহু উপহাস সহ্য কৰিবলগীয়া হৈছিল। ব্ৰাহ্মণ সমাজে তেওঁক বৰ্জন কৰিছিল। দুৰ্গবাই আছিল প্ৰখ্যাত মাৰাঠী অভিনেতা চন্দ্ৰকান্ত গোখলেৰ আইতাক।

‘হম দিল দে চুকে সনাম’ চিনেমাৰ অভিনেতা বিক্ৰম গোখলে তেওঁৰ প্ৰপৌত্ৰ। দুৰ্গাই প্ৰায় ৭০ খন ছবিত অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা শেষ ছবিখন আছিল ১৯৮০ চনত মুক্তি পোৱা গহাৰাই। অৱশেষত ১১৭ বছৰ বয়সত পুনেত তেওঁৰ মৃত্যু হয়।

১৯১৩ চনত দুৰ্গবাই দেৱী পাৰ্বতীৰ চৰিত্ৰত অভিনয় কৰিছিল মোহিনী ভাছমাছুৰ ছবিত। একেখন ছবিতে মাত্ৰ ১৩ বছৰ বয়সতে তেওঁৰ কন্যা কমলা বাইয়ে মোহিনীৰ চৰিত্ৰত অভিনয় কৰিছিল।

এইদৰে কমলা ভাৰতৰ প্ৰথম শিশু শিল্পী আৰু দুৰ্গবাই চিনেমাৰ প্ৰথম মহিলা অভিনেত্ৰী হিচাপে পৰিগণিত হয়।

Related News