• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কিয় মণিপুৰত দিয়া নাই ৰাষ্ট্ৰপতিৰ শাসন? উত্তৰ দিলে গৃহমন্ত্ৰী অমিত শ্বাহে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2023 10:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাৰি মাহ পাৰ হৈ গ’ল, মণিপুৰৰ হিংসা এতিয়াও বন্ধ হোৱা নাই। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ দাবীত বিৰোধীয়ে সংসদত কেন্দ্ৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে। 

চৰকাৰ ভংগ কৰাৰ কোনো পৰিকল্পনা নাই বা মণিপুৰৰ মুখ্যমন্ত্ৰীক পদৰ পৰা অপসাৰণ কৰাৰ কোনো পৰিকল্পনা নাই বুলি মন্তব্য কৰিছে বিজেপিয়ে। 

Apply Now

বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত কয় যে মণিপুৰত দুটা সম্প্ৰদায়ৰ মাজত সংঘাতৰ সৃষ্টি হোৱাৰ পিছতো কিয় মণিপুৰ চৰকাৰ ভংগ নহ’ল। মণিপুৰৰ এন বীৰেণ সিং চৰকাৰে হিংসা ৰোধ কৰাত পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে কয়।

যোৱা মে’ মাহৰ পৰা মণিপুৰত সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি হৈছে। কুকি আৰু মেটেই সম্প্ৰদায়ৰ মাজত সংঘৰ্ষত এতিয়ালৈকে ১৫০ জন লোকৰ প্ৰাণহানি হৈছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত দুগৰাকী মহিলাক উলংগ কৰি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। 

বিৰোধীয়ে দাবী কৰিছে যে মণিপুৰত প্ৰশাসনিক ব্যৱস্থা সম্পূৰ্ণৰূপে ভাঙি গৈছে। ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী। মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিব লাগে। যোৱা জুন মাহত যেতিয়া বিৰোধী দলসমূহে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছিল, তেতিয়া মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰো দাবী উত্থাপন হৈছিল।

কালি সংসদত পুনৰবাৰ এন বীৰেণ সিঙৰ পদত্যাগৰ দাবী জনাইছে বিৰোধী নেতাসকলে। কংগ্ৰেছৰ গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি এন চি পিৰ সুপ্ৰিয়া চুলে আৰু তৃণমূল কংগ্ৰেছৰ সৌগতা ৰায় – সকলোৱে মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন আৰু মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছিল।

বিৰোধীৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “চৰকাৰে সহযোগ নকৰিলে ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয়। কিন্তু মণিপুৰ চৰকাৰে কেন্দ্ৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। মুখ্যমন্ত্ৰীয়ে সহযোগ কৰিছে।”

গৃহমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে। সংসদৰ বাহিৰত তেওঁ কয়, ‘মণিপুৰত ৬০ হাজাৰ লোক সাহায্য শিবিৰত বসবাস কৰি আছে, আৰু কেন্দ্ৰই কয় যে মুখ্যমন্ত্ৰীয়ে সহযোগ কৰিছে। এনে সহযোগিতাৰ কোনো প্ৰয়োজন নাই, নৈতিকতাৰ খাতিৰত প্ৰধানমন্ত্ৰীয়ে এতিয়াই মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰক। ই মুখ্যমন্ত্রীৰ কেনেধৰণৰ সহযোগিতা, য’ত আৰক্ষী চকীৰ পৰা অস্ত্ৰ-শস্ত্ৰ লুট কৰা হৈছে। গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীৰ ভুল স্বীকাৰ কৰাৰ সাহস নাই।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd