• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

আৰ এছ এছ-বিজেপিক কিয় আমি ব্ৰাহ্মণ্যবাদী বুলি কওঁ?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
January 12, 2026 8:45 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

​ব্ৰাহ্মণ্যবাদ মানে কি? বিজেপি, আৰ এছ এছক আমি কিয় ব্ৰাহ্মণ্যবাদী বুলি কওঁ? অতি সহজ কথাত ক’বলৈ হ’লে ব্ৰাহ্মণ্যবাদ মানে হ’ল বৰ্ণবাদ; অৰ্থাৎ সমাজত উচ্চ-নীচ জাতি-ভেদ। আজিৰ পৰা কেইবা হাজাৰো বছৰ আগতে ব্ৰাহ্মণ, অৰ্থাৎ পুৰণি দিনৰ ধৰ্মযাজকসকলে, নিজৰ সুবিধাৰ বাবে দুখীয়া-দৰিদ্ৰ মানুহক শোষণ কৰিবলৈ এই মতবাদ উলিয়াইছিল। প্ৰথমে ঋকবেদৰ ‘পুৰুষ সূক্ত’ত ইয়াৰ উল্লেখ পোৱা যায়। বহু পণ্ডিতে মত পোষণ কৰে যে আদিতে ঋকবেদত এই সূক্তটো নাছিল; এইটো এটা পিছৰ সংযোজনহে। কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে ই প্ৰচাৰিত হৈ থাকে আৰু মনুস্মৃতিৰ সময়ত ই এক চূড়ান্ত ৰূপ পায়। ব্ৰাহ্মণ্যবাদৰ উৎপত্তি হৈছিল ব্ৰাহ্মণসকলৰ আচাৰ-অনুষ্ঠান আৰু নীতি-বিচাৰৰ পৰা। কিন্তু এতিয়া ই কেৱল ব্ৰাহ্মণসকলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, বা এতিয়া সকলো ব্ৰাহ্মণেই ব্ৰাহ্মণ্যবাদী নহয়। আনহাতে, অব্ৰাহ্মণ এচামৰ মাজতো ব্ৰাহ্মণ্যবাদী ধ্যান-ধাৰণা দলৈকে শিপাই থাকিব পাৰে আৰু আছেও।

​ঐতিহাসিক সময়ত কোনে কোনে এই জাত-পাতৰ বিৰোধিতা কৰিছিল? তেওঁলোকৰ ভিতৰত এক নম্বৰতে আহিব আমাৰ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮)। তেওঁ ‘একশৰণ নামধৰ্ম’ৰ যোগেদি সকলো জাতি-জনজাতি, আনকি অন্য ধৰ্মৰ লোককো সামৰি লৈ কেৱল নাম-কীৰ্তনৰ মাধ্যমেৰে মানুহৰ মুক্তিৰ জয়গান গাইছিল। তাৰ পিছত আমি পাওঁ মহাৰাষ্ট্ৰৰ জ্যোতিবা ফুলে (১৮২৭-১৮৯০); তেওঁ ‘সত্যশোধক সমাজ’ৰ যোগেদি মানুহৰ মাজত শিক্ষা আৰু সামাজিক সাম্যৰ বাণী বিলাইছিল। তাৰ পিছত পাওঁ কেৰালাৰ শ্ৰী নাৰায়ণ গুৰু (১৮৫৫-১৯২৮)। তেওঁৰ বিখ্যাত শ্লগানটো আছিল— ‘এক জাতি, এক ধৰ্ম আৰু সকলোৰে বাবে এজন ভগৱান’। এওঁলোকৰ পিছত আহিল মহাত্মা গান্ধী (১৮৬৯-১৯৪৮)। গান্ধীয়ে অস্পৃশ্যতা বৰ্জনৰ যোগেদি জাতি-ভেদ প্ৰথাৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। আনহাতে, বি. আৰ. আম্বেদকাৰে (১৮৯১-১৯৫৬) মনুস্মৃতি দাহ কৰিছিল আৰু তেওঁ সকলোৰে সমান অধিকাৰৰ সাংবিধানিক প্ৰমূল্যৰ কথা কৈছিল। সৰ্বোপৰি তেওঁ বৰ্ণপ্ৰথাৰ বিলোপ সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। সমসাময়িকভাৱে পেৰিয়াৰ ই. ভি. ৰামস্বামীয়ে (১৮৭৯-১৯৭৩) দক্ষিণ ভাৰতত ব্ৰাহ্মণ্যবাদক সকলো সামাজিক অন্যায় আৰু অনীতিৰ মূল কাৰণ বুলি অভিহিত কৰি তাৰ ঘোৰ বিৰোধিতা কৰিছিল। আধুনিক ভাৰতৰ দলিত-বহুজন আন্দোলনৰ কথা নকলোৱেইবা।

Apply Now

​আৰ এছ এছ-বিজেপিয়ে কি কয়? প্ৰথম কথা, আৰ এছ এছে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা নাছিল। সৌ সিদিনালৈকে, অৰ্থাৎ ২০০২ চনলৈকে, তেওঁলোকে আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা নাছিল। তেওঁলোকে ভাৰতৰ সংবিধানখনকে মানি নলয়। ভাৰতীয় পৰম্পৰাৰ লগত সম্পৰ্ক নথকা, মনুস্মৃতি আৰু হিন্দু ধৰ্মক গুৰুত্ব নিদিয়া, বিদেশী ধ্যান-ধাৰণাৰ পৰা ধাৰ কৰি অনা এখন ‘অদৰকাৰী সংবিধান’ বুলি তেওঁলোকে ভাৰতৰ সংবিধানখনক অমান্য কৰি আহিছে। মাজে মাজে তেওঁলোকে এই সংবিধানখন সলাই মনুস্মৃতিৰ আদৰ্শত এখন নতুন সংবিধান ৰচনাৰ ভাবুকি দি আহিছে।

​আৰ এছ এছ নিৰ্দেশিত বিজেপিৰ আদৰ্শ হ’ল ব্ৰাহ্মণ্যবাদী আদৰ্শ। তেওঁলোকে ভাৰতত দলিত, বহুজন, অনুসূচীত জাতি, জনজাতি আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ সমান অধিকাৰ আছে বুলি মানি নলয়। বিজেপিৰ যোৱা ১১/১২ বছৰীয়া শাসনত এই শ্ৰেণীৰ লোকসকলক কেনেকৈ হাৰাশাস্তি কৰা হৈছে আৰু তেওঁলোকৰ ওপৰত কি অত্যাচাৰ কৰা হৈছে, সেয়া আমি সকলোৱে দেখি আছোঁ। তেওঁলোকে হিন্দু ধৰ্মৰ ওপৰত প্ৰাধান্য দি, মনুস্মৃতিৰ আদৰ্শত হিন্দু-হিন্দী কেন্দ্ৰিক এখন ‘হিন্দু ৰাষ্ট্ৰ’ তৈয়াৰ কৰিব বিচাৰে। তাত দলিত, আদিবাসী, মুছলিম, খ্ৰীষ্টান সকলো থাকিব পাৰিব, কিন্তু বৰ্ণ-হিন্দুসকলৰ তলতীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপেহে।

​আৰ এছ এছ-বিজেপিৰ অৰ্থনীতি কি? দেশৰ সম্পত্তি আৰু সম্পদ ধনী বণিক আদানী, আম্বানী আদিৰ দৰে লোকক গটাই দিয়া। তাৰ বাবে যদি আইন ভাঙিব লাগে ভাঙি দিয়া, আৰু যদি নতুন আইন কৰিব লাগে, কৰি দিয়া। আধুনিক ব্ৰাহ্মণ্যবাদৰ আৰু এটা লক্ষণ হৈছে উত্তৰ ভাৰতীয় আৰু বিশেষকৈ গুজৰাটী লবীৰ আধিপত্য। আমোলাই হওক বা বণিক-ঠিকাদাৰেই হওক, এতিয়া সকলোতে কেৱল উত্তৰ ভাৰত আৰু গুজৰাটৰ, অৰ্থাৎ মোদী-শ্বাহ লবীৰ অবাধ প্ৰাধান্য। কোনোবাই ক’ব পাৰে— বিজেপিত নিম্নজাতৰ মানুহো দেখোন আছে। হয়, আছে; কিন্তু তেওঁলোক বিজেপি-আৰ এছ এছৰ দালাল হিচাপেহে আছে। দলিত, আদিবাসী, অনুসূচীত জাতি, জনজাতি বা সংখ্যালঘু সাধাৰণ মানুহৰ সম-অধিকাৰ আৰু উন্নয়নৰ বাবে তেওঁলোক নাই। ভোটৰ বাবে তেওঁলোকক ভেটি দি কিনি লোৱা হয়; যিটো আমি দিনে-ৰাতিয়ে চকুৰ আগত দেখি আছোঁ।

​শেষত এটা কথা কৈ সামৰিব খুজিছোঁ। সকলো জাতি-জনগোষ্ঠীক লৈ ‘বৰ অসম’ৰ ভেটিটো কোনে গঢ়িছিল? শংকৰদেৱে। শংকৰদেৱৰ সুযোগ্য উত্তৰাধিকাৰী আছিল মাধৱদেৱ। গুৰুদুজনা জীয়াই থাকোঁতে ৰাজ-অনুগ্ৰহত গঢ় লৈ উঠা ব্ৰাহ্মণ্যবাদৰ বাবে তেওঁলোকৰ যি লটিঘটি হৈছিল, সেয়া আমি জানো। শংকৰদেৱৰ মৃত্যুৰ পিছত নৱবৈষ্ণৱ ধৰ্মতো ফাট মেলিছিল। এই ফাট মেলাৰ অন্তৰালতো ব্ৰাহ্মণ্যবাদৰ প্ৰভাৱ আছিল। শেষত শংকৰদেৱৰ সাৰবস্তু ৰৈছিলগৈ কাল-সংহতিৰ সমৰ্থক মোৱামৰীয়াসকলৰ মাজত, য’ত সমাজৰ একেবাৰে নিম্নবৰ্ণৰ লোকসকল আৰু পাহাৰীয়া ভাই-ভনীসকলৰ মাজত সমানতা আৰু একতা বৰ্তি আছিল।

​মোৱামৰীয়া বিদ্ৰোহৰ অন্য কাৰণৰ কথা ঐতিহাসিকসকলে কৈছে, কিন্তু তাৰ এটা অন্যতম কাৰণ আছিল ব্ৰাহ্মণ্যবাদৰ বিৰোধিতা। মনত ৰাখিব, মোৱামৰীয়া বিদ্ৰোহ আহোম ৰাজত্বৰ পতনৰ এটা অন্যতম কাৰণ আছিল। এইখিনিতে আপোনালোকে আহোমৰ ৰজাঘৰ আৰু প্ৰজাঘৰৰ মাজৰ পাৰ্থক্যটো পাহৰি নাযায় যেন। ব্ৰাহ্মণ্যবাদৰ পৃষ্ঠপোষক আছিল ৰজাঘৰীয়াহে। মোৱামৰীয়াৰ ৰণ আছিল এই ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে। ই যদিও এক ৰক্তাক্ত বিদ্ৰোহ আছিল, তাৰ অন্তৰালত আছিল বৈষ্ণৱ ধৰ্মীয় উদাৰ মানৱতাবাদৰ প্ৰেৰণা, যাক কাল-সংহতিৰ সত্ৰসমূহে জীৱন্ত কৰি ৰাখিছিল। আজিৰ যুগটো হিংসা আৰু ৰক্তাক্ত যুঁজৰ সময় নহয়; কিন্তু উচ্চ-নীচৰ বৰ্ণবাদী হিন্দুত্বৰ আগ্ৰাসন প্ৰতিহত কৰিবলৈ মোৱামৰীয়া বিদ্ৰোহৰ মূল প্ৰেৰণা আজিও আমাৰ সাংবিধানিক মানৱতাবাদী পথ হ’ব পাৰে।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd