পৰকীয়া প্ৰেমৰ পৰিণতিত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে এজন ব্যক্তিয়ে। এজন ৰাজমিস্ত্ৰীৰ প্ৰেমত মচগুল হৈ পত্নীয়ে হত্যা কৰিছে এই লোকজনক। স্বামীক হত্যা কৰি প্ৰেমিক ৰাজমিস্ত্ৰীৰ লগত পলায়ন কৰিছে মহিলাগৰাকীয়ে।
উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰ অনুসৰি, পিংকি নামৰ অভিযুক্ত মহিলাগৰাকী পেছাত শিক্ষক ৰাজেশ গৌতমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। দম্পতীহালৰ দুটা সন্তান আছে।
শিক্ষকতাৰ লগতে ৰাজেশ ৰিয়েল এষ্টেট ব্যৱসায়ৰ সৈতেও জড়িত। শৈলেন্দ্ৰ সোণকাৰ নামৰ এগৰাকী ৰাজমিস্ত্ৰীক কিছুদিন পূৰ্বে এটা বাসগৃহ নিৰ্মাণ কৰাৰ কাৰ্যত নিয়োগ কৰিছিল ৰাজেশে।
সেই সময়ৰ পৰাই ৰাজমিস্ত্ৰী শৈলেন্দ্ৰৰ সৈতে ঘনিষ্ঠতা গঢ়ি উঠিছিল পিংকিৰ। এই কথা জানিব পাৰি ৰাজেশে শৈলেন্দ্ৰক কামৰ পৰা আঁতৰাই দিয়ে। ইয়াতে খৰ্গহস্ত হৈ শৈলেন্দ্ৰ-পিংকিয়ে ৰাজেশক হত্যা কৰাৰ পৰিকল্পনা কৰে।
পিংকিৰ উদ্দেশ্য আছিল ৰাজেশক হত্যা কৰি তেওঁৰ সকলো সম্পত্তিৰ মালিকীস্বত্ব লোৱা। লগতে ৰাজেশৰ জীৱন বীমাৰ পৰাও বিপুল ধন দাবী কৰাৰ পৰিকল্পনা আছিল মহিলাগৰাকীৰ।
এই পৰিকল্পনাৰে ৰাজেশৰ খাদ্যত বিষ মিহলাই তেওঁক হত্যাৰ চেষ্টা কৰা হয়। কিন্তু চিকিৎসালয়লৈ নিয়াৰ পিছত প্ৰাণৰক্ষা পৰে ৰাজেশৰ। ইয়াৰ পিছত পিংকিয়ে ৰাজেশক হত্যা কৰিবলৈ নিয়োগ কৰে ভাড়াতীয়া হত্যাকাৰী।
ৰাজেশক হত্যাৰ বাবে এই ভাড়াতীয়া হত্যাকাৰীক তিনি লাখ টকা দিয়ে পিংকিয়ে। কিন্তু হত্যাকাণ্ড সংঘটিত নকৰাকৈয়ে নোহোৱা হৈ পৰে ভাড়াতীয়া হত্যাকাৰী। ইয়াৰ পিছতে পিংকি-শৈলেন্দ্ৰই ৰাজেশক নিজেই হত্যা কৰিবলৈ চেষ্টা কৰে।
যোৱা ৪ নৱেম্বৰত ৰাজেশে মৰ্নিং ৱাক কৰি থকাৰ সময়তে দুয়ো গাড়ীৰে মহতিয়াই হত্যা কৰে ৰাজেশক। কিন্তু এই ঘটনাৰ তদন্তৰ সময়তে চিচিটিভিৰ ফুটেজৰ পৰা পিংকি আৰু শৈলেন্দ্ৰক চিনাক্ত কৰে আৰক্ষীয়ে।
অৱশ্যে আৰক্ষীৰ চকুত ধূলি দি পৰকীয়া প্ৰেমিক ৰাজমিস্ত্ৰী শৈলেন্দ্ৰৰ সৈতে পলায়ন কৰে পিংকিয়ে। পলাতক দুই অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে এতিয়াও অনুসন্ধান অব্যাহত ৰাখিছে।





