বিয়াৰ কেইমাহমানৰ ভিতৰতে স্বামীক হেৰুৱাই পেলোৱা এগৰাকী মহিলা। ছিয়াচেন আৰ্মী কেম্পত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ ফলত সেনা বিষয়াজনে প্ৰাণ হেৰুৱাই। এবছৰৰ পাছত যেতিয়া তেওঁক মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ সামৰিক সন্মান ‘কীৰ্তি চক্ৰ’ প্ৰদান কৰা হয়, তেতিয়া তেওঁৰ পত্নীয়ে সেই সন্মান গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই সন্মান লাভ কৰাৰ পাছত তেওঁ নিজৰ জীৱনৰ কথা কয়। সেই কথা শুনি গোটেই দেশৰ চকুলো ওলাই আহিল। আৰু তেতিয়াই মহিলাগৰাকীৰ বিৰুদ্ধে এজন লোকে অপমানজনক মন্তব্য কৰে! ছ’চিয়েল মিডিয়াত আহমদ কে নামৰ এজন ব্যক্তিৰ এনে মন্তব্যক কেন্দ্ৰ কৰি বিতৰ্কৰ সৃষ্টি হৈছে।এই বিষয়ত ৰাষ্ট্ৰীয় মহিলা আয়োগেও ব্যৱস্থা গ্ৰহণৰ বাবে দিল্লী আৰক্ষীৰ কাষ চাপিছে৷
কেপ্তেইন অংশুমান সিঙৰ পত্নী স্মৃতিয়ে কয় যে তেওঁলোকৰ প্ৰথমে প্ৰেম হৈছিল। ইয়াৰ পাছত তেওঁলোক ৮ বছৰ আঁতৰত থাকিল, বিয়াৰ বাবে অপেক্ষা কৰি। ২০২৩ চনত তেওঁলোকৰ বিবাহ হয়। সেই বছৰতে ১৮ জুলাইৰ নিশা স্বামী-স্ত্ৰীৰ মাজত ফোনত দীঘলীয়া কথা পাতিছিল।
কিন্তু কোনে জানিছিল, ১৯ জুলাইৰ পুৱা স্মৃতিলৈ ফোন আহিব, যে অংশুমান সিং আৰু নাই! সেনাৰ অস্ত্ৰভাণ্ডাৰত শ্বৰ্ট চাৰ্কিটৰ ফলত ছিয়াচেন সেনা শিবিৰত অগ্নিকাণ্ড সংঘটিত হয়। অংশুমানে বহু লোকৰ জীৱন ৰক্ষা কৰিলে। কিন্তু তেওঁ নিজে জীয়াই থাকিব নোৱাৰিলে। প্ৰথম কেইঘণ্টামান স্মৃতিয়ে এই খবৰটো বিশ্বাস কৰিব নোৱাৰিলে।
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে স্মৃতিৰ এই কথা। তেওঁৰ ভিডিঅ’ আৰু ছবি সকলোতে বিয়পি পৰিল। দিল্লীৰ বাসিন্দা আহমেদ কে নামৰ এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেনে এখন ছবিৰ তলত অতি অপমানজনক মন্তব্য পোষ্ট কৰিছিল। ইয়াৰ পিছত সকলোৱে সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিবলৈ ধৰিলে।
এইবাৰ মহিলা আয়োগেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। ব্যক্তিজনৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই দিল্লী আৰক্ষীলৈ পত্ৰ লিখিছে। মহিলা আয়োগে কয় যে ব্যক্তিজনৰ বিৰুদ্ধে ভাৰতীয় সংবিধানৰ ৭৯ নং অনুচ্ছেদ আৰু তথ্য প্ৰযুক্তিৰ ৬৭ নং দফা উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে।