অসমত ক্ৰমশঃ বৃদ্ধি পাই আহিছে ঘৰুৱা হিংসা তথা নাৰীজনিত অপৰাধ। প্ৰত্যেক দিনাই পুৰুষৰ নিৰ্যাতনৰ বলি হৈ মহিলাৰ মৃত্য হোৱা খবৰ এতিয়া সুলভ হৈ আহিছে। এনে ধৰণৰ হিংসা ৰোধ কৰাত সম্পূৰ্ণৰূপে বৰ্থ হৈছে আৰক্ষী-প্ৰশাসন।
এটি ঘটনাৰ খবৰ অনুসৰি, দেওবাৰে অসমৰ জামুগুৰিহাটৰ এগৰাকী মহিলাক নিজ স্বামীয়ে হত্যা কৰে।
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ সমীপৰ মৰিছুতি গাঁৱত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, মহিলাগৰাকীক স্বামীয়ে চোকা ছুৰীৰে আঘাত কৰি হত্যা কৰে।
মৃত যুৱতীগৰাকীক মাজিদা বেগম বুলি চিনাক্ত কৰিছে বিষয়াসকলে। স্থানীয় ৰাইজৰ সহযোগত অভিযুক্ত স্বামীক আটক কৰিবলৈ সক্ষম হয় বিষয়াসকলে।
অভিযুক্ত স্বামীৰ নাম দিলোৱাৰ হুছেইন। ইফালে, আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে অভিযুক্তক জেৰা কৰি তেওঁৰ পৰা স্বীকাৰোক্তি উলিয়াবলৈ চেষ্টা চলাইছে বুলি উল্লেখ কৰিছে বিষয়াসকলে।





