ৰংজুলিৰ ধনুভাঙাত বন্যহস্তীৰ সন্ত্ৰাসৰ বাবেই বন্ধ বিদ্যালয়ৰ পাঠদান ৰংজুলি আৰু ধনুভাঙা অঞ্চলত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস ৷
বন্যহস্তীৰ সন্ত্ৰাসৰ বাবেই বিদ্যালয়ৰ বন্ধ ৰাখিব লগা হ’ল ধনুভাঙাত ৷
খাদ্যৰ সন্ধানত যোৱা নিশা এটা বন্যহস্তীয়ে ধনুভাঙা শংকৰদেৱ শিশু নিকেতনত প্ৰৱেশ কৰে ৷
হাতীয়ে নিকেতনখনৰ শ্ৰেণীকোঠাৰ বেৰ ভাঙি লণ্ড-ভণ্ড কৰে ৷
আনকি বিদ্যালয়ৰ ব্লেক বোৰ্ড ভাঙি বিস্তৰ ক্ষতি সাধন কৰে ৷
যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰিব নোৱাৰা হয় বিদ্যালয়খনত ৷
বিদ্যালয়খনত পাঠদান বন্ধ ৰাখিবলগীয়া হোৱাত শিক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হৈছে।