গোৱালপাৰাৰ মাটিয়া কাৰিপাৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। পুৱতি নিশা এটা অকলশৰীয়া প্ৰকাণ্ড হাতীৰ গচকত মৃত্যু হ’ল মাতৃ আৰু পুত্ৰৰ ৷
হাতীৰ গচকত নিহত মাতৃ গৰাকীৰ নাম মঞ্জিলা খাতুন আৰু চাৰিবছৰীয়া পুত্ৰ মিনহাজুল হক৷ ঘটনাস্থলীত আৰক্ষী আৰু বনবিভাগৰ লোক উপস্থিত হৈছে যদিও বন বিভাগৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে স্থানীয় লোক।
লগতে পঢ়ক: শ্বাহৰ অধিবক্তা হোৱাৰ পুৰস্কাৰ নাছিল পদ; ৰিজিজুৰ কলেজিয়াম প্ৰশ্নৰো উত্তৰ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ
স্থানীয় ৰাইজে ৰংজুলি বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।
উল্লেখ্য যে, হাতী-মানুহৰ সংঘাতে গোৱালপাৰা জিলাখনত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ এই ক্ষেত্ৰত মহামান্য উচ্চ ন্যায়ালয়ে জাননী জাৰি কৰিছিল যে হাতী-মানুহৰ সংঘাত ৰোধ কৰিবৰ বাবে টাস্ক’ ফৰ্চ গঠন কৰিব লাগে। কিন্তু আজিৰ তাৰিখলৈকে জিলা বন বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই ৷
লগতে পঢ়ক: ভাৰতত পুনৰ ভূমিকম্প; এইবাৰ কঁপি উঠিল পঞ্জাৱ
আনহাতে, নিহত মাতৃ-পুত্ৰৰ ঘৰ গোৱালপাৰাৰ ৰাক্ষসিনী গাৰোপাৰাত। পেটৰ তাড়নাত ইটাভাটাত হাজিৰা কৰিবৰ বাবে কাৰিপাৰালৈ আহিছিল দৰিদ্ৰ পৰিয়ালটো।