• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বনৰীয়া হাতীৰ আক্ৰমণত ওদালগুৰি, কাৰ্বি আংলঙত নিহত ৫জন

নংগি তেৰাং/চাজিদ খান by নংগি তেৰাং/চাজিদ খান
December 4, 2018 7:34 pm
wild-elephant-herd-west-KA-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৪ নৱেম্বৰ মঙলবাৰে পশ্চিম কাৰ্বি আংলঙত আজি জাকৰ পৰা এৰা খাই অহা এটা বনৰীয়া হাতীৰ আক্ৰমণত এটি শিশুকে ধৰি ৪জন ব্যক্তি নিহত হৈছে। ওদালগুৰি জিলাৰ বৰেহাবাৰীতো হাতীয়ে এজন ব্যক্তিক গছকি হত্যা কৰিছে।

কাৰ্বি আংলং জিলাৰ খেৰণি ফৰেষ্ট ৰেঞ্জৰ অন্তৰ্গত এডাৰা কুঁহিয়াৰ খেতিত দল এৰি অহা বনৰীয়া হাতীটোৱে লোককেইজনক আক্ৰমণ কৰে। মৃত ব্যক্তিকেইগৰাকীক লক্ষ্মী দেৱী (৬৫), মোহিত চৌহান (১২) পূৰ্ণিমা থাপা (৩৫) আৰু লক্ষ্মী দেৱী (৪৭) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে বহু দিনৰ পৰা বনৰীয়া হাতীৰ এই জাকটোৱে বগৰীহাট, ফেলাংপি আৰু প্ৰিলু এলেকাত ঘূৰা-ফিৰা কৰি আছে।

Apply Now

উল্লেখ্য যে মানুহে হাতীৰ আৱাসভূমিত বেদখল কৰা আৰু আন আন কাৰণত হাতীৰ আৱাসভূমি সংকুচিত হৈ আহিছে আৰু তাৰ লগে লগে সামন্তৰালভাৱে অসমত হাতী-মানুহৰ সংঘাত ক্ৰমাৎ বাঢ়ি অহাটো পৰিলক্ষিত হৈছে। হাতীৰ প্ৰাকৃতিক আৱাসভূমি সংকুচিত হৈ অহাৰ ফলত হাতীয়ে বিশেষকৈ শীত কালত খাদ্য আৰু পানীৰ সন্ধানত মানুহৰ বসতিপূৰ্ণ এলেকালৈ প্ৰৱেশ কৰিবলৈ লৈছে।

উল্লেখ্য যে হাতীয়ে পকা ধান খাবলৈ খুব ভাল পায় আৰু এই সময়খিনিতেই হাতীয়ে খেতি পথাৰত প্ৰৱেশ কৰি খেতি-মাটি তহিলং কৰে।

অসমৰ বন বিভাগে চলিত বৰ্ষৰ ফেব্ৰুৱাৰিত অসম বিধানসভাৰ বাজেট অধিৱেশনত  জনোৱা তথ্য অনুসৰি, ২০১১ চনৰ পৰা হাতী-মানুহৰ সংঘাতৰ পৰিণতিত ৬৭১ গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে। ইয়াৰ অধিকাংশ ঘটনাই সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ শোণিতপুৰ জিলাত। ২০১৫ চনত সৰ্বোচ্চ ১৪৭ জন লোকৰ মৃত্যু ঘটিছিল। শোণিতপুৰ জিলাত মৃত্যু ঘটিছে ১৩৫গৰাকী ব্যক্তিৰ। তাৰ পাছতেই ওদালগুৰিত ১০৪গৰাকী আৰু গোৱালপাৰাত ৫০ গৰাকী ব্যক্তিৰ মৃত্যু ঘটিছে।

উল্লেখ্য যে ফটকা যোগান ধৰি বন বিভাগে গাঁওৰ লোকসকলক হাতী খেদাত সহায় কৰিছে। হাতীয়ে ফটকাক ভয় কৰে বুলি ভবা হয়। কিন্তু হাতীয়ে যেতিয়া গাঁও আৰু শস্য পথাৰত অভিযান চলায় তেতিয়া ইয়াৰ পৰা কোনো লাভ নহয়।

আজি  পুৱা প্ৰায় ৬-০০ মান বজাত ওদালগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু হৈছে।  ভাৰত-ভুটান সীমান্তৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বৰেঙাজুলিত বনৰীয়া হাতীয়ে আক্ৰমণ কৰি এজন ব্যক্তিক হত্যা কৰিছে।

নিহত ব্যক্তিজনক দশৰথ গৌৰ (৬৫) বুলি চিনাক্ত কৰা হৈছে। স্থানীয় লোকসকলে জনাইছে যে নিহত ব্যক্তিজনে তেওঁৰ গৰুবোৰ ঘাঁহনি পথাৰলৈ চৰাবলৈ নিয়াৰ সময়ত তেওঁ বনৰীয়া হাতীৰ মুখামুখি হয়। বনৰীয়া হাতীয়ে তেওঁক খেদি আহে আৰু গছকি হত্যা কৰে।

ক্ষোভিত গঞাসকলে বন বিভাগত দোষ দি কৈছে যে বিভাগটোৱে হাতী খেদি পঠোৱাৰ ক্ষেত্ৰত গাঁওবাসীসকলৰ সৈতে কোনো সমন্বয় ৰক্ষা কৰা নাই। ধান চপোৱাৰ সময়ত হাতীয়ে শস্য পথাৰলৈ সঘনাই আহে। উল্লেখ্য যে হাতী-মানুহৰ সংঘাতৰ পৰিণতিত জিলাখনত ২১গৰাকী ব্যক্তিৰ লগতে ৪টা হাতীৰ মৃত্যু ঘটিছে।

নংগি তেৰাং/চাজিদ খান

নংগি তেৰাং/চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am
ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am
কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

September 29, 2026 10:50 am
তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am
ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd