NORTHEAST NOW (Assamese)

গোলাঘাটত চেতনানাশক প্ৰয়োগ কৰি বনৰীয়া মেঠোন কৰায়ত্ত; নামবৰ অভয়াৰণ্যত মুকলি

May 14, 2020 7:23 pm · উত্তম শইকীয়া

গোলাঘাটৰ টাৰফাট আহোম গাঁৱত ওলোৱা এটা বনৰীয়া মেঠোনক আজি গোলাঘাটৰ বন বিভাগে চেতনানাশক প্ৰয়োগ কৰি কৰায়ত্ত কৰে।

গোলাঘাটৰ নামবৰ অভয়াৰণ্যৰ পৰা যোৱা নিশা ওলাই আহি টাৰফাট আহোম গাঁৱৰ আশে পাশে শস্যৰ পথাৰৰ অনিষ্ট কৰা বনৰীয়া মেঠোনটোৰ বিৰুদ্ধে স্থানীয় লোকে বন বিভাগৰ ওচৰত আপত্তি কৰিছিল।

ইয়াৰ পিছতে গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত আজি বনৰীয়া মেঠোনটোক পুৱা বেলাতে নামবৰ অভয়াৰণ্যলৈ ঘূৰাই পঠাবলৈ চেষ্টা কৰে যদিও বিফল হয় বনকৰ্মীসকল।

পাচত কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষন কেন্দ্ৰৰ সৈতে যোগাযোগ কৰে গোলাঘাটৰ বন বিভাগে ৷

গোলাঘাটৰ বন সংমণ্ডলৰ ডি এফ অ’ৰ পৰামৰ্শ মতে কেন্দ্ৰটোৰ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে টাৰফাট আহোম গাওঁত বনৰীয়া মেঠোনটোক  চেতনানাশক প্ৰয়োগ কৰি কৰায়ত্ত কৰি স্বাস্থ্য পৰীক্ষা কৰে।

পিচত সম্পূৰ্ণ সুস্থ অৱস্থাত মেঠোনটোক নামবৰ অভয়াৰণ্যত পুনৰ মুকলি কৰি দিয়া হয় ৷

Related News