তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত হাতী মানুহৰ সংঘাত অব্যাহত আছে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ দলে নিতৌ মাৰ্ঘেৰিটা নগৰৰ দাতিকাষৰীয়া অঞ্চলসমূহত উপদ্ৰৱ চলাই আহিছে।
ইতিমধ্যে, বনৰীয়া হাতীৰ আক্ৰমণত বহু লোকে প্ৰাণ হেৰুৱাৰ লগতে, ঘৰ, ভঁৰাল, বাৰীৰ শস্যৰ বিস্তৰ ক্ষতিসাধন হৈছে।
ইয়াৰ মাজতে মাৰ্ঘেৰিটাৰ মাকুমকিল্লাৰ মিৰিকা মাজুলিত বৃহস্পতিবাৰে নিশা খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ বাতৰি পোৱা গৈছে।
মিৰিকা মাজুলি অঞ্চলৰ এটুৱাৰী মোদীৰ নামৰ ব্যক্তিজনৰ বাসগৃহটো বনৰীয়া হাতীয়ে সম্পূৰ্ণ লণ্ডভণ্ড কৰি থৈ যায়।
বনৰীয়া হাতীৰ এই আক্ৰমণৰ সময়ত মোদীৰ পৰিয়ালোৰ লোক নিশা কথমপিহে প্ৰাণ ৰক্ষা পৰে বুলি জানিব পৰা গৈছে।
এই ঘটনাই সম্প্ৰতি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অনহাতে, বৃহত্তৰ মাকুমকিল্লা অঞ্চলটোৰ দীৰ্ঘদিনে হাতীৰ আক্ৰমণ মৃত্যু হোৱাৰ ব্যক্তিৰ লগতে বাসগৃহ, খেতিৰ ধান আদি নষ্ট কৰাৰ বিনিময়ত বন বিভাগৰ পৰা পাব লগা ক্ষতিপুৰণ লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
আজিও বনৰীয়া হাতীয়ে মোডীৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ পাছৰ পৰিস্থিতি বুজ লবলৈ কোনো এজন বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ কৰিছে অঞ্চলটোৰ ৰাইজে। কেৱল মাত্ৰ সাধাৰণ বন কৰ্মীক ঘটনাস্থলীলৈ প্ৰেৰণ কৰি দায়িত্ব সামৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে।
অন্যহাতে বন বিভাগৰ গাড়ী চলাই আহিবলৈ তেল নাই আৰু বন্যহস্তী খেদিবলৈ ফটকা বা আন একো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগৰ ফাণ্ডৰ অভাৱ বুলি কৈ বন কৰ্মী গৰাকীয়ে গা এৰা দিয়া পৰিলক্ষিত হোৱাত অঞ্চলটোৰ ৰাইজে বগা হাতীত পৰিণত হোৱা বন বিভাগৰ এনে পানীত হাঁহ নচৰা অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে।
উল্লেখ যোগ্য যে, ডিগবৈ বন সংমণ্ডলৰ অধীনৰ মাৰ্ঘেৰিটা মহকুমাৰ অধীনৰ মাকুমকিল্লা অঞ্চলত কাঠ চোৰৰ দৌৰত্মই কাষতে থকা দিহিং পাটকাই অভয়াৰণ্যলৈ চৰম ভাবুকিৰ সৃষ্টি কৰিছে লগতে হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে।