• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পঞ্চদশ বিত্ত আয়োগে অসমৰ বান-খহনীয়া সমস্যাক দুৰ্যোগ হিচাপে চিহ্নিত কৰিব নেকি ? কি ক’লে মুখ্যমন্ত্ৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 30, 2020 6:23 pm

3 min read

Power Meeting 5
1.2k
VIEWS
Share on FacebookShare on Twitter

খহনীয়াত মাটি-বাৰী হেৰুওৱা লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে অতিশীঘ্ৰে কেন্দ্ৰৰ ওচৰত এক বিশেষ প্ৰস্তাৱ দাখিল কৰিব ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ নদীৰ খহনীয়া সমস্যাটোক প্ৰাকৃতিক দুৰ্যোগ হিচাপে গণ্য কৰি ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যেই পঞ্চদশ বিত্তþ আয়োগৰ ওচৰত এক প্ৰতিবেদন দাখিল কৰিছিল।

এই প্ৰতিবেদনৰ প্ৰতি সহাঁৰি জনাই আয়োগে নদীৰ খহনীয়া সমস্যাক এক দুৰ্যোগ হিচাপে চিহ্নিত কৰি এছডিআৰএফ আৰু এনডিআৰএফৰ অধীনত সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পৰামৰ্শাৱলী দাখিল কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

ৰাজ্যখনৰ খহনীয়াত মাটি-বাৰী হেৰুওৱা লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে এক বিশেষ প্ৰস্তাৱ দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে এই বিষয়ত বিতং তথ্য সম্বলিত এক প্ৰস্তাৱ অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিব।

এই পদক্ষেপে ৰাজ্যখনৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ দিশত যথেষ্ট সহায়ক হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে চলিত বৰ্ষত এছডিআৰএফ পুঁজিলৈ কেন্দ্ৰীয় অংশ হিচাপে ভাৰত চৰকাৰে ৭৭২ কোটি টকা মঞ্জুৰ কৰিছে। ইয়াৰে ৩৮৬ কোটি টকা ইতিমধ্যে ৰাজ্যখনে লাভ কৰিছে।

বানপীড়িত লোকসকললৈ সাহায্য প্ৰদানৰ লগতে আনুষঙ্গিক কাম-কাজৰ বাবে জিলা উপাযুক্তসকললৈ ৰাজ্য চৰকাৰে ইতিমধ্যে পৰ্যাপ্ত পুঁজি মোকলাই দিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

আশ্ৰয় শিবিৰত থকা লোকসকলৰ লগতে প্ৰতিগৰাকী বানপীড়িত লোকে যাতে সময় মতে পৰ্যাপ্ত পৰিমাণৰ গুণগত, মানসম্পন্ন খাদ্য-সামগ্ৰী, শিশু খাদ্য আৰু  পশুখাদ্য লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনসমূহক নিৰ্দেশ দিয়া হৈছে।

এই ক্ষেত্ৰত কোনোধৰণৰ হেমাহি সহ্য কৰা নহ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ জনসাধাৰণে একেসময়তে কেইবাটাও দুৰ্যোগৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে। কোভিড-১৯, বানপানী, গৰাখহনীয়া, ধুমুহা, আফ্ৰিকান ছ’ৱাইন ফিভাৰৰ বিৰুদ্ধে যুঁজ দিবলগীয়া হৈছে।

ৰাইজৰ সহযোগত আৰু বিভিন্ন বিভাগৰ সহায়ত ৰাজ্য চৰকাৰে এই দুৰ্যোগৰ বিৰুদ্ধে যুঁজ দি আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মথাউৰি নিৰ্মাণ, বানপানী আৰু খহনীয়া এলেকা নিজেই ভ্ৰমণ কৰি চৰজমিন বুজ লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে খহনীয়া প্ৰতিৰোধৰ কাম যুদ্ধকালীন তৎপৰতাৰে কৰাৰ বাবে জলসম্পদ বিভাগক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে ল’কডাউনৰ বাবে মথাউৰি মেৰামতি আৰু নিৰ্মাণকাৰ্য বাধাপ্ৰাপ্ত হৈছিল যদিও ল’কডাউনৰ শিথিলতাৰ মাজলৈ অনাৰ পিছত জলসম্পদ বিভাগে তৎপৰতাৰে কাম আৰম্ভ কৰে।

এই ক্ষেত্ৰত সাংসদ,বিধায়ক, পঞ্চায়ত প্ৰতিনিধি আৰু জনসাধাৰণে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে বানপীড়িত লোকসকলে যাতে কোনোধৰণৰ সমস্যাৰ মুখামুখি হ’বলগীয়া নহয়, তাৰ বাবে উপাযুক্তসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে।

Recent News

index

পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি : দেশৰ এখন জিলাত পুনৰ পালন কৰিব দুদিনীয়া জনতা কাৰ্ফিউ

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd