• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰাৰ হুংকাৰ ভূপেন বৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2024 7:50 pm
Himanta Biswa Sarma Bhupen Borah
369
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব অসম কংগ্ৰেছৰ মুৰব্বী ভূপেন বৰাই। ভূপেন বৰাই শীঘ্ৰেই বিজেপিত যোগদান কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতে এই হুংকাৰ দিছে কংগ্ৰেছ সভাপতিগৰাকীয়ে।

যোৰহাটত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ বক্তব্যৰে চৰ্চিত বিষয়সমূহ অন্য দিশলৈ ঠেলি দিছে বুলি অভিযোগ কৰে। নিজকে শুদ্ধ পথত থকা বুলি বিশ্বাস জন্মাবলৈ কাইলৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰা হ’ব বুলি ভূপেন বৰাই মন্তব্য কৰে।

তেওঁ দাবী কৰে যে এনে ভিত্তিহীন বক্তব্য দিয়াটো এনে এক কৌশল, যি কৌশল হিমন্ত বিশ্ব শৰ্মাই সময়ে সময়ে ব্যৱহাৰ কৰি প্ৰকৃত কাৰণৰ পৰা দৃষ্টি আঁতৰ কৰে। তেওঁ বিজেপিত যোগদান কৰাৰ কোনো কাৰণ নাই বুলিও দাবী কৰে ভূপেন বৰাই।

“মই নাভাবো যে মই যদি বিজেপিত যোগদান কৰো তেন্তে তেওঁলোকে ৰাইজৰ সমস্যা সমাধান কৰিব। তেওঁলোকে অসমৰ ছয় জনগোষ্ঠীৰ সমস্যাৰ সৈতে মোকাবিলা নকৰে বা নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়া কামবোৰো নকৰে।”- তেওঁ লগতে কয়।

তেওঁ লগতে দাবী কৰে যে মুখ্যমন্ত্ৰীয়ে দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হৈছে আৰু সেয়েহে ভিত্তিহীন আৰু অসাৰ বক্তব্য দি সংবাদ মাধ্যম আৰু নাগৰিকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে।

উল্লেখ্য যে লখিমপুৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই দাবী কৰিছিল যে ২০২৫ চনত ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী ভূপেন বৰাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব বুলি তেওঁ নিশ্চিত। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিৰোধী হিচাপে ভূপেন বৰাৰ মুখামুখি হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰ দি তেওঁ এই মন্তব্য কৰে।

Recent News

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

ম্যানমাৰৰ শৰণাৰ্থীৰ প্ৰৱেশৰ অনুমতি প্ৰত্যাহাৰ! ভাৰত চৰকাৰৰ সিদ্ধান্তত তীব্ৰ সমালোচনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd