• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিছদ কলেৰে সদস্য বনোৱা দল ‘মিছিং’ হৈ যাব নেকি অসমত?

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , November 29, 2018 9:20 pm

1 min read

মিছদ কলেৰে সদস্য বনোৱা দল ‘মিছিং’ হৈ যাব নেকি অসমত?
1.2k
VIEWS
Share on FacebookShare on Twitter

মিচদ কলেৰে সদস্য ভৰ্তি কৰা বিজেপি দল অসমত “মিচিং” হৈ যাব নেকি?

জাতি-মাটি-ভেটি ৰক্ষাৰ ঢৌৰে শাসনলৈ আহি মাত্ৰ ডেৰ বছৰতে ব্যাপক জনৰোষৰ সন্মুখীন হোৱা বিজেপিৰ ভৱিষ্যত সন্দৰ্ভত এই সম্ভাৱনাই ব্যক্ত কৰিছে মিত্ৰ অগপৰ প্ৰবীন নেতা পবীন্দ্ৰ ডেকাই।

অসমত তৃণমূল পৰ্য্যায়ত বিজেপিৰ কোনো ভেটি নাই বুলি দাবী কৰি দলটোৰ সদস্য সংখ্যা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে পাটাছাৰকুছিৰ বিধায়কজনে।

‘‘মিচদ কল দি সদস্য হোৱা দল এটাৰনো কি ভেটি থাকিব পাৰে! দলটোৰ নীতি-আদৰ্শ কিবা জানে নে নাজানে ঠিক নাই, মিচদ কল এটা দিছে আৰু সদস্য ভৰ্তি হৈ গৈছে,” ডেকাৰ মন্তব্য।

এটা বিশেষ ফ’ন নম্বৰত মিচদ কল দিয়েই সদস্য কৰাৰ এক নীতি দেশজুৰি প্ৰৱৰ্তন কৰিছিল বিজেপিয়ে। এই অভিযানৰ পিছতে দলটোৰ সদস্য সংখ্যাই ৮.৬ কোটি সদস্য থকা চীনৰ কমিউনিষ্ট দলক অতিক্ৰম কৰি যোৱা বুলি ২০১৫ চনতে দাবী কৰিছিল বিজেপিয়ে।

তৃণমূলত ভেটি নোহোৱাৰ বাবেই মিত্ৰ অগপক লৈয়ে পঞ্চায়ত নিৰ্বাচনত “বিতত” হৈছে বিজেপি, দাবী ডেকাৰ। তেওঁ কয়, ‘‘পঞ্চায়তত পৰাজয়ৰ ভয়ত এতিয়া বিতত হৈছে বিজেপি। সেয়ে বিজেপিৰ প্ৰভাৱশালী নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে অসম গণ পৰিষদক।’’

অগপৰ আমবাৰীৰ কাৰ্য্যালয় ‘‘বিবাহ ভৱন’’ হ’বগৈ বুলি কোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া নিৰ্বাচনী সভাত অগপক কটাক্ষ কৰিবলগীয়া হোৱাটোৱে ডেকাৰ দাবীকে প্ৰতিপন্ন কৰিছে নেকি?

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd