DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জননেতা শৰৎ চন্দ্ৰ সিংহৰ আদৰ্শক ভূলুণ্ঠিত: চাপৰত সুৰাৰ বিপনী স্থাপনৰ সিদ্ধান্ত ,তীব্ৰ প্ৰতিক্ৰিয়া

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
November 24, 2021 2:09 pm
2.7k
VIEWS
Share on FacebookShare on Twitter

‘সোণৰ অসম’ৰ হওক বা নহওক, অসম এতিয়া ‘সুৰাৰ অসম’ হোৱাৰ দিশে আগবাঢ়িছে ৷

ৰাজ্য চৰকাৰে শীঘ্ৰে ধুবুৰী জিলাৰ চাপৰকে ধৰি ১১খন জিলাত নতুনকৈ বিলাতী সুৰাৰ বিপণী অৰ্থাৎ ৱাইন শ্বপ খোলাৰ অনুমতি দিবলৈ ওলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে বিলাতী সুৰাৰ বিপণী খোলাৰ বাবে ইচ্ছুক ব্যৱসায়ীৰ পৰা আবেদন প্ৰ-পত্ৰ বিচাৰি জাননী জাৰি কৰিছে৷

উল্লেখযোগ্য যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা শৰৎ চন্দ্ৰ সিংহই তেওঁৰ জন্মনগৰী চাপৰত যাতে কোনোদিনে বিলাতী সুৰাৰ বিপনী স্থাপন কৰা নহয় তাৰ বাবে নগৰ সমিতি গঠনৰ সময়ত ১৯৮৯ চনতে ৰাজহুৱাভাৱে চাপৰ নগৰ সমিতিক আহ্বান জনাইছিল।

সেইসময়তে চাপৰৰ সিংহপুৰুষসদৃশ প্ৰয়াত ডালিম কুমাৰ মেধিকে ধৰি একাংশ সমাজসেৱকেও চাপৰ নগৰ সমিতিত এই সন্দৰ্ভত এখন আবেদনো দাখিল কৰিছিল।

জননেতাগৰাকীৰ আহ্বানৰ প্ৰতি সন্মান জনাই চাপৰ নগৰ সমিতিয়ে আজিলৈকে চাপৰ নগৰত বিলাতী সুৰাৰ বিপনী স্থাপনৰ অনুমতি দিয়া নাছিল।

কিন্তু মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বাধীন আবকাৰী বিভাগে বিগত ২৫ অক্টোবৰতে ই এক্স-১৪৫/২০১৭/৮৭ নম্বৰ নিৰ্দেশনাযোগে অসমৰ ১১খন জিলাৰ ২০টা স্থানৰ লগতে চাপৰতো ৱাইন শ্বপ খোলাৰ অনুমতি প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জননেতা শৰৎ চন্দ্ৰ সিংহৰ আদৰ্শক পদানত কৰি চাপৰত যাতে বিলাতী সুৰাৰ বিপনী স্থাপন কৰা নহয় তাৰবাবে ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণীকান্ত ৰায়, মুখপাত্ৰ তিলক প্ৰসাদ, বিলাসীপাৰা মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক বাবুজিতু ৰায়, আক্ৰাছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক কৰ্ণ ৰায়, আমছুৰ বিলাসীপাৰা জিলা সমিতিৰ সাধাৰণ সম্পাদক সহিদুল সৰকাৰ, অসম জাতীয় পৰিষদৰ যুৱশক্তিৰ বিলাসীপাৰা জিলা সমিতিৰ মুখ্য উপদেষ্টা আৰিফুল হুছেইন, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উপসভাপতি আতিকুল হুচেইন আদিকে ধৰি বিভিন্ন দল সংগঠনে ৰাজ্য চৰকাৰক আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে।

তেওঁলোকে বঙাইগাওঁত অনুষ্ঠিতব্য কেবিনেটতে উক্ত সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে।

অন্যথা চাপৰবাসী ৰাইজৰ সহযোগত তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হব বুলি সংগঠন কেইটাই মত পোষণ কৰিছে।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd