কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও থানাৰ অন্তৰ্গত নবিনগৰ হৰিনচোৰাত ডাইনীৰ সন্দেহত এগৰাকী বৃদ্ধাক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে নিৰ্মমভাৱে হত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নিহত বৃদ্ধা গৰাকীক নবিনগৰৰ বাসিন্দা বুদ্ধা মূৰ্মুৰ পত্নী ছুমী টুডু (৬০) বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে, এটা অচিনাক্ত দুৰ্বৃত্তৰ দলে মহিলা গৰাকীক এইদৰে চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা কৰে। উল্লেখযোগ্য যে কৰ্মৰ খাতিৰত তেওঁৰ পতি-পুত্ৰ বহিঃৰাজ্যত থাকে।
ঘটনা অনুসৰি বুধবাৰে পুৱা বহু দেৰিলৈকে চুমী টুডু শোৱনী কোঠাৰ পৰা উলাই নহাত ওচৰতে থকা পুত্ৰ বোৱাৰী পুতুল বাস্কেই শাহুয়েকৰ কোনো সাৰ-শব্দ নোপোৱাত তেওঁ শোৱা কোঠাত প্ৰৱেশ কৰি শাহুয়েকৰ ৰক্তাক্ত মৃতদেহ দেখা পাই হতভম্ভ হৈ পৰে।
তেওঁ তৎক্ষণাৎ ওচৰৰ লোকক ঘটনা সম্পৰ্কে খবৰ দিয়াত স্থানীয় শতাধিক লোক ঘটনাস্থলীত উপস্থিত হয়। পিছত কচুগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ আহে।
মন কৰিব লগীয়া যে স্থানীয় একাংশ লোকে বৃদ্ধাগৰাকীক ডাইনীৰ সন্দেহত হত্যা কৰা বুলি সন্দেহ কৰিছে যদিও আন একাংশই আকৌ সম্পত্তিৰ বাবেহে তেওঁক হত্যা কৰা হ’ল বুলি মন্তব্য কৰিছে।
সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে ঘটনাৰ আচল ৰহস্য পোহৰলৈ আহিব।