• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ সমৰ্থন নাই! চৰকাৰৰ আশিস তথা সহযোগ নাথাকিলে বঙালী সমাৰোহ অনুষ্ঠিত নহ’লহেঁতেন : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 16, 2018 8:36 pm
সংবাদমেল দি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

সংবাদমেল দি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অসম চৰকাৰৰ আশিস আৰু সহযোগ নাথাকিলে বঙালী সংগঠনে সমাৰোহ অনুষ্ঠিত কৰিব নোৱাৰিলে হেঁতেন।” মঙলবাৰে দিচপুৰৰৰ মিনিষ্টাৰ কলনিৰ বাসগৃহত অনুষ্ঠিত সংবাদমেলত এই মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত অহা ১৭ নৱেম্বৰত হিন্দু বঙালী সমাৰোহ অনুষ্ঠিত কৰিব বিচৰাক কেন্দ্ৰ কৰি আজি এইদৰে সৰব হৈ পৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকী।

Apply Now

তেওঁ লগতে কয় যে এই সমাৰোহখনে সংঘাতৰ সৃষ্টি কৰিব। তদুপৰি সমাৰোহখন নীতিৰ ভিত্তিত থাকি অনুষ্ঠিত কৰা হ’লে সংঘাত নহয়’ বুলি উল্লেখ কৰি তেওঁ কয়, “কিন্তু নীতিৰ বাহিৰত আছে এই সমাৰোহ।”

উক্ত সংবাদমেলৰ জৰিয়তে গগৈয়ে চৰকাৰক এই সমাৰোহ বন্ধ কৰিবৰ বাবে আহ্বান জনায়।

ইয়াৰোপৰি তেওঁ কয়, “কংগ্ৰছ দলৰ এই সমাৰোহৰ প্ৰতি সমৰ্থন নাই। কাৰণ আমি সমিল-মিলেৰে থকাটো বিচাৰো।”

আনহাতে, একেখন সংবাদমেলতে বিজেপি দলক সমালোচনা কৰি তেওঁ কয় “মোৰ জন্মৰ পৰা অসমৰ বুৰঞ্জীৰ এনে দুৰ্য্যোগৰ সন্মুখীন হোৱা দেখা নাছিলো। ভাৰত স্বাধীন হোৱাৰ পাছৰ পৰা অৰ্থ্যাৎ ১৯৪৭ চনৰ পাছৰ পৰা অসম এনে দুৰ্য্যোগৰ সন্মুখীন হোৱা নাই।”

তেওঁ লগতে কয়, “বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন আনি অসমীয়া জাতিটোকে বিপদাপন্ন কৰিব বিচাৰিছে। আগতে এনে বিপদ অথবা দুৰ্য্যোগ অসমত হোৱা নাছিল।”

তদুপৰি ভাৰতৰ সমূহ ৰাজ্য ভাষাৰ ভিত্তিত গঠিত হৈছিল বুলি দাবী কৰে গগৈয়ে। তেওঁ কয় “ধৰ্মৰ ভিত্তিত কোনো ৰাজ্য গঠিত হোৱা নাই। বিহাৰ বিহাৰী, উৰিষ্যা উৰিয়া, গুজৰাট গুজৰাটী, পাঞ্জাব পাঞ্জাবী ভাষাৰ ভিত্তিতহে গঠন হৈছে।”

উক্ত সংবাদমেলতে তেওঁ দাবী কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কখন অসংবিধানিক। তেওঁৰ মতে “সংবিধানে সকলো ভাষা-ধৰ্মকে সম-অধিকাৰ দিছে। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কে সকলো ভাষা-ধৰ্মকে মষিমূৰ কৰিব।”

“বিদেশী খেদা আন্দোলনত ৮০০তকৈ অধিক লোক চহিদ হৈছিল আৰু ইয়াৰ লগতে বহু কংগ্ৰেছীকো হত্যা কৰাৰ লগতে নিৰ্য্যাতন চলাইছিল।” গগৈয়ে এইদৰে সংবাদমেলত কয়।

আনহাতে, ১৯৭১ চনটোক ভিত্তিবৰ্ষ হিচাপে লৈ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া চলি থকাৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়কখন অপ্ৰাসংগিক বুলি সদৰী কৰে গগৈয়ে। তেওঁ লগতে কয়, “সেই অসম চুক্তিক নস্যাৎ কৰি নিজৰ স্বাৰ্থৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়ক আনি অসমবাসীক ক্ষুভিত কৰিছে। অৱশ্যে অসমবাসী যিমান ক্ষুভিত হ’ব লাগিছিল, হোৱা নাই।”

তেওঁ উক্ত সংবাদমেলৰ জৰিয়তে বিধেয়কৰ বিৰুদ্ধে সকলো দল-সংগঠনক একত্ৰিত হ’বৰ বাবে আহ্বান জনাই কয়, “অসম সাহিত্য সভা, ছাত্ৰ সংগঠন, ৰাজনৈতিক দলসমূহ, সকলো একত্ৰিত হৈ তীব্ৰ আন্দোলন গঢ়ি তুলিব লাগিব। অনথ্যা আমাৰে বিপদ হ’ব।”

তেওঁ লগতে কয় “আমি চুকাফা, বীৰ লাচিতৰ বংশধৰ। আমাৰ শক্তি আছে, বিধেয়কৰ বিৰুদ্ধে আমি আগুৱাই আহিব লাগিব।”

তেওঁৰ মতে, “বিজেপিৰ শাসনৰ সময়ছোৱা অন্ধকাৰৰ যুগ, কাৰণ তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ গৈ আছে।”

গগৈয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অসমৰ মানুহে কি বিচাৰিছে সেই কথা অৱগত কৰিবলৈও সাহস নাই ৰাজ্যিক বিজেপি চৰকাৰৰ।

আনহাতে, অগপই দল ত্যাগ কৰিম বুলি চিঞৰি থকাটো এখন নাটক আখ্যা দি তেওঁ লগতে কয় “অগপই নাটক বাদ দিয়াটো বিচাৰিছো। আঞ্চলিকতাবাদৰ নামত অসমীয়া ভাষাক জলাঞ্জলি দিব বিচৰা দলৰ সৈতে হাত মিলাই থকাটো নিবিচাৰো।”

তেওঁৰ মতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে এন আৰ চি এখন পেলনীয়া কাগজ হৈ পৰিব। তেওঁ লগতে এক তুলনা আগ বঢ়াই কয় যে এন আৰ চিয়ে বিচাৰিছে ১৯৭১ চন আৰু নাগৰিকত্ব সংশোধনী বিধেয়কে ২০১৪ চন। গতিকে ২০১৪ চনটো গৃহীত হ’লে ১৯৭১ চনটোৱেই অনৰ্থক হৈ পৰিব বুলি তেওঁ দাবী জনায়।

ইয়াৰোপৰি তেওঁ কয়, “উচ্চতম ন্যায়ালয়ে মনিটৰ কৰি থাকিলেও সময়ৰ অপব্যৱহাৰ আৰু ধনৰ অপচয় কৰি থকাহে হৈছে। নাগৰিকত্ব বিলখন অহাৰে পৰা এন আৰ চিক মানুহে গুৰুত্ব সহকাৰে নোলোৱা হ’ল।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

July 23, 2026 11:01 am
১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

July 23, 2026 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd