নলবাৰী জিলাৰ মুকালমুৱা সাপ্তাহিক বজাৰত ডাইনী সজাই এগৰাকী মহিলাক খুঁটাত বান্ধি নিৰ্মমভাৱে চলোৱা আক্ৰমণে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ভুক্তভোগী মহিলাগৰাকী হাজোৰ খোপনিকুছিৰ সুবুৰী বেগম। আৰক্ষীয়ে জনোৱা অনুসৰি মহিলাগৰাকী মানসিকভাৱে অসুস্থ আছিল আৰু বিভিন্ন বজাৰে বজাৰে মাগি-খাই জীৱন অতিবাহিত কৰিছিল। খাদ্য বিচাৰি মুকালমুৱা বজাৰলৈ যোৱাৰ সময়তে একাংশ লোকে তেওঁক ডাইনী বুলি সন্দেহ কৰি এই বৰ্বৰ কাণ্ড সংঘটিত কৰে।
উন্মত্ত দলটোৱে মহিলাগৰাকীক এটা খুঁটাত বান্ধি লৈ লাঠিৰে কোবাই থকাৰ লগতে মৰিয়াই আৰু ভুকুৱাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। এই আক্ৰমণৰ ফলত সুবুৰী বেগমৰ শৰীৰৰ বিভিন্ন অংশত গভীৰ ক্ষতৰ সৃষ্টি হৈছে। খবৰ পোৱাৰ পিছতে মুকালমুৱা আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু ততাতৈয়াকৈ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। অৱশ্যে মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁক নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান তেওঁ চিকিৎসালয়ত মৃত্যুৰে যুঁজি থকা বুলি জানিব পৰা গৈছে।
বৰক্ষেত্ৰী মহকুমাৰ অন্তৰ্গত মুকালমুৱা সাপ্তাহিক বজাৰত সংঘটিত এই জঘন্য কাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে ছয়জন লোকক আটক কৰিছে। আটক কৰা লোককেইজন হৈছে ক্ৰমে শ্বাহজাহান আলী, মালেক দেৱান, শ্বাহিদুল ইছলাম, মুকুট ৰহমান, মৰিয়ম বিবি আৰু মাইনুল হক। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মুকালমুৱা আৰক্ষী থানাত ৩২/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতাৰ ১৮৯(২), ১১৭(৪), ১১৮(২), ৭৬ আৰু ১০৯(১) ধাৰাৰ অধীনত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উপ-পৰিদৰ্শক অনিৰ্বাণ ৰাহাঙৰ নেতৃত্বত তদন্তকাৰী দলে আটক কৰা লোককেইজনক অধিক সোধা-পোছা কৰি ঘটনাৰ সবিশেষ তথ্য উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে।





