• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংসদত আজি উত্থাপন হ’ব মহিলা সংৰক্ষণ আৰু সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়ক

এখন ই নাও নিউজ, গুৱাহাটী by এখন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:14 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ থকা তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক আজি সংসদত উত্থাপন হ’ব। লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰা, সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আসন বৃদ্ধি কৰাৰ লক্ষ্যৰে এই ঐতিহাসিক বিধেয়কসমূহ সদনৰ মজিয়ালৈ অনা হ’ব। ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই সংৰক্ষণ ব্যৱস্থা কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

‘নাৰী শক্তি বন্দন অধিনিয়ম’ৰ অধীনত মহিলা সংৰক্ষণৰ বিষয়টো সমষ্টি পুনৰ্নিৰ্ধাৰণ আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ সৈতে সাঙুৰি দিয়া হৈছে। সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগ গঠন কৰাৰ বিধেয়কখনৰ বাহিৰে আন দুখন বিধেয়ক হৈছে সাংবিধানিক সংশোধনী বিধেয়ক। সেয়েহে, এই দুয়োখন বিধেয়ক গৃহীত কৰিবলৈ সদনত উপস্থিত থকা আৰু ভোটদান কৰা সদস্যৰ দুই-তৃতীয়াংশৰ বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ’ব। বিৰোধীয়ে যদি ভোটদানৰ পৰা বিৰত থাকে বা সদন ত্যাগ কৰে, তেন্তে এই সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হ্ৰাস পাব। বৰ্তমান ৫৩৭ গৰাকী সদস্য থকা লোকসভাত বিধেয়ক গৃহীত কৰিবলৈ ৩৬০ টা ভোটৰ প্ৰয়োজন। ইয়াৰ বিপৰীতে শাসকীয় এন ডি এৰ হাতত আছে ২৯৩ গৰাকী সদস্য, অৰ্থাৎ তেওঁলোকক অতিৰিক্ত ৬৭ খন আসনৰ প্ৰয়োজন। আনহাতে, ৰাজ্যসভাত মেজিক সংখ্যা ১৬৩ হোৱাৰ বিপৰীতে ১৪২ জনীয়া এন ডি এক প্ৰয়োজন হ’ব আৰু ২১ খন আসনৰ।

Apply Now

বিৰোধী দলসমূহে মহিলা সংৰক্ষণ বিধেয়কখনক সমৰ্থন কৰিছে যদিও ২০২৯ চনৰ নিৰ্বাচনৰ পূৰ্বে ইয়াক সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সৈতে সাঙুৰি দিয়াৰ চৰকাৰী সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে। বিৰোধীৰ মতে, ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিলে ই কেৱল এন ডি একহে লাভান্বিত কৰিব আৰু সংসদত দক্ষিণৰ ৰাজ্যসমূহৰ প্ৰতিনিধিত্ব বহু পৰিমাণে হ্ৰাস কৰিব। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক্স (পূৰ্বৰ টুইটাৰ) যোগে অভিযোগ কৰে যে, বিজেপিয়ে ২০২৯ চনৰ নিৰ্বাচনত নিজৰ সুবিধাৰ বাবে লোকসভাৰ আসনসমূহৰ সীমা নিজৰ ইচ্ছামতে সলনি কৰিব বিচাৰিছে আৰু এই বিধেয়কৰ জৰিয়তে চৰকাৰে সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগক সম্পূৰ্ণ ক্ষমতা প্ৰদান কৰিব।
প্ৰস্তাৱিত বিধেয়ক অনুসৰি সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত লোকসভাৰ আসনৰ সংখ্যা ৮১৫ লৈ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আসনৰ সংখ্যা ৩৫ লৈ বৃদ্ধি পাব পাৰে।

চৰকাৰৰ বাবে আন এক চিন্তাৰ কাৰণ হৈছে নবীন পট্টনায়কৰ বিজু জনতা দল আৰু কে চন্দ্ৰশেখৰ ৰাওৰ ভাৰত ৰাষ্ট্ৰ সমিতিৰ স্থিতি। পূৰ্বতে চৰকাৰক বিভিন্ন বিষয়ত সমৰ্থন জনোৱা এই দুয়োটা দলেই এতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে চৰকাৰৰ হাতত পৰ্যাপ্ত সংখ্যা আছে বুলি দাবী কৰিছে। তেওঁ কয় যে কোনো দলেই মহিলা সংৰক্ষণৰ বিৰোধিতা কৰা নাই আৰু নীতিগতভাৱে সকলোৱে এই ক্ষেত্ৰত একমত।

এখন ই নাও নিউজ, গুৱাহাটী

এখন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd