• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লোকপিয়ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ চৰ্ত অবিহনে মহিলা সংৰক্ষণৰ দাবী: সাংসদ পি. উইলছনৰ প্ৰস্তাৱ নাকচ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:07 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদত লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ সমষ্টি পুনৰ নিৰ্ধাৰণ অথবা নতুন লোকপিয়লৰ বাবে অপেক্ষা নকৰাকৈয়ে মহিলা সংৰক্ষণ আইন তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ দাবীত উত্থাপিত এখন গুৰুত্বপূৰ্ণ ব্যক্তিগত সদস্যৰ বিধেয়ক (Private Member Bill) ৰাজ্যসভাত অগ্ৰাহ্য কৰা হৈছে। ডি এম কে (DMK) দলৰ জ্যেষ্ঠ সাংসদ পি. উইলছনে যোৱা শনিবাৰে প্ৰকাশ কৰা অনুসৰি, ৰাজ্যসভাৰ অধ্যক্ষই তেওঁৰ এই বিধেয়কখনৰ ওপৰত আলোচনাৰ অনুমতি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পূৰ্বে সাংসদগৰাকীয়ে সংসদৰ নিয়ম ২৫৭-ৰ অধীনত এক জাননী দাখিল কৰি নিৰ্ধাৰিত কাৰ্যসূচী স্থগিত ৰাখি তেওঁৰ এই প্ৰস্তাৱৰ ওপৰত আলোচনা কৰিবলৈ আহ্বান জনাইছিল যদিও অধ্যক্ষই সেই জাননী গ্ৰহণ নকৰাৰ ফলত সদনত বিধেয়কখনক লৈ কোনো বিতৰ্ক সম্ভৱ হৈ নুঠিল।

সাংসদ পি. উইলছনৰ এই প্ৰস্তাৱিত বিধেয়কখনৰ মূল লক্ষ্য আছিল লোকসভাৰ বৰ্তমানৰ ৫৪৩ খন আসনৰ ভিতৰতে মহিলাৰ বাবে সংৰক্ষণ নিশ্চিত কৰা। উল্লেখযোগ্য যে, ২০৫১ চনলৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ  প্ৰক্ৰিয়া স্থগিত ৰাখি বৰ্তমানৰ সমষ্টি পুনৰ নিৰ্ধাৰণ নকৰাকৈয়ে অহা সাধাৰণ নিৰ্বাচনৰ পৰা মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ পোষকতা কৰিছিল সাংসদগৰাকীয়ে। একেধৰণৰ ব্যৱস্থা ৰাজ্যিক বিধানসভাসমূহৰ লগতে দিল্লী, পুডুচেৰী আৰু জম্মু-কাশ্মীৰৰ বিধানসভাৰ বাবেও প্ৰস্তাৱ কৰা হৈছিল। উইলছনৰ মতে, ২০২৩ চনৰ সংবিধান (১০৬তম সংশোধনী) আইনৰ বৰ্তমানৰ গাঁথনিটোৱে মহিলা সংৰক্ষণক ভৱিষ্যতৰ লোকপিয়ল আৰু আসন বৃদ্ধিৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিছে, যাৰ ফলত এই প্ৰক্ৰিয়া অনিৰ্দিষ্টকাললৈ পিছুৱাই যোৱাৰ সম্ভাৱনা আছে।

Apply Now

এই বিধেয়কখনত মহিলা সংৰক্ষণক এক স্থায়ী সাংবিধানিক ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিল। বিধেয়কখনৰ উদ্দেশ্য আৰু কাৰণৰ বিবৰণিত উল্লেখ কৰা হৈছে যে যদি চৰকাৰ সঁচাকৈয়ে মহিলা সংৰক্ষণক লৈ গুৰুত্বশীল, তেন্তে ইয়াক সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে সাঙুৰি দিয়াৰ কোনো প্ৰয়োজন নাই। বৰ্তমানৰ সংসদৰ কাৰ্যকাল শেষ হোৱাৰ লগে লগে বৰ্তমানৰ আসন সংখ্যাৰ ভিত্তিতে ইয়াক কাৰ্যকৰী কৰিব পাৰি। ইয়াৰ দ্বাৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত হ’ব পৰা অনিশ্চয়তা দূৰ হ’ব আৰু মহিলাসকলে নিজৰ প্ৰাপ্য ৰাজনৈতিক অধিকাৰ লাভ কৰিব বুলি ডি এম কে সাংসদগৰাকীয়ে যুক্তি দৰ্শাই।

ইফালে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ  বিষয়টোক লৈও বিধেয়কখনত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। ২০৫১ চনলৈকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক স্থগিত ৰখাৰ যুক্তি দি কোৱা হৈছে যে ইয়াৰ দ্বাৰা ৰাজ্যসমূহে নিজৰ জনসংখ্যা নিয়ন্ত্ৰণৰ লক্ষ্যত উপনীত হ’বলৈ সময় পাব। ইয়াৰ উপৰি, লোকসভাৰ আসন পুনৰ আবণ্টনৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজনীয়তাৰ প্ৰস্তাৱ দি কোৱা হৈছে যে ইয়াৰ দ্বাৰা দেশৰ যুক্তৰাষ্ট্ৰীয় গাঁথনি সুৰক্ষিত থাকিব আৰু কোনো ৰাজ্যৰে প্ৰতিনিধিত্বৰ ক্ষমতা বলপূৰ্বকভাৱে সলনি কৰিব পৰা নাযাব। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে সংসদৰ আসন সংখ্যা ৮৫০ লৈ বৃদ্ধি কৰাৰ বাবে অনা সাংবিধানিক সংশোধনী বিধেয়কখন বিফল হোৱাৰ এদিন পিছতে ডি এম কে-এ এই ব্যক্তিগত বিধেয়কখন উত্থাপনৰ চেষ্টা চলাইছিল।

বিধেয়কখন নাকচ হোৱাৰ পিছত সাংসদ পি. উইলছনে সামাজিক মাধ্যমত চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে মহিলা সংৰক্ষণ প্ৰকৃততে কাৰ্যকৰী কৰিব নিবিচাৰে আৰু কেৱল ‘নাৰী শক্তি’ৰ নামত ৰাজনীতিহে কৰিব বিচাৰিছে। চৰকাৰক প্ৰত্যাহ্বান জনাই তেওঁ কয় যে যদি চৰকাৰ সঁচা অৰ্থত দায়বদ্ধ, তেন্তে লোকপিয়ল বা পৰিসীমনৰ দৰে চৰ্তসমূহ আঁতৰাই তেওঁৰ বিধেয়কখন গ্ৰহণ কৰিব লাগে। এই সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ তামিলনাডুৰ শাসকীয় দল ডি এম কে আৰম্ভণিৰে পৰাই সৰৱ হৈ আছে আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনেও পৰিসীমন বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। অৱশ্যে, যোৱা শুকুৰবাৰে সংসদৰ দুয়োটা সদন অনিৰ্দিষ্টকাললৈ স্থগিত ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই ব্যক্তিগত বিধেয়কখনৰ ওপৰত অধিক আলোচনাৰ পথ বৰ্তমানলৈ ৰুদ্ধ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd