• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংসদত আলোচনা চলি থকাৰ মাজতে মাজনিশা সমগ্ৰ দেশতে কাৰ্যকৰী মহিলা সংৰক্ষণ আইন, অধিসূচনা জাৰি কেন্দ্ৰৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 17, 2026 12:38 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সংসদীয় ৰাজনীতিৰ ইতিহাসৰ এক ঐতিহাসিক মুহূৰ্ত। সমগ্ৰ দেশতে কাৰ্যকৰী হৈছে ‘নাৰী শক্তি বন্দন অধিনিয়ম’ বা মহিলা সংৰক্ষণ আইন ২০২৩। বৃহস্পতিবাৰে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ে বিশেষ অধিসূচনা জাৰি কৰি এই আইনখন ১৬ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা বুলি উল্লেখ কৰে।

২০২৩ চনত সংসদত গৃহীত হোৱা লোকসভা আৰু ৰাজ্য বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ বিধেয়কখনে এতিয়া পূৰ্ণাংগ আইনী ৰূপ পালে।

Apply Now

আইন মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাত উল্লেখ কৰা হৈছে যে সংবিধান (১০৬ সংশোধনী) আইন, ২০২৩ৰ ধাৰা ১ৰ উপ-ধাৰা (২) অনুসৰি কেন্দ্ৰীয় চৰকাৰে এই আইনৰ বিধানসমূহ কাৰ্যকৰী কৰাৰ বাবে ২০২৬ চনৰ ১৬ এপ্ৰিল তাৰিখ নিৰ্ধাৰণ কৰিছে।

যদিও বৰ্তমান লোকসভাত ২০২৯ চনৰ পৰা এই আইনখন কাৰ্যকৰী কৰাৰ সংশোধনী প্ৰস্তাৱ সন্দৰ্ভত বিতৰ্ক আৰু আলোচনা চলি আছে, তথাপিও ১৬ এপ্ৰিলৰ পৰা এই আইনখন কাৰ্যকৰী কৰাৰ তাৰিখ ঘোষণাক লৈ ৰাজনৈতিক মহলত কৌতুহলৰ সৃষ্টি হৈছে।

যদিও আজিৰ পৰা এই আইনখন কাৰ্যকৰী হ’ব, তথাপিও ইয়াৰ ব্যৱহাৰিক ৰূপায়ণত কিছু সময় লাগিব। চৰকাৰী বিষয়াসকলৰ মতে, কিছু ‘কাৰিকৰী’ কাৰণত এতিয়া এই তাৰিখ ঘোষণা কৰা হৈছে। কিন্তু বৰ্তমানৰ লোকসভা বা বিধানসভাত এই সংৰক্ষণক তৎক্ষণাত কাৰ্যকৰী কৰাটো সম্ভৱ নহয়। ইয়াৰ বাবে দুটা ডাঙৰ পদক্ষেপ গৃহীত কৰিব লাগিব – লোকপিয়লঃ ২০২৭ চনত পৰৱৰ্তী লোকপিয়ল সম্পূৰ্ণ কৰিব লাগিব। সমষ্টি পুনৰ্নিধাৰণঃ সেই লোকপিয়লৰ ভিত্তিত নতুন আসন আবণ্টন বা সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে মহিলাসকলে এই ৩৩ শতাংশ সংৰক্ষণৰ সুবিধা লাভ কৰিব।

২০২৩ চনৰ মূল আইন অনুসৰি ২০৩৪ চনৰ আগতে সংৰক্ষণ প্ৰক্ৰিয়া কাৰ্যকৰী হোৱাৰ সম্ভাৱনা নাছিল। কিন্তু বৰ্তমান লোকসভাত তিনিখন নতুন বিধেয়কৰ আলোচনা চলি আছে, যাতে মহিলাসকলে ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পৰা এই সংৰক্ষণৰ সুবিধা লাভ কৰিব পাৰে। চৰকাৰৰ এই লক্ষ্য মনত ৰাখি এই অধিসূচনা অতি তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

উল্লেখ্য যে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সংসদত এই ‘নাৰী শক্তি বন্দন অধিনিয়াম’ গৃহীত হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আইনখনক নাৰী সৱলীকৰণৰ পথত এক বৃহৎ বিজয় বুলি অভিহিত কৰিছিল। এতিয়া ১৬ এপ্ৰিলৰ পৰা এই আইনখন আনুষ্ঠানিকভাৱে কাৰ্যকৰী হোৱাত সেই পথ আৰু প্ৰশস্ত হ’ল।

এতিয়া লক্ষ্যণীয় হ’ব কেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু লোকপিয়লৰ জটিলতা অতিক্ৰম কৰি প্ৰকৃততে দেশৰ বিধানসভা-সংসদৰ এক তৃতীয়াংশ আসন মহিলাই দখল কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd