• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

World Lung Day: কাইলৈ বিশ্ব হাঁওফাঁও দিৱস: ধূমপান-প্ৰদূষণমুক্ত এখন পৃথিৱীৰ সপোন….

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 24, 2022 9:08 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধূমপান-প্ৰদূষণমুক্ত এখন পৃথিৱীৰ সপোনলৈ কাইলৈ সমগ্ৰ বিশ্বজুৰি পালন কৰা হ’ব বিশ্ব হাঁওফাঁও দিৱস।প্ৰতি বছৰে ২৫ ছেপ্টেম্বৰত বিশ্ব হাঁওফাঁও দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে হাঁওফাঁওৰ স্বাস্থ্যৰ বিষয়ে মানুহক সজাগ কৰা।আমাৰ প্ৰকৃতিত পৰিষ্কাৰ আৰু স্বাস্থ্যকৰ বায়ু থকাটো নিশ্চিত কৰাটোও গুৰুত্বপূৰ্ণ, যি হাঁওফাঁওক ৰোগমুক্ত কৰি ৰাখিব পাৰে।

বিশ্ব হাঁওফাঁও দিৱস হৈছে ফ’ৰাম অফ ইণ্টাৰনেচনেল ৰেস্পিৰেটৰী চ’চাইটিজ (এফ.আই.আৰ.এছ.)-এ আৰম্ভ কৰা এটা বিশেষ দিন।

Apply Now

হাঁওফাঁওৰ কৰ্কট ৰোগে আজি বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰিছে। সচৰাচৰ হোৱা কৰ্কট ৰোগবোৰৰ ভিতৰত ইয়ো এটা। ই স্তন, মলাশয় আৰু প্ৰষ্টেট কৰ্কট ৰোগৰ তুলনাত এবছৰত অধিক লোকৰপ্ৰাণ হানি কৰি আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কৰ্কট ৰোগৰ ফলত হোৱা পাঁচজনৰ ভিতৰত প্ৰায় এজনৰ মৃত্যু হয় হাঁওফাঁওৰ কৰ্কট ৰোগত। ২০১২ চনত হাঁওফাঁওৰ কৰ্কট ৰোগী সংখ্যা আছিল ১,৮ নিযুত আছিল।২০১৮ চনত এই সংখ্যা আছিল ২.০৯ নিযুত। তদুপৰি, কেৱল ২০১৮ চনত হাঁওফাঁওৰ কৰ্কট ৰোগত ১.৭৬ নিযুত লোকে প্ৰাণ হেৰুৱাইছিল। হাঁওফাঁওৰ কৰ্কট ৰোগত মৃত্যু ঘটা লোকৰ শতাংশ হাৰ হৈছে ১৭.৮ শতাংশ।

ইণ্টাৰনেচনেল এছ’চিয়েচন ফৰ দা ষ্টাডি অফ লাং কেন্সাৰে হাঁওফাঁওৰ কৰ্কট ৰোগৰ বিষয়ত বিশ্ব সন্মিলনৰ (ডব্লিউচিএলচি) আয়োজন কৰি আহিছে। এয়া হাঁওফাঁওৰ কৰ্কট ৰোগৰ বাবে সমৰ্পিত বিশ্বৰ সৰ্ববৃহৎ সন্মিলন। ১০০ খনতকৈও অধিক দেশৰ ৭০ তকৈও অধিক প্ৰতিনিধিয়েএই সন্মিলনত শেহতীয়াকৈ অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণকাৰীসকলৰ ভিতৰত আছে শল্য চিকিৎসক, ৰেডিয়েচন অংকলজিষ্ট, মেডিকেল অংকলজিষ্ট, পেথলজিষ্ট, এপিডেমিঅ’লজিষ্ট, পালমোনোলজিষ্ট, ৰেডিঅ’লজিষ্ট, বিজ্ঞানী, নাৰ্চ ইত্যাদি আছিল।

বিংশ শতিকাৰ আৰম্ভণিতে হাঁওফাঁওৰ কৰ্কট ৰোগ এক বিৰল ৰোগ আছিল, হাঁওফাঁওৰ কৰ্কট ৰোগৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছিল আৰু ধূমপান বৃদ্ধি হৈ থকাৰ ফলত এনে কৰ্কট ৰোগে পৃথিৱীত ত্ৰাসৰ সৃষ্টি কৰিছে। ধপাতজাত সামগ্ৰী, ঔদ্যোগিক সামগ্ৰী যেনে ইউৰেনিয়াম, এচবেষ্টছ, বিকিৰণ আদি, বায়ু প্ৰদূষণ, আৰু পুষ্টিৰ অভাৱৰ বাবে এনে কৰ্কট ৰোগ হোৱা দেখা যায়। শেহতীয়া অধ্যয়নবোৰে দেখুৱাইছে যে কাৰ্চিনোজেনিক সামগ্ৰীয়ে হাঁওফাঁওৰ কৰ্কটৰোগৰ আশংকা বৃদ্ধি কৰে।
ধূমপান হাঁওফাঁওৰ কৰ্কট ৰোগৰ আন এক প্ৰধান কাৰক  হাঁওফাঁওৰ কৰ্কট ৰোগৰ ৯৪ শতাংশৰ বাবে ধূমপান দায়ী।ধূমপান নকৰা লোকৰ তুলনাত ধূমপান কৰা লোকৰ ক্ষেত্ৰত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ২৪ ৰ পৰা ৩৬ গুণ বেছি। নিষ্ক্ৰিয় ধূমপানত হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা ৩.৫ শতাংশ।

হাঁওফাঁওৰ কৰ্কট ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ বাবে মুখ্য লক্ষণ আৰু স্ক্ৰীণিং বিকল্পবোৰ জনাটো গুৰুত্বপূৰ্ণ।হাঁওফাঁওৰ কৰ্কট ৰোগৰ কিছুমান লক্ষণ হৈছে:- শ্লেষ্মাৰ পৰিৱৰ্তন , কাহিলে তেজ ওলোৱা, বুকু বা পিঠিৰ বিষ,গিলিবলৈ অসুবিধা হোৱা ইত্যাদি।

হাঁওফাঁওৰ কৰ্কট ৰোগ নিৰ্ণয় কৰিবলৈ ব্যৱহৃত পৰীক্ষাবোৰৰ ভিতৰত আছে বুকুৰ এক্স-ৰে, ব্ৰঙ্কোস্কোপী ,বায়োপচি,চিটি আৰু পিইটি স্কেন ইত্যাদি।

আমেৰিকান লাং এছ’চিয়েশ্যনৰ মতে প্ৰতি বছৰে ১.৬ নিযুত লোক হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰ।
চিডিচিৰ মতে প্ৰতি ১৩ জনৰ ভিতৰত ১ জন লোক হাপানিত ভুগি আছে। হাঁওফাঁওৰ ৰোগ, যেনে নিউমোনিয়া, যক্ষ্মা, হাপানি, চিঅপিডি (দীৰ্ঘম্যাদী প্ৰতিৰোধী পালমোনাৰী ৰোগ) আৰু হাঁওফাঁওৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ গুৰুত্ব উপলব্ধি কৰিয়েই কাইলৈ বিশ্ব হাঁওফাঁও দিৱস পালন কৰা হ’ব।

স্বাস্থ্য বিশেষজ্ঞ বিক্ৰম জাগ্গীয়ে কয়, “মানুহে ধূমপান কৰিব নালাগে, প্ৰদূষণৰ বিষয়ে অৱগত হোৱা উচিত আৰু প্ৰদূষণৰ স্তৰ, বায়ুৰ মানৰ বিষয়ে সচেতন হ’ব লাগে। হাঁওফাঁওৰ স্বাস্থ্য নিশ্চিত কৰিবলৈ উপযুক্ত পদক্ষেপ লোৱা উচিত। যোগাসনে হাঁওফাঁওৰ সামৰ্থ্য উন্নত কৰাত যথেষ্ট সহায় কৰে। ফল আৰু পাচলিসমৃদ্ধ আহাৰ খোৱাৰ লগতে পৰ্যাপ্ত ব্যায়াম কৰিব লাগে ।হাঁওফাঁওৰ স্বাস্থ্য নিশ্চিত কৰিবলৈ এইবোৰ কিছুমান সৰল পদক্ষেপ অনুসৰণ কৰিব পাৰি। হাঁওফাঁওৰ কৰ্কট ৰোগ হৈছে এক প্ৰতিৰোধযোগ্য ৰোগ। ইয়াক যিমান আগতে চিনাক্ত কৰা হয়, ইয়াৰ পৰা বাচি থকাৰ সম্ভাৱনা অধিক হয়”।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd