• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত বিশ্ব বাঘ দিৱসৰ কাৰ্যসুচী সম্পন্ন

Uttam Saikia উত্তম শইকীয়া
কাজিৰঙা , July 30, 2020 10:16 am

2 min read

index.jpgs
822
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে ২৯ জুলাইত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাতো বিশ্ব বাঘ দিৱস উদযাপন কৰা হয়৷

কোভিড ১৯ সংক্ৰমনৰ মাজতে অনুষ্টুপীয়াকৈ আয়োজিত এই দিৱসৰ কাৰ্যসুচীত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে অংশ গ্ৰহণ কৰে৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰাত থকা পৰমানন্দ লাহন স্মাৰক প্ৰেক্ষাগৃহত বিয়লি আয়োজিত বিশ্ব বাঘ দিৱসৰ কাৰ্যসুচীত অংশগ্ৰহণ কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ব্ৰহ্মপুত্ৰ উপত্যকাত বাঘৰ বিৱৰ্তনৰ ওপৰত আলোকপাত কৰি বাঘ সংৰক্ষণৰ বাবে সকলোকে আহ্বান জনায়৷

অনুষ্ঠানত বনমন্ত্ৰী গৰাকীৰ উপৰিও বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক তথা মুখ্য বনবল এ এম সিং , প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী ) এম কে যাদৱ, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক এছ পি বৈশিষ্ট, কাজিৰঙাৰ সঞ্চালক পি শিৱকুমা, মুখ্য বন সংৰক্ষক শৈতেন্দ্ৰ সিং, বন সংৰক্ষক ক্ৰমে যতীন শৰ্মা, নাৰায়ণ মহন্ত আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিৰণ্য কুমাৰ চলিহা উপস্থিত থাকে৷

অনুষ্ঠানত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমা গগৈয়ে সকলোকে কাজিৰঙাৰ বিশ্ব বাঘ দিৱসৰ কাৰ্যসুচীলৈ আদৰণী জনোৱাৰ পাচতেই সঞ্চালক পি শিৱকুমাৰে বিশ্ব বাঘ দিৱসৰ তাৎপৰ্য দাঙি ধৰে৷

অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি আৱাস আৰু বাঘৰ ভৱিষ্যতক লৈ এই সচিত্ৰ উপস্থাপন কৰে৷

এই অনুষ্ঠানতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই শেষতীয়া বানত কাজিৰঙাৰ হাতীখুলি চাহ বাগিছাত গঁড়ৰ আক্ৰমণত আহত হোৱা প্ৰাগ নিউজৰ কেমেৰা পাৰ্চন ভাস্কৰ জ্যোতি ৰাজখোৱাৰ চিকিৎসাৰ বাবে ৫০ হেজাৰ টকাৰ চেক আৰু হাতীৰ আক্ৰমণত নিহত হোৱা লখৌজানৰ ললিত দত্তৰ পৰিয়ালক এককালীল আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰে৷

নগাঁও বন সংমণ্ডলৰ বন কৰ্মীৰ মাজত এমষ্ট্ৰীপ পদ্ধতিৰে বাঘ আৰু ইয়াৰ আৱাস নিৰীক্ষণৰ বাবে বনকৰ্মীৰ মাজত উচ্চ প্ৰযুক্তিৰ ম’বাইল বিতৰণ কৰাৰ লগতে শেহতীয়া বানপানীত কাজিৰঙাৰ এনিমেল কৰিড’ৰবোৰত যানবাহনৰ গতি নিয়ন্ত্ৰণ কৰি বন্যপ্ৰাণীক ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰাত সহায় কৰা বিভিন্ন অনুষ্ঠান আৰু মহাবিদ্যালয়ৰ স্বেচ্ছাসেৱকসকলক কাজিৰঙাৰ হৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰে৷

বান পানীত ঢেকীয়াপতীয়া বাঘে বাসগৃহত আশ্ৰয় লোৱা কুঠৰীৰ বাঘজানৰ প্ৰদীৰ বৰাক বাঘ উদ্ধাৰৰ বাবে বনবিভাগলৈ সহযোগিতা আগবঢ়োৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়৷

উল্লেখ্য যে বিশ্ব বাঘ দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণে প্ৰকাশ কৰি তথ্যত ১০৪ টা ঢেকীয়াপতীয়া বাঘৰ উপস্থিতিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলে দেশৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd