• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মঙলবাৰে স্থগিত গংগাত পদক বিসৰ্জনৰ সিদ্ধান্ত: পাঁচ দিনৰ সময়সীমা প্ৰতিবাদী মল্লযুঁজাৰুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2023 8:07 am
Wrestlers Protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অব্যাহত আছে দেশৰ তাৰকা মল্লযুঁজাৰুসকলৰ ন্যায় লাভৰ যুঁজ। যৌন আতিশয্যৰ অভিযোগত মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত দীৰ্ঘদিন ধৰি প্ৰতিবাদ অব্যাহত ৰখা মল্লযুঁজাৰুসকলে দেওবাৰে সন্মুখীন হৈছিল এক অবিশ্বাস্য পৰিস্থিতিৰো।

দেশৰ গৌৰৱ এই তাৰকাসকলে এনে অকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাছতে মঙলবাৰে বিভিন্ন অলিম্পিককে ধৰি বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৰ্জন কৰা পদকসমূহ গংগাত বিসৰ্জন দি ইণ্ডিয়া গেটৰ সন্মুখত আমৰণ অনশনত বহাৰ হুংকাৰ দিছিল।

Apply Now

অৱশ্যে কৃষক নেতা নৰেশ টিকাইটৰ হস্তক্ষেপত প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে মঙলবাৰে হৰিদ্বাৰত গংগাত পদক বিসৰ্জনৰ পৰিকল্পনা সাময়িকভাৱে স্থগিত ৰাখে। কিন্তু একে সময়তে মল্লযুঁজ ফেডাৰেচনৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মল্লযুঁজাৰুসকলে পাঁচ দিনৰ সময়সীমা বান্ধি দিছে।

অন্যথা গংগাত তেওঁলোকে দেশৰ হৈ লাভ কৰা মেডেল বিসৰ্জন কৰিব বুলি স্পষ্ট কৰি দিয়ে মল্লযুঁজাৰুসকলে। উল্লেখ্য যে, মঙলবাৰে যদি খেলুৱৈসকলে গংগাত পদক বিসৰ্জনৰ সংকল্পত অটল থাকিলহেঁতেন, ভাৰতে তেতিয়া দুটা অলিম্পিক পদকৰ লগতে এছিয়ান গেমছ, কমনৱেলথ গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপৰ বহুকেইটা পদক হেৰুৱালেহেঁতেন।

এই পদকসমূহৰ ভিতৰত সাক্ষী মালিকে এটা অলিম্পিক ব্ৰঞ্জৰ লগতে কমনৱেলথ গেমছত লাভ কৰা তিনিটা পদকো আছে। সেইদৰে ভিনেশ ফ’গাটে বিশ্ব চেম্পিয়নশ্বিপৰ দুটা পদক, এছিয়াডত দুটা পদক আৰু কমনৱেলথ গেমছৰ তিনিটা পদক লাভ কৰিছে।

আনহাতে প্ৰতিবাদৰ নেতৃত্ব বহন কৰা অন্যতম এগৰাকী তাৰকা মল্লযুঁজাৰু বজৰং পুনিয়াই অলিম্পিকত ব্ৰঞ্জৰ পদক, বিশ্ব চেম্পিয়নশ্বিপৰ চাৰিটা, এছিয়ান গেমছত দুটা আৰু কমনৱেলথ গেমছৰ তিনিটা পদক লাভ কৰিছে। এই সকলো আন্ত:ৰাষ্ট্ৰীয় পদক মঙলবাৰে গংগাত বিসৰ্জন দিবলৈ সাজু হৈছিল খেলুৱৈসকল।

উল্লেখ্য যে, মল্লযুঁজাৰু ফেডাৰেচনৰ মুৰব্বী ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে কৰা প্রতিবাদ আওকাণ কৰা বুলি অভিযোগ কৰি মল্লযুঁজাৰুসকলে এক আৱেগিক বার্তাযোগে গংগাত পদক বিসৰ্জনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল৷

সাক্ষী মালিক, বজৰং পুনিয়া, ভিনেশ ফ’গাটকে ধৰি শীৰ্ষ খেলুৱৈসকলে টুইট কৰি হিন্দী ভাষাত প্ৰকাশ কৰা এই বিবৃতিটোত উল্লেখ কৰিছিল যে আমাৰ ডিঙিত সজাই তোলা এই পদকবোৰৰ আৰু কোনো অৰ্থ নাই যেন লাগে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ উদ্বোধন কৰাৰ সময়ত দেওবাৰে সংঘটিত হোৱা দমন কাৰ্যসূচীৰ কথা উল্লেখ কৰি মল্লযুঁজাৰুসকলে লগতে কয় যে, “আৰক্ষী আৰু প্ৰশাসন ব্যৱস্থাই আমাক অপৰাধী হিচাপে গণ্য কৰি আছে, আনহাতে হাৰাশাস্তিকাৰীয়ে ৰাজহুৱা সভাত আমাক মুকলিকৈ আক্ৰমণ কৰে।”

বিবৃতিটোত লগতে কোৱা হৈছে যে, “এই পদকবোৰ আমাৰ জীৱন, আমাৰ আত্মা। আজি গংগাত বিসৰ্জন দিয়াৰ পিছত জীয়াই থকাৰ কোনো কাৰণ নাথাকে। গতিকে, তাৰ পিছত আমি ইণ্ডিয়া গেটত আমৰণ অনশন আৰম্ভ কৰিম।”

দেওবাৰৰ দমন কাৰ্যসূচীৰ পাছতে মল্লযুঁজাৰুসকলৰ বাবে যন্তৰ মন্তৰ প্ৰতিবাদস্থলী বন্ধ কৰি দিয়া দিল্লী আৰক্ষীয়ে ইণ্ডিয়া গেটত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দিয়া নহ’ব বুলি জানিবলৈ দিছিল। উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক দিল্লী আৰক্ষীয়ে কৰা আচৰণৰ দৃশ্যই সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি কৰিছিল।

ইফালে, এনে পৰিস্থিতিৰ মাজতে ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ আভ্যন্তৰীণ নিৰ্বাচন সময়মতে অনুষ্ঠিত নকৰিলে ভাৰতীয় মল্লযুঁজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে। এক বিবৃতিত ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে লগতে মল্লযুঁজাৰুসকলক আটক কৰি ৰখাৰ বাবে চিন্তিত আৰু তদন্তৰ ফলাফল শূণ্যতাত হতাশ হোৱা বুলি উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

পুষ্পা ২ ৰ প্ৰদৰ্শনীত ভয়ংকৰ পদপিষ্টৰ ঘটনা : ২২ জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ অভিনেতা আল্লু অৰ্জুনক

June 19, 2026 4:53 pm
টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

টেলিগ্ৰামত ভুৱা প্ৰশ্নকাকতৰ বেহা! দ্বিতীয়বাৰৰ নিট পৰীক্ষাৰ পূৰ্বে ৰাজস্থানত গ্ৰেপ্তাৰ ছাত্ৰ

June 19, 2026 4:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm
গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

গুৱাহাটীৰ পঞ্জাবাৰীৰ পৰা অপহৃত ১৩ বছৰীয়া স্কুলীয়া ছাত্ৰীক অৱশেষত উদ্ধাৰ মেঘালয়ত

June 19, 2026 5:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd