• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মল্লযুঁজাৰুৰ যৌন উৎপীড়ন গোচৰ: ব্ৰিজ ভূষণলৈ দুদিনৰ অন্তৱৰ্তীকালীন জামিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2023 9:12 pm
Wrestlers' protest Brij Bhushan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবাগৰাকীও মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত তথা দেশৰ তাৰকা মল্লযুঁজাৰুসকলৰ আন্দোলনৰ পিছত আইনী বিচাৰৰ অধীনলৈ অহা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বিদায়ী মুৰব্বী, বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙে আজি দিল্লীৰ ৰাউছ এভিনিউ আদালতৰ পৰা দুদিনৰ বাবে অন্তৱৰ্তীকালীন জামিন লাভ কৰে।

অহা ২০ জুলাইৰ নিশা ১২:৩০ বজাত উক্ত আদালততে ব্রিজ ভূষণৰ জামিনৰ বাবে পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। দিল্লী আৰক্ষীয়ে আজি আদালতত অভিযুক্ত ব্ৰিজ ভূষণে গোচৰৰ সৈতে জড়িত কোনো সাক্ষীক সাক্ষাৎ কৰা নাই বুলি নিশ্চিতি দিয়াৰ পিছত জামিন মঞ্জুৰ কৰে আদালতে।

Apply Now

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নিলম্বিত সহকাৰী সম্পাদক বিনোদ টোমৰকো আজি আদালতে জামিন প্ৰদান কৰে। জামিন বণ্ড হিচাপে ব্রিজ ভূষণ সিঙক ২৫ হাজাৰ টকা প্রদান কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে৷ ইফালে সিঙৰ অধিবক্তাই আদালতত মিডিয়া ট্ৰায়েলৰ অভিযোগ উত্থাপন কৰে।

সিঙৰ এই অভিযোগৰ পিছত বিচাৰপীঠে উচ্চ ন্যায়ালয় বা বিচাৰ আদালতৰ সন্মুখত সিঙে এই সন্দৰ্ভত আবেদন দাখিল কৰিব পাৰে বুলি উল্লেখ কৰে আৰু এই আবেদন সন্দৰ্ভত আদালতে উপযুক্ত আদেশ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। অৱশ্যে এই সন্দৰ্ভত কোনো আবেদন দাখিল কৰা নাই সিঙে।

আনহাতে ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ তদন্ত কৰা তদাৰকী পেনেল সন্দৰ্ভত প্রশ্ন উত্থাপন কৰিছে মহিলা মল্লযুঁজাৰুসকলে। পেনেলে ব্ৰিজ ভূষণৰ প্রতি পক্ষপাতিত্ব কৰা বুলি মল্লযুঁজাৰুসকলে অভিযোগ উত্থাপন কৰিছে৷

ভাৰতীয় কিংবদন্তি বক্সাৰ এম চি মেৰী কমৰ নেতৃত্বত চৰকাৰে গঠন কৰা ছয়জনীয়া পেনেলে চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল যদিও পেনেলৰ এই প্ৰতিবেদন ৰাজহুৱা কৰা হোৱা নাছিল। এই লৈ ক্ষোভ প্ৰকাশ কৰিছে ব্ৰিজ ভূষণৰ বিৰুদ্ধে আন্দোলনত নমা মল্লযুঁজাৰুসকলে।

উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে শতাধিক লোকক সোধা-পোছা কৰাকে ধৰি বিশদ তদন্তৰ অন্তত ফেডাৰেচনৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে ১০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে বুলি জানিব পৰা গৈছে। মল্লযুঁজাৰুসকলৰ সপক্ষত সাতগৰাকী সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰা বুলি উল্লেখ কৰি আৰক্ষীৰ সূত্ৰই অভিযুক্তক শাস্তি দিবলৈ চেষ্টা কৰিবলৈ প্ৰমাণ যথেষ্ট বুলিও সদৰী কৰিছিল।

দিল্লী আৰক্ষীয়ে যোৱা ১৫ জুনত অভিযুক্ত ব্ৰিজ ভূষণৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪, ৩৫৪এ, ৩৫৪ডি, ৫০৬ৰ অধীনত অভিযোগনামা দাখিল কৰিছিল। আনহাতে ধাৰা ১০৯, ৩৫৪, ৩৫৪এ আৰু ৫০৬ৰ অধীনত টোমৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd