• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

প্ৰতিবাদী মল্লযুঁজাৰুৰ দাবীলৈ সঁহাৰি: ফেডাৰেচনৰ নিৰ্বাচনত নাথাকে ব্ৰিজ ভূষণৰ কোনো আত্মীয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2023 10:18 am
wrestlers protest WFI election
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ আগশাৰীৰ তাৰকা মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ মাজতে অহা ৬ জুলাইত অনুষ্ঠিত হ’ব ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ বহু প্ৰত্যাশিত নিৰ্বাচন। মঙলবাৰে এক অধিসূচনা জাৰি কৰি এই ঘোষণা কৰিছে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনে নিযুক্তি দিয়া ৰিটাৰ্নিং অফিচাৰে।

উল্লেখ্য যে, সমাগত এই নিৰ্বাচন ভাৰতীয় মল্লযুঁজ ক্ৰীড়াৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ফেডাৰেচনৰ বৰ্তমানৰ সভাপতিৰ দায়িত্বত থকা বিজেপি সাংসদ ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি দীৰ্ঘদিনৰ পৰা আন্দোলন কৰি আহিছে দেশৰ তাৰকা মল্লযুঁজাৰুসকলে।

Apply Now

আন্দোলনৰ সময়ত অলিম্পিয়ান মল্লযুঁজাৰু বজৰং পুনিয়া, সাক্ষী মালিক, ৱিনেশ ফ’গাটৰ দৰে তাৰকা খেলুৱৈ ৰাজপথত আৰক্ষীৰ নিৰ্যাতনৰো সন্মুখীন হৈছে। তাৰ পিছতো সভাপতি ব্রিজ ভূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মল্লযুঁজাৰুসকলে।

প্ৰতিবাদী মল্লযুঁজাৰুসকলে ব্ৰিজ ভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে ফেডাৰেচনৰ নিৰ্বাচনত ব্ৰিজ ভূষণৰ কোনো আত্মীয়কে অৱতীৰ্ণ হোৱাত বাধা আৰোপ কৰিবলৈ দাবী জনাই আহিছে। অৱশ্যে মল্লযুঁজাৰুসকলৰ দাবী অনুসৰি ব্ৰিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলেও দ্বিতীয় দাবীৰ প্ৰতি সঁহাৰি জনোৱা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি বিদায়ী সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ লগতে তেওঁৰ পৰিয়ালৰ কোনো সদস্য তথা তেওঁৰ আন কোনো সহযোগীয়েও আগন্তুক ফেডাৰেচনৰ নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে৷

ইতিপূৰ্বে ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক সিঙৰ পৰিয়ালৰ সদস্য বা তেওঁৰ সহযোগীকো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ’ব বুলি আশ্বাস দিছিল। তাৰ পিছতে মল্লযুঁজাৰুসকলে ১৫ জুনলৈকে প্ৰতিবাদ স্থগিত কৰিছিল।

লক্ষণীয়ভাৱে, সিঙৰ পুত্ৰ কৰণ ভূষণ উত্তৰ প্ৰদেশ মল্লযুঁজ সন্থাৰ মুৰব্বী হোৱাৰ বিপৰীতে জোঁৱাই আদিত্য প্ৰতাপ সিং বিহাৰ ইউনিটৰ মুৰব্বী। সিং পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰ মতে, তেওঁলোকৰ মাজত হোৱা আলোচনা মৰ্মে কৰণ বা আদিত্যইও ডব্লিউ এফ আই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল নকৰে।

কৰণ আৰু আদিত্য- দুয়োগৰাকীয়ে অৱশ্যে নিৰ্বাচনত অংশগ্ৰহণ কৰি ভোটাধিকাৰ সাব্যস্ত কৰিব। আনহাতে ব্ৰিজ ভূষণ চৰণ সিঙে ফেডাৰেচনৰ সভাপতি হিচাপে ১২ বছৰ সম্পূৰ্ণ কৰাৰ বাবে নিয়মানুসাৰে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।

ইফালে, আগন্তুক নিৰ্বাচনত বিজেপিৰ হাৰিয়ানাৰ মুৰব্বী ওম প্ৰকাশ ধনকাৰ আৰু ৰেলৱে ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডৰ প্ৰাক্তন সম্পাদক এন আৰ চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে যদিও নিৰ্ধাৰিত নীতি অনুসৰি তেওঁলোকৰ যোগ্যতা নথকাৰ বাবে সেয়া সম্ভৱ নহ’ব।

ফেডাৰেচনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ যোগ্যতা অৰ্জন কৰিবলৈ প্ৰাৰ্থীগৰাকী কোনো ৰাজ্যিক ইউনিটৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হ’ব লাগিব। কিন্তু ধনকৰ বা চৌধুৰী কোনো এগৰাকী ব্যক্তিয়েই সম্প্ৰতি এনে পদত অধিষ্ঠিত নহয়।

উল্লেখ্য যে, মুঠ ২৫ টা ৰাজ্যিক ইউনিটে আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰিব। প্ৰতিটো ৰাজ্যিক ইউনিটে দুগৰাকীকৈ প্ৰতিনিধি প্ৰেৰণ কৰিব পাৰে। এই দুয়োগৰাকী সদস্যৰ ভোটাধিকাৰ থাকিব। অহা ২৩ জুনত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল আৰম্ভ হ’ব আৰু ২৫ জুনত সমাপ্ত হ’ব।

ইয়াৰ পিছত মনোনয়ন প্ৰস্তুত আৰু প্ৰদৰ্শন কৰা হ’ব। আনহাতে ২৮ জুনত মনোনয়ন পত্ৰৰ পৰীক্ষা কৰা হ’ব। ২৮ জুনৰ পৰা ১ জুলাইৰ ভিতৰত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। তাৰ পিছতে ২ জুলাইত প্ৰতিদ্বন্দ্বিতামূলক প্ৰাৰ্থীৰ চূড়ান্ত তালিকা দাখিল কৰা হ’ব।

আনহাতে ৬ জুলাইত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত একেদিনাই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। স্মৰ্তব্য যে, প্ৰতিবাদী মল্লযুঁজাৰুসকলে ফেডাৰেচনৰ সভাপতি পদত এগৰাকী মহিলা অধিষ্ঠিত হ’ব লাগে বুলি দাবী কৰিছিল। এতিয়া মল্লযুঁজাৰুসকলৰ এই দাবীৰ প্ৰতি কেনে সঁহাৰি জনোৱা হয়, সেয়া হ’ব লক্ষণীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd