• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট লেখক,কবি,সাংবাদিক শিৱপ্ৰসাদ বৰাৰ অকাল বিয়োগ ,নগাঁৱত শোকৰ ছাঁ

মুৰুলী বৰুৱা, নগাঁও by মুৰুলী বৰুৱা, নগাঁও
January 27, 2022 5:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱৰ সংবাদ-সাহিত্য ক্ষেত্ৰ খনত এক শূন্যতাৰ সৃষ্টি কৰি স্বৰ্গগামী হ’ল বিশিষ্ট সাংবাদিক,সু সাহিত্যিক,কবি,সমাজ সংগঠক,অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা শিৱপ্ৰসাদ বৰা ।

আজি পুৱা নগাঁও চহৰৰ আমোলাপট্টিস্থিত হাউচিং কলনীৰ বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু হয় বিশিষ্ট সাংবাদিক গৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫বছৰ।বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ নগাঁও জিলাতে শোকৰ ছাঁ পৰে।

Apply Now

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে,আজি পুৱা দহ বজা পৰ্যন্ত সুস্থ অৱস্থাতেই থকা বৰা ঘৰৰ ভিতৰতে প্ৰায় ১০.৩০বজাত ঢলি পৰে। লগে লগে তেঁওক স্থানীয় ডিউ কেয়াৰ নাৰ্ছিং হোমলৈ নিয়া হয় যদিও চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে।

নগাঁৱৰ ৰাইদঙ্গীয়াৰ বিশিষ্ট শিক্ষাবিদ প্ৰয়াত দেৱকান্ত বৰা আৰু সমাজকৰ্মী প্ৰেমলতা বৰাৰ কনিষ্ঠ পুত্ৰ শিৱপ্ৰসাদ বৰাই ৰাইদঙ্গীয়াতে প্ৰাথমিক বিদ্যালয় আৰু হাইস্কুলীয়া শিক্ষা সাং কৰি নগাঁও মহাবিদ্যালয়ৰ পৰা পি ইউ আৰু গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

ছাত্ৰাৱস্থাৰ পৰাই তেওঁ লিখামেলা কৰাৰ লগতে বিভিন্ন সাহিত্য, সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিল। তাৰোপৰি তেওঁ অসম আন্দোলনৰ লগতো ছাত্ৰাৱস্থাতে জড়িত হৈ পৰি একাধিকবাৰ কাৰাবাস পৰ্যন্ত খাটিব লগীয়া হৈছিল।
শিৱপ্ৰসাদ বৰা অসমৰ সংবাদ ক্ষেত্ৰ খনৰ সৈতে গুৱাহাটীৰ বি বৰুৱা কলেজত পঢ়ি থকা সময়ৰ পৰাই জড়িত হৈ পৰিছিল।

তেওঁ অধুনালুপ্ত আজিৰ অসম কাকতৰ জৰিয়তে সংবাদসেৱা আৰম্ভ কৰি পাছলৈ তিনিদিনীয়া অগ্ৰদূত আৰু আশীৰ দশকৰ পৰা দৈনিক অগ্ৰদূত কাকতৰ নগাঁও জিলা সদৰৰ সাংবাদিক হিচাপে জড়িত হৈ পাছলৈ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে নিয়োজিত হৈ কেইবা বছৰো সংবাদসেৱা কৰে। দৈনিক অগ্ৰদূত কাকতত সংবাদসেৱা আগবঢ়াই থকা সময়তে বৰাই নগাঁৱৰ সংবাদ ক্ষেত্ৰ খনলৈ পৰিৱৰ্তনৰ জোৱাৰ আনিছিল। এগৰাকী আপোচবিহীন সাংবাদিক হিচাপে পৰিচিত বৰা সেই সময়ত ৰজাঘৰ আৰু দুৰ্নীতিগ্ৰস্থ বিষয়া-কৰ্মচাৰীৰ বাবে আতংকৰ কাৰণ হৈ পৰিছিল।যাৰ বাবে তেওঁ ৰজাঘৰ আনকি সেনাৰো নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল।

২০০০-২০০১চনত তেওঁ নগাঁৱৰ পৰা প্ৰকাশিত উপত্যকা নামৰ সাপ্তাহিক কাকত খনৰ সম্পাদক হিচাপে যোগদান কৰে। অৱশ্যে কাকত খন কিছু দিনৰ পাছত বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত তেওঁৰ সম্পাদনাত জন প্ৰহৰী নামৰ আন এখন সাপ্তাহিক কাকত নগাঁও চহৰৰ পৰা কিছুদিন প্ৰকাশ পাইছিল।২০০০চনৰ পাছত বৰাই অসমীয়া প্ৰতিদিন কাকতৰ নগাঁৰ ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে কেইবছৰমান কাম কৰে।

পাছলৈ তেওঁ বৈদ্যুতিন নিউজ চেনেল প্ৰাইম নিউজ, দৈনিক কাকত প্ৰতিবিম্বৰ জৰিয়তেও সংবাদসেৱা আগবঢ়ায়। মৃত্যুৰ সময়লৈকে তেওঁ নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত ৰণাংগনৰ সম্পাদনা উপদেষ্টা হিচাপে কাম কৰি আছিল। তেওঁ জি আই টিৰ সমন্বয়ক হিচাপেও কেইবাবছৰো কাম কৰিছিল। এগৰাকী কবি হিচাপেও প্ৰতিষ্ঠা লাভ কৰা বৰাই ভালে কেইখন গ্ৰন্থ সম্পাদনা কৰিছিল। তেওঁ দৈনিক অগ্ৰদূত, অসমীয়া প্ৰতিদিনকে প্ৰমুখ্য কৰি বিভিন্ন কাকতত নিয়মীয়াকৈ লিখামেলা কৰিছিল। শেহতীয়াকৈ তেওঁ এখন গ্ৰন্থ প্ৰকাশৰ যোজা চলাই আছিল।

ছাত্ৰাৱস্থাৰপৰাই শিৱপ্ৰসাদ বৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিল। তেওঁ ৰাইদঙ্গীয়া আঞ্চলিক ছাত্ৰ সন্থা,ফিফটিন ফ্ৰেইণ্ডছ,যুৱতীৰ্থ,কবিচক্ৰ, নগাঁও গ্ৰন্থ মেলা,সদৌ নগাওঁ ভোগালী বিহু উৎসৱ সমিতি,সদৌ নগাওঁ ৰঙালী বিহু উৎসৱ সমিতি , নগাঁও ভাওণা সমাৰোহ সমিতি আদিৰ সৈতে জড়িত আছিল। তেওঁ উত্তৰ পশ্চিম নগাঁও প্ৰেছ ক্লাবৰ সভাপতি,জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসামৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক,নৱীন লেখক লেখিকা আৰু শিল্পী সমিতিৰ নগাঁও জিলা সমিতিৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মৃত্যু পৰ্যন্ত তেওঁ নগাঁও জিলা মুক্ত সাংবাদিক সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ অসম সাহিত্য সভাৰো আজীৱন সদস্য আছিল।

বিশিষ্ট কবি-সাহিত্যিক, সাংবাদিক শিৱপ্ৰসাদ বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁও চহৰৰ হাউচিং কলনীৰ বাসগৃহত বহু লোকৰ সমাগম হয় আৰু তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰে। তাতেই নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰে।দুপৰীয়া তেওঁৰ মৃতদেহ নগাঁও প্ৰেছ ক্লাবলৈ অনা হয়।তাত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি যাদৱ শইকীয়া, সাধাৰণ সম্পাদক অজিত শইকীয়াকে প্ৰমুখ্য কৰি সাংবাদিক সকলে বৰাক শেষ শ্ৰদ্ধা নিবেদন কৰে।পাছত তেওঁৰ মৃতদেহ ৰাইদঙ্গীয়াৰ বড়ি গাঁৱৰ নিজা বাসগৃহলৈ লৈ যোৱা হয়।তাতো প্ৰাক্তন মন্ত্ৰী তথা অসম বিধানসভাৰ বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা, বিভিন্ন দল,সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি, বিভিন্ন ব্যক্তিয়ে বৰাৰ শৱদেহত মাল্য অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে।পাছত ৰাইদঙ্গীয়াতে অজস্ৰ লোকৰ উপস্থিতিত এক শোকাকূল পৰিৱেশৰ মাজত বৰাৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত বৰাই পত্নী, একমাত্ৰ পুত্ৰ,মাতৃ, জ্যেষ্ঠ ভাতৃ সহ বহু ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।

শিৱপ্ৰসাদ বৰাৰ বিয়োগত বিভিন্ন জনৰ শোক প্ৰকাশ

নগাঁৱৰ বিশিষ্ট সাংবাদিক, সু সাহিত্যিক, কবি শিৱপ্ৰসাদ বৰাৰ অকাল বিয়োগত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, জনসংযোগ দপ্তৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা,সাংসদ গৌৰৱ গগৈ, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ,বিধায়ক নুৰুল হুদা, বিধায়িকা শিবামনি বৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা,মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ,নগাঁও প্ৰেছ ক্লাব, নগাঁও জিলা বাৰ্তাজীৱি সংঘৰ, নগাঁও জিলা মুক্ত সাংবাদিক সন্থা,ধিং প্ৰেছ ক্লাব, বটদ্ৰৱা প্ৰেছ ক্লাব, বেবেজীয়া প্ৰেছ ক্লাব,ৰহা প্ৰেছ ক্লাব, কামপুৰ সাংবাদিক সন্থা,জুৰীয়া প্ৰেছ ক্লাব, ৰূপহী প্ৰেছ ক্লাব, পুৰণিগুদাম প্ৰেছ ক্লাব, চামগুৰি প্ৰেছ ক্লাব, কলিয়াবৰ প্ৰেছ ক্লাব,নগাঁও জিলা সাহিত্য সভা, নগাঁও জিলা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি,অসম জাতীয়তাবাদী যুৱ পৰিষদ,অসম জাতীয় পৰিষদ,ৰাইদঙ্গীয়া আঞ্চলিক ছাত্ৰ সন্থা, নগাঁও জিলা অগপ, নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি কনক হাজৰিকা, সম্পাদক ভাস্কৰ জ্যোতি মেধি,উপসভাপতি হেমেন কুমাৰ দাস,আজুৰ নগাওঁ জিলা সমিতিৰ সভাপতি হৰেশ্বৰ বৰা, সম্পাদক চন্দন জ্যোতি বৰা, ৰণাংগণ প্ৰকাশন গোষ্ঠী,ক্ৰান্তিকাল প্ৰকাশন গোষ্ঠী, বিশিষ্ট কবি ডা°প্ৰয়াগ শইকীয়া, শিক্ষাবিদ ড°শৰৎ বৰকটকী,ড.সুৰজিত কুমাৰ ভাগৱতী আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

মুৰুলী বৰুৱা, নগাঁও

মুৰুলী বৰুৱা, নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd