যিমানেই বিতৰ্কিত নহওক কিয়, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনপ্ৰিয়তা কমা নাই। তেওঁ একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ উপাধি লাভ কৰে। শেহতীয়াকৈ সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ ‘মুড অৱ দ্য নেচন’ৰ সমীক্ষা অনুসৰি দেশৰ ৩৩ শতাংশতকৈ অধিক জনসাধাৰণে যোগীক দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি গণ্য কৰে। এই তালিকাত দ্বিতীয় স্থানত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।
“মূড অৱ দ্য নেচন”-এ দেশৰ ৩০খন ৰাজ্যৰ ১.৩৬ লাখ লোকৰ ওপৰত এক সমীক্ষা চলাই কোনজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী সেই বিষয়ে জানিব পাৰে। য’ত দেশৰ ৩৩ শতাংশতকৈ অধিক লোকে যোগী আদিত্যনাথক শ্ৰেষ্ঠ বুলি ভাবে। অৱশ্যে এই তালিকাত দ্বিতীয় স্থানত থকাৰ পাছতো দেশৰ মাত্ৰ ১৩.৮ শতাংশ লোকেহে অৰবিন্দ কেজৰিৱালক মুখ্যমন্ত্ৰী হিচাপে পছন্দ কৰে। এই তালিকাত তৃতীয় স্থানত আছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। দেশৰ ৯.১ শতাংশ লোকে মমতাক মুখ্যমন্ত্ৰী হিচাপে পছন্দ কৰে। চতুৰ্থ স্থানত আছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন। ৪.৭ শতাংশ লোকে তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। আৰু পঞ্চম স্থান দখল কৰে অন্ধ্ৰ প্ৰদেশৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। ৪.৬ শতাংশ লোকে তেওঁক ভোট দিছিল। লগতে এই তালিকাত আছে ক্ৰমে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, মহাৰাষ্ট্ৰৰ একনাথ শিণ্ডে, কৰ্ণাটকৰ সিদ্দাৰময়া, অসমৰ হিমন্ত বিশ্ব শৰ্মা, উত্তৰাখণ্ডৰ পূষ্কৰ সিং ধামী।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেশৰ ২.২% লোকেহে পছন্দ কৰে৷
যোগী আদিত্যনাথক তালিকাৰ শীৰ্ষত ৰখাৰ আঁৰৰ মানুহৰ দাবী যে যোগী আদিত্যনাথ অহাৰ পিছৰ পৰা যোৱা সাত বছৰত উত্তৰ প্ৰদেশৰ আইন-শৃংখলাৰ বহুখিনি উন্নতি হৈছে। তেওঁ অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যদিও আইনৰ দৃষ্টিত এই কঠোৰ পদক্ষেপ বাৰে বাৰে বিতৰ্কৰ কেন্দ্ৰবিন্দুলৈ আহিছে। বেলাগাম এনকাউণ্টাৰ, অপৰাধীৰ সম্পত্তি জব্দ, অভিযুক্তৰ ঘৰ বুলডজাৰ আদি কেইবাটাও নীতিক সমালোচনা কৰিছে উচ্চতম ন্যায়ালয়ে। কিন্তু বাস্তৱত সেই নীতিৰে যোগী জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছে।