গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে ৭৪ সংখ্যক আন্তঃৰাজ্যিক মাণ্ডলিক ছিনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতা। ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা খেলুৱৈসকল আহি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ বাবে শনিবাৰে গুৱাহাটীত বাহৰ পাতিছে। সৰ্বমুঠ ৩৯ টা বিভাগত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত দেশৰ ৪০০ গৰাকী প্ৰতিযোগীয়ে ভাগ লৈছে।
অসম বেডমিণ্টন সন্থাই প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যাৱতীয় সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে। আজি ৰাতিপুৱা ১০ বজাৰ পৰা প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ খেল সমূহ আৰম্ভ হৈছে। আনহাতে, প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব ১১ ফেব্ৰুৱাৰিত।
অসম বেডমিণ্টন সংস্থাই ইতিমধ্যে প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলা শাখাত অংশগ্ৰহণ কৰিবলগীয়া ২৩ জনীয়া দল এটা ঘোষণা কৰিছে।
ঘোষিত দল দুটাৰ খেলুৱৈসকল হ’ল :
পুৰুষ দলটো- অঞ্জন বুঢ়াগোহাঁই (অধিনায়ক),হীৰকজ্যোতি নেওগ, অৰিজিৎ চলিহা, ইমন সোণোৱাল, সংগ্ৰাম চুতীয়া, ৰিতুপৰ্ণ বৰা, ৰঞ্জন বুঢ়াগোঁহাই, ৰাজদীপ শৰ্মা, প্ৰজ্ঞানজ্যোতি গগৈ, ৰাজশেখৰ দাস, অয়ন ৰছিদ, সূৰয গোৱালা আৰু মণিমুগ্ধ ৰাজকোঁৱৰ।
মহিলা দলটো-অস্মিতা চলিহা (অধিনায়ক), মেঘা মূৰ্চ্ছনা বৰা, মাইনী বৰুৱা, মনালী বৰা, ঈশাৰাণী বৰুৱা, দেৱাহুতি লাহন, চিমৰাণ কলিতা, মিনাৰা পাকিজা উল্লা, ছুজেন বুঢ়াগোঁহাই আৰু সংঘমিত্ৰা শইকীয়া।