• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“আমাৰ বাবে আপোনাৰ জীয়াই থকাটো জৰুৰী, অনুগ্ৰহ কৰি অনশন প্ৰত্যাহাৰ কৰক’’, অসুস্থ সোণমক অনুৰোধ মহুৱাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2026 5:18 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ যন্তৰমন্তৰত নিট প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ প্ৰতিবাদত অনশনত বহা লাডাখৰ সমাজকৰ্মী তথা শিক্ষাবিদ সোণম ৱাংচুকৰ শাৰীৰিক অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিছে। এই পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি তেওঁক অনশন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাইছে কৃষ্ণনগৰৰ তৃণমূল সাংসদ মহুৱা মৈত্ৰই। মঙলবাৰে ছচিয়েল মিডিয়াত এটা পোষ্ট যোগে সাংসদগৰাকীয়ে লিখে যে চৰকাৰে আপোনাৰ আৰু কোটি কোটি যুৱকৰ জীৱনক লৈ অলপো চিন্তিত নহয়। কিন্তু আমাৰ বাবেই আপুনি জীয়াই থকাটো অতি জৰুৰী। সেয়েহে অনুগ্ৰহ কৰি অনশন প্ৰত্যাহাৰ কৰক আৰু এই যুঁজ অব্যাহত ৰাখক। মহুৱা মৈত্ৰই সোণমক ছাৰ বুলি সম্বোধন কৰি কয় যে ন্যায়ৰ দাবীত দেশৰ যুৱসমাজক একত্ৰিত কৰাৰ ক্ষেত্ৰত তেওঁৰ এই অনশন ইতিমধ্যে সফল হৈছে।

মেডিকেলৰ প্ৰৱেশিকা পৰীক্ষা নিটৰ প্ৰশ্নকাকত ফাদিল কাণ্ডত কেন্দ্ৰীয় চৰকাৰৰ নীৰৱতা আৰু উদাসীনতাৰ প্ৰতিবাদত দিল্লীত এই আন্দোলন চলাই আছে সোণমে। মঙলবাৰে তেওঁৰ এই অনশন আন্দোলনে ১৭ দিনত ভৰি দিয়ে। একেৰাহে চলি থকা অনশনৰ ফলত ইতিমধ্যে তেওঁৰ শৰীৰৰ ওজন প্ৰায় ৮.২ কিলোগ্ৰাম হ্ৰাস পাইছে। আন্দোলনকাৰী ককৰোচ জনতা পাৰ্টিৰ তৰফৰ পৰা সোমবাৰে জানিবলৈ দিয়া অনুসৰি, সোণমৰ তেজত গ্লুকজৰ মাত্ৰা উদ্বেগজনকভাৱে কমি প্ৰতি ডেচিলিটাৰত মাত্ৰ ৬৭ মিলিগ্রাম হৈছেগৈ আৰু ৰক্তচাপ ১০৭/৭০ লৈ নামিছে। ইমান বেয়া স্বাস্থ্যৰ মাজতো এই সমাজকৰ্মীজন নিজৰ দাবীত অটল হৈ আছে।

Apply Now

সোমবাৰে যন্তৰমন্তৰৰ অনশন মঞ্চত উপস্থিত হৈ সোণমৰ এই যুঁজৰ প্ৰতি সমৰ্থন আগবঢ়ায় দেশৰ কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীৱী আৰু শিল্পীয়ে। তেওঁলোকৰ ভিতৰত আছিল বিশিষ্ট লেখিকা অৰুন্ধতী ৰায়, অভিনেতা নাছিৰুদ্দিন শ্বাহ, ৰত্না পাঠক শ্বাহ আৰু বিশিষ্ট অৰ্থনীতিবিদ জয়তী ঘোষ। তেওঁলোকেও সোণমৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতিক লৈ চিন্তা প্ৰকাশ কৰি তেওঁক অনশন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়।

নিট বিতৰ্কত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যোৱা ২০ জুনৰ পৰা দিল্লীৰ যন্তৰমন্তৰত আন্দোলন আৰম্ভ কৰিছিল ককৰোচ দলে। প্ৰথমৰে পৰা এই আন্দোলনৰ কাষত থিয় দিছিল সোণম ৱাংচুকেই। পিছত তেওঁ ঘোষণা কৰে যে কেন্দ্ৰীয় চৰকাৰে যদি ২৭ জুনৰ ভিতৰত প্ৰশ্নফাদিলক লৈ কোনো যোগাত্মক পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে তেওঁ অনশনত বহিব। কেন্দ্ৰৰ পৰা কোনো সঁহাৰি নোপোৱাত যোৱা ২৮ জুনৰ পৰা আমৰণ অনশন আৰম্ভ কৰে লাডাখৰ এই সমাজকৰ্মীগৰাকীয়ে।

আন্দোলনকাৰীসকলৰ মঞ্চৰ পৰা ককৰোচ দলৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে ক্ষোভ প্ৰকাশ কৰি লিখে যে চৰকাৰলৈ অনুৰোধ, বিষয়টোক যেন অহংকাৰৰ যুঁজ হিচাপে লোৱা নহয়। ইয়াত মানুহৰ জীৱন বাজি ৰখা হৈছে। ভুল স্বীকাৰ কৰাটো দুৰ্বলতা নহয়, বৰঞ্চ সেয়া শুধৰাই লোৱাৰ সদিচ্ছাৰহে লক্ষণ।

অনুগামীসকলৰ উদ্দেশ্যি সোণমৰ বাৰ্তা অৱশ্যে অত্যন্ত সাধাৰণ আৰু মাটিত ভৰি থকা মানুহৰ দৰে। তেওঁ জানিবলৈ দিছে যে তেওঁ কোনো গান্ধী নহয়, বা কোনো নায়কো নহয়। তেওঁ অতি সাধাৰণ এজন মানুহ। সেয়ে সকলোকে নিজৰ নায়ক নিজে হ‘বলৈ আৰু এজন নাগৰিক হিচাপে নিজৰ দায়িত্ব পালন কৰিবলৈ তেওঁ আহ্বান জনাইছে। অহা ২০ জুলাইত এই আন্দোলনৰ পৰিসৰ বৃদ্ধি কৰি সংসদ অভিযানৰো ডাক দিছে আন্দোলনকাৰী ককৰোচ দলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

August 3, 2026 8:53 pm
কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

August 3, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

গুজৰাট, বিহাৰ আৰু মধ্যপ্ৰদেশৰ উপনিৰ্বাচন : দুটা আসনত বিৰোধীৰ সফলতা, গুজৰাটত নাক ৰাখিলে বিজেপিয়ে

August 3, 2026 9:34 pm
৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

৩০ বছৰৰ বিজেপিৰ দুৰ্গ ৩০ দিনত ধূলিসাৎ! প্ৰশান্ত কিশোৰৰ জয়ে লালু আৰু বিজেপিক দিলে কঠোৰ বাৰ্তা

August 3, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd