NORTHEAST NOW (Assamese)

দুটা পিষ্টলৰ সৈতে অৰুণাচলত গ্ৰেপ্তাৰ অসমৰ যুৱক

October 24, 2019 10:33 am · প্ৰফুল্ল কামান
ফটো : নৰ্থ-ইষ্ট নাও

বুধবাৰে অসম-অৰুণাচল সীমান্ত ৰাকছিনৰ পৰা অৰুণাচল আৰক্ষীয়ে এজন যুৱকক অবৈধভাৱে অস্ত্ৰ-শস্ত্ৰ কঢ়িওৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে যুৱকজনৰ পৰা দুটা পইণ্ট ৩২ পিষ্টল জব্দ কৰিবলৈ সক্ষম হয়।

যুৱকজন অস্ত্ৰ-শস্ত্ৰৰ সৈতে অহা বুলি আৰক্ষীয়ে এটা নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল। সেই তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে ৰাকছিন চেক গেইটত তালাচী চলাই যুৱকজনক গ্ৰেপ্তাৰ কৰে।

অস্ত্ৰ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা যুৱকজন ধেমাজি জিলাৰ জোনাই আৰক্ষী থানাৰ অন্তৰ্গত বাহিৰ জোনাইৰ হিতেশ্বৰ কুংবাং বুলি চিনাক্ত কৰিছে।

অস্ত্ৰ সৰবৰাহ তথা অবৈধ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে অন্য দুজন যুৱককো আটক কৰিছিল যদিও পাছত যুৱক দুজনক এৰি দিয়ে।

ভাৰতীয় দণ্ডবিধিৰ অধীনত ২৫(১এ)/ ২৯(এ) আৰু (বি) ধাৰাৰ অধীনত যুৱকজনৰ বিৰুদ্ধে অৰুণাচলৰ ৰাকছিন থানাত এটা গোচৰ ৰুজু কৰা হৈছে।

ইফালে আৰক্ষীয়ে এই পৰ্যন্ত যুৱকজন কোনো বিদ্ৰোহী সংগঠনৰ সৈতে জড়িত নে অইন কিবা সেই সম্পৰ্কে একো জনোৱা নাই যদিও তদন্ত চলাই থকা বুলি জানিব পৰা গৈছে।

‘ঘটনাটো সম্পৰ্কত আমি তদন্ত আৰম্ভ কৰিছো আৰু তদন্তৰ অন্ততহে সকলো কথা পোহৰলৈ আহিব’, এইদৰে কয় পূব ছিয়াঙৰ আৰক্ষী অধীক্ষক ৰাজীৱ ৰঞ্জন সিঙে।

Related News