• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

অকালতে ডায়েবেটিছৰ কবলত নতুন প্ৰজন্ম: মানসিক চাপ আৰু টোপনিৰ অভাৱৰ ভয়াবহতা সন্দৰ্ভত বিশেষজ্ঞৰ সকীয়নী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2026 6:45 am
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী: বৰ্তমান সময়ত কম বয়সতে ডায়েবেটিছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। এই উদ্বিগ্নতাৰ মূল কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত ডায়েবেটোল’জিষ্ট ডাঃ দীনেশ আগৰৱালাই শেহতীয়াকৈ গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰিছে।

মানসিক চাপ আৰু খেলা-ধূলাৰ অভাৱ: ডাঃ আগৰৱালাৰ মতে, আজিকালি শিশু আৰু কিশোৰসকলৰ মাজত মানসিক চিন্তা বা মানসিক চাপ (Mental Stress) যথেষ্ট বৃদ্ধি পাইছে। বিশেষকৈ পঢ়া-শুনা আৰু হোমৱৰ্কৰ হেঁচাত শিশুসকলে স্বাভাৱিক খেলা-ধূলাৰ কথা পাহৰি গৈছে। আনকি দেওবাৰৰ দিনটোতো গান, নাচ বা অন্যান্য অতিৰিক্ত ক্লাছত ব্যস্ত থাকিবলগীয়া হোৱাৰ বাবে তেওঁলোকে জিৰণি ল’বলৈ সময় নাপায়। এই অত্যাধিক মানসিক চাপৰ ফলত শৰীৰত যিবোৰ হ’ৰমনৰ সৃষ্টি হয়, সেইবোৰে পৰৱৰ্তী সময়ত ডায়েবেটিছ ৰোগৰ সৃষ্টিত অৰিহণা যোগায়।

Apply Now

নিদ্ৰাহীনতা আৰু বিসংগতিপূৰ্ণ জীৱনশৈলী: কেৱল মানসিক চাপেই নহয়, নিদ্ৰাহীনতাও ডায়েবেটিছৰ এক অন্যতম প্ৰধান কাৰণ বুলি ডাঃ আগৰৱালাই উল্লেখ কৰে। তেওঁ কয় যে বৰ্তমান সময়ত নিশা দেৰিকৈ শোৱা আৰু পলমকৈ নৈশ আহাৰ গ্ৰহণ কৰাটো বহুতৰে অভ্যাসত পৰিণত হৈছে। ইয়াৰ ফলত শৰীৰৰ স্বাভাৱিক জৈৱিক ছন্দ বা ‘চাৰ্কেডিয়ান ৰিদম’ (Circadian Rhythm) বিঘ্নিত হয়। ইয়াৰ প্ৰভাৱত দেহত ক্লান্তি, মনোযোগৰ অভাৱ, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু ডায়েবেটিছৰ দৰে সমস্যাই দেখা দিব পাৰে।

পৰিত্ৰাণৰ উপায়: এই জটিল ৰোগসমূহৰ পৰা হাত সাৰি থাকিবলৈ ডাঃ দীনেশ আগৰৱালাই তলত দিয়া পৰামৰ্শসমূহ আগবঢ়াইছে:

  • চিন্তামুক্ত জীৱন: যিমান পাৰি নিজকে মানসিক চিন্তাৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰিব লাগে।
  • শাৰীৰিক পৰিশ্ৰম: প্ৰতিদিনে যোগাসন বা ব্যায়াম কৰাটো অতি জৰুৰী।
  • নিয়মিত শৰীৰচৰ্চা: সপ্তাহত অন্ততঃ ৫ দিন ৩০ মিনিটকৈ নিয়মীয়া শৰীৰচৰ্চা কৰিব লাগে।
  • সুশৃংখল জীৱন ধাৰণ: খাদ্য গ্ৰহণ আৰু শোৱাৰ সময় সঠিক কৰি জীৱন ধাৰণৰ প্ৰণালীটো নিয়াৰিকৈ ৰখা উচিত।

নিজে চিন্তামুক্ত হৈ থকাৰ লগতে এটা সক্ৰিয় জীৱনশৈলী গ্ৰহণ কৰিব পাৰিলেহে ডায়েবেটিছৰ দৰে ৰোগৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ বুলি তেওঁ মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছোনিয়া গান্ধীক ‘ইটালিয়ান চশমা’ খুলিবলৈ পৰামৰ্শ বিজেপিৰ! কাৰণ জানিলে আচৰিত হ’ব

ছোনিয়া গান্ধীক ‘ইটালিয়ান চশমা’ খুলিবলৈ পৰামৰ্শ বিজেপিৰ! কাৰণ জানিলে আচৰিত হ’ব

November 7, 2026 6:18 pm
নভাৰ্টিছৰ জিন থেৰাপীৰ ভয়াৱহ পৰিণাম! চিকিৎসাধীন শিশুৰ শৰীৰত কেন্সাৰৰ টিউমাৰ

নভাৰ্টিছৰ জিন থেৰাপীৰ ভয়াৱহ পৰিণাম! চিকিৎসাধীন শিশুৰ শৰীৰত কেন্সাৰৰ টিউমাৰ

November 7, 2026 4:30 pm
‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘ই-২০ এতিয়া ৪২০ লৈ পৰিণত হৈছে!’ মোদী চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

November 7, 2026 3:45 pm
লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

লৰেন্স বিষ্ণৈ গেংৰ দুৰ্ধৰ্ষ অপৰাধী আমেৰিকাত আটক! চলমান খানক ভাবুকি দিয়াৰ পাছত কিদৰে পৰিল জালত?

November 7, 2026 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছোনিয়া গান্ধীক ‘ইটালিয়ান চশমা’ খুলিবলৈ পৰামৰ্শ বিজেপিৰ! কাৰণ জানিলে আচৰিত হ’ব

ছোনিয়া গান্ধীক ‘ইটালিয়ান চশমা’ খুলিবলৈ পৰামৰ্শ বিজেপিৰ! কাৰণ জানিলে আচৰিত হ’ব

November 7, 2026 6:18 pm
নভাৰ্টিছৰ জিন থেৰাপীৰ ভয়াৱহ পৰিণাম! চিকিৎসাধীন শিশুৰ শৰীৰত কেন্সাৰৰ টিউমাৰ

নভাৰ্টিছৰ জিন থেৰাপীৰ ভয়াৱহ পৰিণাম! চিকিৎসাধীন শিশুৰ শৰীৰত কেন্সাৰৰ টিউমাৰ

November 7, 2026 4:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd